(25)#প্ৰকৃতিৰ_অলংকাৰ

#সোনাৰুৰ_সোণালী_বোল

সোনাৰুৰ উজ্জ্বল হালধীয়া আভাৰ চকমকনিত মন দোলে কিবা এক অজান নৈসৰ্গিক আনন্দত। এইয়া যেন সোনহে বৰষিছে প্ৰকৃতিয়ে। সেয়েহে হয়তো ইংৰাজীত কোৱা হয় “Golden Shower Tree”। সোনাৰুৰ হালধীয়া পৰশত জীপাল এতিয়া প্ৰকৃতি ৰাণী।
মনোৰম প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপুৰ কেৰেলাৰ ৰাজ্যিক ফুলৰ স্থান অধিকাৰ কৰিছে এই সোনালী বৃক্ষই। নীল আকাশত হালধীয়া আবিৰ সনা জাক জাক সোনাৰুৰ পুৰ্ণ প্ৰস্ফুটনৰ উচ্ছাসত বিভূৰ বসন্তৰ প্ৰকৃতি। সকলোৱে উপভোগ কৰিছে সোনাৰুৰ এই সোনালী ৰঙৰ অন্তহীন সৌন্দৰ্য সুষমা। এইয়া যেন বৰ্ণিল প্ৰকৃতিৰ স্বৰ্ণিল ৰূপ। চাৰিওফালে দৃষ্টিনন্দণ পৰিৱেশ।
কৃষ্ণচূড়াৰ তেজাল ৰং, এজাৰৰ বেঙুণীয়া বোল, কৰবাত আকৌ ৰাধাচূড়াৰ ৰঙৰ সন্মিলন, গোলাপী সোনাৰুৰ গুলপীয়া পৰশ। ৰং…আৰু…ৰং, কেৱল ৰং।
এনে দৃষ্টিনন্দণ পৰিৱেশ বৰ্তমানে দৃশ্যমান হৈছে কাজিৰঙা, নামবৰ, গিবন অভয়াৰণ্যৰ লগতে অসমৰ চাহবাগিছাসমূহ তথা ভিন্ন অঞ্চলত। প্ৰকৃতি ৰাণীৰ এই বিনন্দীয়া ৰূপে হাত বাউলী মাতিছে সকলোকে।
ৰাষ্ট্ৰীয় ঘাই পথসমুহৰ দুয়োপাৰ জাতিষ্কাৰ হৈ পৰিছে সোনাৰুৰ হালধীয়া পৰশত। পৌষ্পিক প্ৰকৃতিৰ মায়াজালত মন্ত্ৰমুগ্ধ হৈ পৰিছে প্ৰকৃতি প্ৰেমী। দো খাই থকা সোণবৰণীয়া ফুলবোৰ দেখিলে এনেহেন লাগে যেন প্ৰকৃতি প্ৰেমীক আদৰিবলৈ তৎপৰ হৈ পৰা এইয়া যেন কোনোবা গন্ধৰ্ব কন্যাৰ নমনীয় ভংগীমা। সোনাৰুৰ এই ৰূপৰ ৰঙৰ মেলাত অনুভুত হয় অৰন্যৰ প্ৰেমভৰা মাদকতা।
সোনাৰুৰ অনিয়ত (Racemose) পুষ্প বিন্যাসত সজ্জিত স্ফীত কলিবোৰে যেন এক আদিম আনন্দত সপোন দেখে বিৰামহীন সৃষ্টিৰ অংশীদাৰ হোৱাৰ। পঞ্চ পাহিৰ মধ্যে বিশেষ ভংগীমাত থাকে দশ পুং-কেশৰ। এইয়া যেন সৃষ্টিৰ এক অবিৰত নৃত্যহে। “Fabaceae” পৰিয়ালৰ এই বৃক্ষৰ বৈজ্ঞানিক নাম “Cassia fistula”।
সগৰ্বে জীয়াই থাকক এই ৰাজবৃক্ষ। উজ্জ্বীৱিত কৰি ৰাখক অনুভুতিপ্ৰৱণ মনবোৰ। সপোন ৰচিত হওক বৃক্ষৰ ৰহণেৰে পূৰ্ণ এখন ধুনীয়া অসম।

Tell us about your thoughtsWrite message

Your email address will not be published. Required fields are marked *

Back to Top
Back to Top
Close Zoom
Copyright © 2023. Warning-Copy of any content,images is not allowed by the owner.