এতিয়া দশোদিশে শৰত বিদ্যমান। অসমৰ পৰ্যটনৰ অন্যতম আকৰ্ষণ চাহ বাগিছা সমুহত হিল্লোল ভাঙি ফুলিছে শুভ্ৰ শুভ্ৰ বকফুল (Sesbania grandiflora)। ইংৰাজীত কয় “Vigitabl Hummingbird”। ৰিব্ ৰিব্ কৈ বোৱা শৰতৰ শীতল বাৰ পৰশত হালি জালি থকা এই নিম্ন উচ্চতাৰ গছ বিলাকৰ দৃশ্য অতি মনোৰম। চাহ গছৰ কেচা পাতৰ গোন্ধৰ লগতে প্ৰভাতী সুৰুজৰ কিৰণত সৰল পবিত্ৰতাৰে উদ্ভাসিত হৈ পৰিছে পৌষ্পিক ঐশ্চৰ্য্যৰে সমৃদ্ধ বকফুলৰ গছবোৰ। এই নয়নাভিৰাম দৃশ্য আৰু শাৰদীয় পৰিৱেশৰ মাদকতাই মন-প্ৰাণ সজীৱ কৰি তোলে। বকৰ শুকুলা পাখিৰ দৰেই বগা ফুলৰ থোপাবোৰে বকৰ ঠোঁটৰ দৰে বতাহত ঝুলি থাকে বাবেই হয়তো নাম পালে বকফুল। কোনো ঠাইত ৰক্ত বকৰ সমাহাৰ, কৰবাত আকৌ গোলাপী বকফুল ফুলিছে। বায়ু মণ্ডলৰ নাইট্ৰজেন শোষণ কৰি মাটি উৰ্বৰ কৰে আৰু ছাঁ দিয়ে কাৰণে চাহ বাগিছাত এই গছৰ বহুল প্ৰয়োগ। তাৰোপৰি সেউজ গৃহ গেছৰ হ্ৰাসত বাগিছা সমুহৰ লগতে এই গছ সমুহৰো অৱদান অনন্য।




Tell us about your thoughtsWrite message