অসমৰ চাকুৰা
ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অসমৰ চাহ বাগিছাৰ সৌন্দৰ্যই পৰ্য্যটকক আকৰ্ষন কৰে। বসন্তৰ আগমনৰ লগে লগে নতূনকৈ ওলোৱা চাহ গছৰ কুহি পাতত পৰা ৰদালিৰ চিকমিকনিৰ মাজে মাজে ঠিয়দি থকা গছ বিলাকত ডাল ভৰি ভৰি ফুলি থকা গুলপীয়া ফুল বিলাকে পৰ্য্যটকক আকৰ্ষণ কৰাটো লক্ষণীয় (February to April)। কাকডোঙাৰ পৰা ডেৰগাওঁ পৰ্যন্ত দেখা এই গছৰ শোভাই মনলৈ এক নান্দনিক অনুভুতি আনে । এই গছৰ সৌন্দৰ্যই তাহানিৰ, মানে 2007 চনত জাপানৰ Kyushu Universityলৈ গবেষণাৰত অৱবস্থাত যাওতে দেখা চাকুৰা ফুললৈ (Sakura) মনত পেলাই দিলে । সেই সৌন্দৰ্য আজিও স্মৃতিৰ মনিকোঠাত সজীৱ হৈ আছে…Really, time ends but sweet memories last forever…Kyushu airportৰ পৰা Hakata Bayৰ পাৰে পাৰে গৈ থাকোতে দেখা সেই দৃশ্যৰাজি অতি মনোৰম । আমাৰ ইয়াত দেখিবলৈ পোৱা জাকে জাকে চাকুৰা সদৃশ এই গছ বিধৰ সৌন্দৰ্য অনুপম । স্থানীয় লোকে ‘আদৰ’ বুলি কয় । জাপানৰ সক্ৰিয় পৰ্য্যটনে চাকুৰাক পৃথিবীখ্যাত কৰিলে । আমাৰ আদৰেও আদৰ পাব, প্ৰয়োজন মাথো সক্ৰিয় পৰ্য্যটনৰ…
Back to
Top
Tell us about your thoughtsWrite message