বসন্তৰ আৰম্ভণিতেই ৰাধাচূড়াজোপা সেউজ সজীৱ পাতেৰে ভৰি পৰে। ক্ৰমাৎ বৰ্ণিল হৈ পৰে এই
সুৰ্য্য প্ৰেমী গছজোপা। ডালে ডালে, থোপা থোপে ৰঙীণ ফুলবোৰৰ পুৰ্ণ প্ৰস্ফুটনে দৃষ্টি আকৰ্ষণ কৰে। বসন্তপৰশা গছজোপাই যৌৱনপ্ৰাপ্ত হয়। গীত গাই বসন্তৰ। কৰবাত ফুলৰ পাহিবোৰত দেখা যাই ৰঙা-হালধীয়া ৰঙৰ সংমিশ্ৰণ, কৰবাত আকৌ দেখা যাই ৰঙা-গুলপীয়া ৰঙৰ সন্মিলন। কাৰনো মন নাযায় বাৰো চাবলৈ এই অনিন্দ সুন্দৰ ৰাধাচূড়াক। এই ৰাধাচূড়াৰ প্ৰেমত পৰিয়েই ভূপেনদাই গাইছিলে তেওঁৰ অমৰ গীত “ৰাধাচূড়াৰ ফুল গুজি ৰাধাপুৰৰ ৰাধিকা…”। ক্ষনিকৰ বাবে হলেও মন আলোড়িত হয় এই ৰাধাচূড়াৰ বৰ্ণিল চমকনিত।
প্ৰস্ফুটিত পুস্পৰ সন্ধানত নাছি বাগি উৰি ফুৰা জাক জাক মৌ পিয়াসী ৰঙা নীলা পখিলাৰ উপস্থিতিয়ে মুখৰিত কৰে ৰাধাচূড়াৰ পৃথিৱীখন। ৰাধাচূড়া হেনো “হামিং বাৰ্ড”ৰো প্ৰিয় ফুল।
ৰাধাচূড়াৰ অনিয়ত (Racemose) পুষ্প বিন্যাসত সজ্জিত ঊৰ্দ্ধমুখি কলিবোৰৰ ভংগীমাত অনুৰণিত হয় বসন্তৰ নৃত্য। পঞ্চ পাহিৰ মধ্যে বিশেষ ভংগীমাত থাকে দশ পুং-কেশৰ।
“Fabaceae” পৰিয়ালৰ এই বৃক্ষৰ বৈজ্ঞানিক নাম “Caesalpinia pulcherrima”। প্ৰথম শব্দটো আহিছে উদ্ভিদ বিজ্ঞানী Andreas Caesalpini-ৰ নামৰ পৰা আৰু লেটিন ভাষাত “Pulcher” মানে সৌন্দৰ্য। ইংৰাজীত কোৱা হয় “Peacock tree”।
ৰাধাচূড়াক “Dwarf Poinciana” বুলিও কোৱা হয়। ইয়াৰ কাৰন হয়তো কৃষ্ণচূড়াৰতকৈ (Poinciana) ৰাধাচূড়াৰ উচ্চতা তুলনামূলক ভাৱে কম। ইয়াৰ উপৰিও ৰাধাচূড়াত কৃষ্ণচূড়াৰতকৈ হালধীয়া ৰঙৰ সমাহাৰ বেছিকৈ পৰিলক্ষিত হয়।
এই ৰঙীণ বৃক্ষৰ নগৰ-মহানগৰ সমুহৰ লগতে ভিন্ন ঠাইৰ শোভা বৰ্ধনত অৱদান অনন্য। মানুহৰ মন সতেজ কৰি ৰখা ৰাধাচূড়াৰ পুৰ্ণ বিস্তাৰিত হওক।








Tell us about your thoughtsWrite message