#প্ৰকৃতিৰ মনোৰম সৃষ্টি ‘শাৰঙ্গ’ বা ‘আদৰ’
জাপানখ্যাত চাকুৰা ফুল পূজাৰ সময়ত আমাৰ শ্বিলঙতো ফুলে। ফুলবিধক লৈয়েই উদযাপিত Cherryblossom Festival চাবলৈ পৰ্য্যটকৰ সমাগম হয়। বৰ্তমানে অসমৰ চাহবাগিছাসমূহৰ সেউজৰ মাজতো চেৰীফুলৰ দৰেই গুলপীয়া বোলেৰে উদ্ভাসিত হৈছে ‘আদৰ’ বা ‘শাৰঙ্গ’ ফুলৰ (Gliricidia sepium) গছবোৰ। সৃষ্টিত ৰত হ’ল ফাগুনৰ মদিৰ হিল্লোল। প্ৰকৃতিৰ এই অনবদ্য সৃষ্টিৰ গুলপীয়া পৰশৰ বিস্তীৰ্ণতাই অনুভুতিপ্ৰৱণ হৃদয়ত আন্দোলিত কৰে ফাল্গুৰ আৱেগ। কেতিয়াবা নিশাবোৰ বিলীন হৈ যায় আদৰৰ প্ৰসাৰিত ডালৰ পৰা সৰি পৰা ফুলৰ পাহিৰ শেষ ক্ষণটোত। সৃষ্টিৰ স্নিগ্ধ পুৱাবোৰ সাৰ পাই দাউক, হেটুলুকাৰ কলৰৱত। উপচি পৰে আদৰৰ তল সৰা ফুলৰ দলিচা গুলপীয়া বোলেৰে। এই পৰিবেশৰ মাজেৰে প্ৰাতঃ কিম্বা আবেলি ভ্ৰমন কৰি চাবচোন। নিস্কাম আনন্দৰে পৰাণ পূৰ্ণ হয় অপৰাহ্নত। দুখ ভাগৰৰ মাজতো হৃদয় য’ত শাঁত পৰে। এই নান্দনিক পৰিৱেশটো আমাৰ পথ সমুহৰ কাষতো সৃষ্টি কৰিব নোৱাৰিনে? তেতিয়াহে এই গছৰ ‘কৃষিজ মানদণ্ড’ৰ লগতে ‘নান্দনিক মানদণ্ড’ৰ প্ৰয়োজনীয়তাৰ প্ৰয়োগ হ’ব।
Tell us about your thoughtsWrite message