(24)#প্ৰকৃতিৰ_অলংকাৰ

#বিলাতি_সোনাৰুৰ গোলাপী বোল

ফাগুনৰ বা লাগি অতিত হ’ল সৰাপাত। বসন্তৰ বোলেৰে বাসন্তী হ’ল শ্যামলী প্ৰকৃতি। ৰমক জমক হৈ উঠিল প্ৰকৃতি ৰাণীৰ আভূষণ। এতিয়া অসমত কৃষ্ণচূড়া, ৰাধাচূড়া, এজাৰ, সোনাৰুৰ লগতে বিলাতী সোনাৰুৱেও সানিলে গোলাপী বোল।
সুদুৰ সুমাত্ৰা আৰু জাভাৰ পৰা বিস্তাৰিত এই বৃক্ষৰ বংশবৃদ্ধি হৈছিল ভাৰতভূমিত অনুকুল পাৰিপাৰ্শ্বিকতাৰ বাবে। সোনাৰুৰ দৰেই এই বৃক্ষও একে পৰিয়ালত (Fabaceae) অন্তৰ্ভুক্ত হোৱাৰ বাবেই হয়তো নাম পালে বিলাতী সোনাৰু। এইয়া যেন গোলাপী সোনাৰুহে। কোনো ঠাইত “বাৰ্মীজ সোনাৰু” বুলিও কয়। বিজ্ঞানৰ ভাষাত কোৱা হয় “Cassia Javanica”। Pink Cassia বুলিও কয়। ইয়াৰ পঞ্চ পাহিৰ মাজত বিশেষ ভংগীমাৰে হালধীয়া বৰণৰ তিনিডাল দীৰ্ঘ আৰু সাতডাল হ্ৰস্ব পুং-কেশৰ থাকে (৩:৭)।
গ্ৰীষ্মৰ আৰম্ভণিতে নৱ পল্লৱৰ সেউজ আভূষণৰ সৈতে গোলাপী ৰঙৰ ঊৰ্দ্ধমুখী ফুলৰ থোপাৰে বিলাতী সোনাৰুজোপা ভৰি পৰে ছত্ৰাকাৰে। দুৰৈৰ পৰাই স্নিগ্ধ গুলপীয়া বৰণটো চকুত পৰে। অনুভুত হয় এক অনিৰ্বচনীয় টান। গছজোপাই যেন কৈ উঠে “মোক চাই যোৱা। মন ভৰিব সজীৱতাৰে। মোৰ ছত্ৰছায়াত ক্ষণিক জিৰনি লোৱা। মই আশাৰ তৰু। জীৱন ভৰিব প্ৰশান্তিৰে”। হয়, গোলাপী সোনাৰুৰ গুলপীয়া বোলেৰে উদ্ভাসিত আভাই মন আলোড়িত কৰে এক অবুজ আৱেগত। ইয়াৰ স্নিগ্ধ সুবাসে মনলৈ আনে প্ৰশান্তি। কি এক নৈসৰ্গিক শান্তি আৰু সজীৱতা! অনুভূত হয় গছ জোপাৰ লগত এক নিবিৰ আধ্যাত্মিক সম্পৰ্কৰ এনাজৰি।

Tell us about your thoughtsWrite message

Your email address will not be published. Required fields are marked *

Back to Top
Back to Top
Close Zoom
Copyright © 2023. Warning-Copy of any content,images is not allowed by the owner.