Nandi Flame…নামটো শুনিলেই শিৱৰ বাহন নন্দীৰ কথা মনলৈ আহে…অসমীয়াত আকৌ,”ৰুদ্ৰ পলাশ” বুলি কয় …উজ্বল ৰঙা ৰঙৰ থোপা থোপে ফুলি জিলিকি থকা ৰুদ্ৰ পলাশ যেন সৃষ্টিকৰ্তাৰ এক অনুপম অৱদান । উদ্ভিদ বিজ্ঞানৰ ভাষাত “Spathodea campanulata”…বসন্তৰ আগমনৰ লগে লগে ফুলেৰে ভৰি পৰা উৰ্দ্ধমুখী গছ জোপাৰ নান্দনিক দৃশ্য অনুপম…যেন আকাশী কেনভাছত সৃষ্টিকৰ্তাৰ তুলিকাৰে বুলাই দিয়া ৰঙীন ৰঙৰ সমাহাৰ ।
গোলাঘাটৰ পৰা ধোদৰ আলি হৈ গিৱন অভয়াৰণ্যলৈ যোৱাৰ পথত সঘনে দেখা এই গছৰ শোভাই তাহানিৰ, মানে 2017 চনত Mysore লৈ যাওতে দেখা ওখ ওখ ৰুদ্ৰপলাশলৈ মনত পেলাই দিলে । চহৰ খনৰ মাজেৰে যাওতে কিবা ইতিহাসৰ মাজেৰে যোৱা যেন লাগে । ইয়াৰ পৰা প্ৰায় 176 km দুৰৈত নীলগিৰিৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত Coonoor..সৰু-বৰ পাহাৰৰ মাজে মাজে অকোৱা পকোৱা সৰ্পিল পথ । কাষে কাষে ডাল ভৰি ভৰি ফুলি থকা ৰুদ্ৰ পলাশৰ ৰঙা ৰঙ…ওখ-চাপৰ পাহাৰক ঢাকি ৰখা সেউজীয়া চাহ বাগিছাৰ বিনন্দীয়া ৰূপ । এই দৃষ্টি-নন্দন দৃশ্যই পৰ্য্যটকক আকৰ্ষণ কৰে ।
Back to
Top
Tell us about your thoughtsWrite message