#আকাশ ৰঙীণকৰা কৃষ্ণচূড়াৰ চপলতা
এতিয়া চাৰিওফালে প্ৰাকৃতিক সৌন্দৰ্য্যৰ মেলা। প্ৰকৃতিৰ নয়নাভিৰাম দৃশ্যই মানুহক যেন হাত বাউলী মাতিছে। ৰঙৰ পৰশ পৰিল সেউজ পাতৰ মাজে মাজে। বসন্তৰ ৰঙত উতলা কৃষ্ণচূড়াৰ ৰঙা ৰঙ। আকাশ ৰঙীণ কৰা কৃষ্ণচূড়াৰ ৰঙা ৰঙে প্ৰকৃতি প্ৰেমীৰ মনো ৰঙীণ কৰিলে। বসন্তৰ পৰশত ৰাস্তাৰ কাষে কাষে ফুলি থকা কৃষ্ণচূড়া জোপা চকুত পৰিলে অপূৰ্ব আনন্দৰ ভাষাহীন অনুভৱে মন চুই যায়। নদীৰ মথাউৰিবোৰো শুৱনি কৰি তুলিলে। আকাশত সৃষ্টি হ’ল কৃষ্ণচূড়াৰ উজ্জ্বল ৰঙা ৰঙৰ প্ৰাকৃতিক ছত্ৰৰ। থোপা থোপে ফুলা ফুলৰ গাঢ় ৰঙা ৰাজকীয় আভূষণটো যেন কৃষ্ণচূড়াৰ আভিজাত্যৰ প্ৰকাশ।
সীমাৰ পৰিধি ভেদি সমগ্ৰ বিশ্বতে কৃষ্ণচূড়াৰ একেই ৰূপ-ৰঙ-গুণ। মাথো ঠাই ভেদে নামহে বেলেগ। সংস্কৃতত ‘কৃষ্ণচূড়’ নামেৰে জনা যায়। কালক্ৰমত হয়তো কৃষ্ণচূড়া নাম হ’লগৈ। পৃথিৱীৰ ভিন্ন ঠাইত “Red bird of Paradise”, “Mexican bird of Paradise”, “Pride of Barbados” ইত্যাদি নামেৰেও জনা যায়।
কৃষ্ণচূড়াৰ পৰিচয় দশ পুং-কেশৰত আৰু পঞ্চ পাহিত। বগা-হালধীয়া ৰঙৰ সংমিশ্ৰণেৰে এটি পাহি অৱশ্যে অলপ দীঘল। গছজোপাৰ বৈজ্ঞানিক নাম “Delonix Regia”।
ৰঙা কৃষ্ণচূড়াৰ উপৰিও কমলা বৰণৰ কৃষ্ণচূড়াও সহজলভ্য। ইয়াৰ হালধীয়া প্ৰজাতিটোহে (Delonix Regia Flavida) সংখ্যাত কম।
এতিয়া কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাই পথৰ কাষে কাষে সৃষ্টি হৈছে নান্দনিক পৰিবেশৰ। এজাৰ, সোনাৰু আৰু ৰাধাচূড়াৰ লগতে কৃষ্ণচূড়াইও সানিছে ৰঙৰ বোল। কি এক ৰঙৰ সমাহাৰ! কি এক স্বৰ্গীয় অনুভৱ! যিয়েই এবাৰ এই পথেৰে গৈছে, তেওঁৱেই ৰৈ গৈছে। প্ৰকৃতিৰ এই মনোৰম দৃশ্য উপভোগ নকৰাকৈ যাব পৰা নাই কোনেও। লাহে লাহে পৰ্য্যটকৰ আগমন ঘটিছে প্ৰকৃতিৰ এই মনোৰম সৌন্দৰ্যৰ সুধা পান কৰিবলৈ। মায়া সনা প্ৰকৃতিৰ ৰূপ আৰু ৰঙৰ লহৰত ৰোমাঞ্চিত হ’ল প্ৰকৃতি প্ৰেমীৰ কল্পনা প্ৰৱণ মন। হৃদয়ত তুলিলে অনুভৱৰ জোৱাৰ। ধন্য প্ৰকৃতি, ধন্য অসমভূমি🙏












Tell us about your thoughtsWrite message