নামটো Rain Tree (Samanea saman)…দূৰৈৰ পৰাই দৃশ্যমান বিৰাটকায় গাম্ভীৰ্য্যপূৰ্ণ গছজোপাৰ বিশালতাৰ সন্মুখত কিবা এক অবুজ আৱেগত মুৰ দোঁ খাই যায়। প্ৰাতঃ ভ্ৰমণত এই চিৰসেউজ গছৰ তলেদি যাওতে মূখৰ হৈ থকা পুৱতি চৰাইৰ কীলৱিল শব্দত কিবা এক মাদকতা অনুভৱ কৰো। ভাৰতৰ ভিন্ন ঠাইৰ লগতে অসমতো এই গছৰ বহুল পয়োভৰ। এবাৰ গোৰখপুৰৰ পৰা সুণৌলী হৈ নেপালৰ লুম্বিনীলৈ (ভগৱান বুদ্ধৰ জন্ম স্থান) যাওঁতে মাজে মাজে সেৰেঙা অৰন্য পাইছিলো। বাটৰ কাষৰ গুলপীয়া ফুলেৰে সুশোভিত এই বিশাল বৃক্ষৰ সৌন্দৰ্যই বাৰুকৈয়ে আকৰ্ষণ কৰিছিলে। এই ভ্ৰমণ আজিও স্মৃতিৰ বনত অতীতৰ বৰ্ণিল দাপোন হৈ ৰ’ল। যোৰহাট-তিতাবৰ সংযোগী গড়আলিৰ দুয়ো কাষে শাৰী শাৰীকৈ জনৈক প্ৰকৃতি প্ৰেমীয়ে ৰোপণ কৰা গছ কেইজোপাক স্থানীয় ৰাইজে প্ৰতি পালন কৰি (ৰঙাজান) প্ৰকৃতি প্ৰেমৰ মহান নিদৰ্শন ডাঙি ধৰিছে। ই বৰ্তমান Rain Tree corridorলৈ ৰূপান্তৰিত হৈছে। পথিকৰ দৃষ্টি আকৰ্ষণ কৰে। বেলি লহিওৱাৰ পৰত পোহৰ সংবেদনশীল পাতবোৰ জাপ খাই । বৰষুণ অহাৰ আগতো গছজোপাৰ পাতবোৰ জাপ খাই বৰষুণ অহাৰ আগজাননী দিয়ে। নিৰ্জন ৰাতি ফুল বিলাক সৰি পৰোতে বৰষুণৰ দৰে শব্দ কৰে। হয়তো সেয়েহে এই গছক বৰ্ষা বৃক্ষ বোলে। বসন্ত কালত গছজোপা হৈ পৰে গোলাপী চন্দ্ৰতাপৰ দৰেই। শৰত কালতো ফুলে। অৱশ্য ডিছেম্বৰৰ শেষত নুফুলে। এনে বিশাল গছৰ অভাৱত এতিয়া বায়ু মণ্ডলৰ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বেছি হৈছেগৈ। তাপ লহৰৰ প্ৰকোপ বাঢ়ি গৈছে। হয়তো সেয়ে এইবাৰ অভিমানি মৌচুমীৰ পলম আগমনে শৰতৰ সান্নিদ্ধ্যৰ পৰা বিলম্বন ঘটালে আৰু দি গ’ল বতৰা বৃক্ষ ৰোপণৰ প্ৰয়োজনীয়তাৰ।
Back to
Top
Tell us about your thoughtsWrite message