(21)#প্ৰকৃতিৰ_অলংকাৰ

#ৰিমঝিম বৰষুণ নামে

লাহে লাহে বৰুণো ফুলে
বৰ্ষাৰ প্ৰাক ক্ষণত বৰুণ গছৰ শ্যামলী পাতৰ মাজেৰে ভুমুকি মাৰে শুভ্ৰ বৰুণ ফুলে (Crataeva Religiosa)। ডাল ভৰি ভৰি ফুলা পূৰ্ণ প্ৰস্ফুতিত ফুলৰ উচ্ছাসত আন্দোলিত হয় বসন্ত পৰশা হিয়া। কেইদিনমানহে ফুলে। কিন্তু লৈ আহে বহাগৰ বতৰা। ক্ষনিকৰ বাবে হাঁহি হাঁহি ফুলি প্ৰকৃতি প্ৰেমীৰ মন পৰশি সময়ৰ মূল্য দিয়ে আৰু আকৌ হেৰাই যায় স্মৃতি হৈ। দুৰৈৰ পৰাই থোপা থোপে জিলিকি থকা শুভ্ৰ তথা ঈষৎ হালধীয়া ফুল বিলাকৰ পুং কেশৰৰ বেঙুণীয়া ৰংটোৱে হয়তো আকৃষ্ট কৰে ৰস সন্ধানী মৌক। ইয়াতেই সম্পন্ন হয় ফাল্গুনীৰ প্ৰাকৃতিক পৰিকল্পনা। এই গছৰ সাংখ্যিক হ্ৰাসে বিনন্দীয়া প্ৰকৃতিৰ পাৰিপাৰ্শ্বিকতাত আঘাত হানিব পাৰে। কিয়নো এই গছ আমাৰ স্থানীয় গছ। দুৰ্গাপূজাৰ সময়ত বৰুণ গছৰ প্ৰয়োজন হয়। পঞ্চমীৰ দিনা দেৱীৰ অধিবাসৰ বাবে বৰুণ গছৰ ডালৰ আৱশ্যক হয় বুলি কোৱা শুনো। তদুপৰি মহাদেৱৰ পূজাতো এই গছৰ পাত লাগে হেনো। বৰুণ গছৰ ভেষজ মুল্যও আছে। ফুলেৰে সুশোভিত চকুত লগা গছ জোপাৰ নান্দনিক ৰূপে মানুহৰ মন পৰশে। লাহে লাহে দুষ্প্ৰাপ্য হ’বলৈ ধৰা গছ বিধৰ সংৰক্ষণৰ প্ৰয়োজন অনুভৱ কৰো।

Tell us about your thoughtsWrite message

Your email address will not be published. Required fields are marked *

Back to Top
Back to Top
Close Zoom
Copyright © 2023. Warning-Copy of any content,images is not allowed by the owner.