(22)#প্ৰকৃতিৰ_অলংকাৰ

#কেন্দু দৰ্শন

গোলাঘাট জিলাৰ নাহৰণিৰ ওচৰৰ লুকুমাই বুঢ়া নামঘৰৰ প্ৰাংগনত থকা বিশাল কেন্দু গছজোপা (Diospyros melanoxylon) দেখাৰ সৌভাগ্য মোৰ ঘটিল। কি সন্মোহন আছে এই বিশাল বৃক্ষৰ! বসন্তপৰশা গছ জোপাৰ ৰঙীণ কুঁহিপাতবোৰে চন্দ্ৰতাপ সদৃশ ৰূপ ধাৰণ কৰিছে। এই দৃশ্যই মোক আকৃষ্ট কৰিছিল। চাই চাই বিমুগ্ধ হৈছিলো। লুকুমাইৰ বুঢ়া নামঘৰৰ শতবছৰ গৰকা এই গছজোপা বহু ইতিহাসৰ সাক্ষী। এজন ৭০ৰ উৰ্ধৰ ব্যক্তিয়ে কৈছিল যে তেওঁ হেনো সৰুতেই এই গছৰ ডালত বগাই খেলিছিল। ইয়াৰ পৰাই অনুমান হয় এই গছজোপাৰ বয়সৰ কথা। বসন্তৰ বোল লাগি চিৰসেউজ গছজোপাৰ পাতে ৰং সলালে। সেউজী পাতৰ মাজে মাজে কেন্দুৰ ৰঙীণ পাতে ভুমুকি মাৰিলে। কেন্দুজোপা আকৌ ৰঙীণ হৈ পৰিল। নৱ পল্লৱেৰে ৰঙীণ হৈ পৰা গছজোপাই ঋতুৰাজ বসন্তৰ আগমনকে সূচায়। অপূৰ্ব, অনিৰ্বচনীয় এই দৃশ্য। গছ জোপাৰ সান্নিদ্ধ্যই শূন্যত বিলীন কৰি দিলে সকলো স্থুল ভাৱনা। কেন্দুৰ নান্দনিক দিশটোৰ লগতে ভেষজ মূল্যও আছে। মাছ ধৰা জাল পছি নাযাবৰ বাবে এই গছৰ গুটিৰ পৰা ওলোৱা আঠা ব্যৱহাৰ কৰে। চিয়াহীও প্ৰস্তুত কৰিব পাৰি হেনো। এই মূল্যবান গছৰ সংখ্যা এতিয়া তেনেই কম। উদাহৰণস্বৰূপে গোলাঘাটৰ পৰা দেৰগাঁৱলৈ অহা পথ চোৱাৰ কাষত মাত্ৰ ছয় জোপাহে কেন্দু গছ পোৱা যায়। আমাৰ পাৰিপাৰ্শ্বিকতাত সহায় কৰা এই থলুৱা গছজোপা বৰ্তমান দুষ্প্ৰাপ্য হোৱাৰ পথত।

Tell us about your thoughtsWrite message

Your email address will not be published. Required fields are marked *

Back to Top
Back to Top
Close Zoom
Copyright © 2023. Warning-Copy of any content,images is not allowed by the owner.