আহিন সোমোৱাৰ লগে লগে অসমৰ চাহ বাগিছা সমূহত ভূমুকি মাৰে ‘বাগান সোণাৰু’ৰ (Cassia siamea) ফুলে আৰু সততে মানুহৰ দৃষ্টি আকৰ্ষণ কৰে। বাগিছা সমূহ জাতিষ্কাৰ কৰি ৰখা বাগান সোণাৰুৰ হালধীয়া পৰশত এতিয়া শৰতৰ মৃদু হিল্লোল। প্ৰকৃতিয়ে ধাৰণ কৰিছে নান্দনিক ৰূপ।অনুভুতি-প্ৰৱণ মন বিলাকক আলোড়িত কৰিছে এই নৈসৰ্গিক পৰিৱেশে। উজ্জীৱিত কৰি তুলিছে ‘সেউজীয়া সোণৰ’ স্ৰষ্টা চাহ কৰ্মী সকলৰ মন-প্ৰাণ আৰু কৰ্ম প্ৰেৰণা যোগাইছে সেউজীয়া সপোন গঢ়াৰ। বাগান সোণাৰুৰ ছত্ৰছায়াত জীপাল হৈ উঠিছে চাহ বাগিছা সমূহ। সময়ৰ আচোঁৰে কাঢ়ি নিয়া সেউজ সম্পদৰ খালী ঠাই অলপ হলেও পূৰ কৰি গোলকীয় উষ্ণতা নিয়ন্ত্ৰণত সহায় কৰিছে বাগান সমূহত ৰোপণ কৰা অসংখ্য বাগান সোণাৰুৱে। Nitrogen fixation-ৰ ক্ষেত্ৰতো এই গছৰ ভুমিকা অনন্য। চিৰসেউজ হৈ থাকক আমাৰ প্ৰকৃতি আই।






Tell us about your thoughtsWrite message