বসন্তৰ ৰঙৰ মেলাত ভাগ লৈছে স্বৰ্ণচূড়াইও। গ্ৰীষ্মৰ আৰম্ভণিতে থোপা থোপে ফুলা হালধীয়া ফুলেৰে ভৰি পৰে এই বৃক্ষ। দেখিবলৈ উজ্জ্বল হালধীয়া বিশাল ছাতিৰ দৰে। দুৰৈৰ পৰাই জকমকাই জিলিকি উঠে। হয়তো সেয়েই নাম পালে স্বৰ্ণচূড়া। হিন্দীত কোৱা হয় “पीला गुलमोहर” আৰু বঙ্গ ভাষাত “কনকচূড়া” বুলিও কয়।
“Fabaceae” পৰিয়ালৰ এই বৃক্ষৰ বৈজ্ঞানিক নাম “Peltophorum pterocarpum”। পঞ্চ পাহিৰ মধ্যে সুষম ভংগীমাত থাকে দশ পুং-কেশৰ।
ঊৰ্দ্ধমূখী ফুল বিলাকক বৰ্ষাৰ আগমনেও স্মিত কৰিব নোৱাৰে। শ্রীলঙ্কা, আন্দামান, মালয়েশিয়া, অষ্ট্ৰেলিয়াৰ পৰা বিস্তাৰিত হৈ ভাৰতৰ ভূখণ্ডত ৰঙৰ পোহাৰ মেলা স্বৰ্ণচূড়াৰ উজ্জ্বল হালধীয়া ৰঙে মন আলোড়িত কৰে। কি যাদুকৰী আকৰ্ষণ আছে এই স্বৰ্ণচূড়াৰ! পূৰ্ণ প্ৰস্ফুটিত ফুলৰ ৰঙীণ উচ্ছাসত বিয়পি পৰে মৃদু সুবাস। যেন পক্ষীকূলেও আনন্দতে আপোন পাহৰে। কল্লোলিত হয় পক্ষীৰ কলৰৱ, মৌমাখিৰ গুঞ্জন। সৃষ্টি হয় এক সজাল আৰু মুখৰ পৰিৱেশ।
স্বৰ্ণচূড়াৰ ছত্ৰছায়াত ক্ষনিকৰ বাবে হলেও জিৰণী লয় জনৈক বাটৰুৱাই। সেয়েহে হয়তো ছায়াবৃক্ষ বুলিও কয়। Nitrogen fixation-ৰ ক্ষেত্ৰতো এই গছৰ ভুমিকা অনন্য।
সময়ৰ আচোঁৰে কাঢ়ি নিয়া সেউজ সম্পদৰ খালী ঠাই অলপ হলেও পূৰ কৰি গোলকীয় উষ্ণতা নিয়ন্ত্ৰণত সহায় কৰিছে নগৰ সমূহত সৌন্দৰ্য বৰ্ধনৰ বাবে ৰোপণ কৰা বিশাল বিশাল স্বৰ্ণচূড়া বৃক্ষই। এই বৃক্ষৰ লগতে অন্যান্য গছৰ বনানীকৰণৰ যোগেদি কাৰ্বনমুক্ত হওক আমাৰ পৰিৱেশ, সুৰক্ষিত হৈ থাকক আমাৰ একমাত্ৰ বাসভূমি পৃথিৱী। চিৰসেউজ হৈ থাকক আমাৰ প্ৰকৃতি আই।










Tell us about your thoughtsWrite message