#কুলি_এৰাখাঁটি_(Large_cuckooshrike)
এইবিধ চৰাই শীতকালত অসমৰ কাঠনি অঞ্চলত বিচৰণ কৰে। মোৰ দেখাৰ সৌভাগ্য হৈছিল যোৰহাটৰ চৰলাবিলৰ চৌপাশৰ সেউজ বনাঞ্চলত ডিচেম্বৰৰ এটি ৰ’দ কোমল শীতৰ পুৱাত। আকাৰত কুলি চৰাইৰ সমান। ঠোঁট কৃষ্ণবৰ্ণৰ। চকু যুৰিৰ বলয় ক’লা। ডেউকা প্ৰায় ক’লা। বক্ষ অংশ মাতৃ কুলি চৰাইৰ লগত সাদৃশ্য আছে। মূৰ আৰু পিঠিৰ অংশ ধূসৰ ছাই বৰণৰ, ঠেং ক’লা। শীত যোৱাৰ লগে লগে এই চৰাইবিধো কোনোবা অজান্তি মলুকলৈ প্ৰস্থান কৰে।
Tell us about your thoughtsWrite message