জেঠৰ আৰম্ভণিতেই সেউজ অৰণ্যৰ মাজে মাজে কৰবাত বিদ্যমান হয় “বন সুহুৰিৰ” উপস্থিতি। প্ৰকৃতিত যেন তাম বৰণীয়া পৰশহে পৰে। ক্ষনিকৰ বাবে হলেও মন আলোড়িত হয় এই তাম্ৰ চমকনিত। দুৰৈৰ পৰাই জিলিকি থাকে গছত ওলোমাই থোৱা জুনুকাৰ দৰে তাম বৰণীয়া হেন সৰু সৰু গুটিৰ থোপাবোৰ। কিন্ত্ত ওচৰ চাপিলে চকুত পৰে সেইয়া “বন সুহুৰিৰ” ডাল ভৰি ভৰি দোঁ খাই থকা হালধীয়া বৰণৰ কন কন ফলেৰে ভৰা থোপাবোৰহে। মাজে মাজে উজ্জ্বল ৰঙা। মাজে মাজে আকৌ পকি ক’লা পৰা গুটি সদৃশ ফলবোৰ। এই ৰংচঙীয়া গুটিবোৰে সততেই দৃষ্টি আকৰ্ষণ কৰে।
অৱশ্যে “বন সুহুৰি” এবিধ লতাহে। সাধাৰণতে আহত গছত বগাই। এই লতা জোপাই ধাৰণ কৰা সুমিষ্ট গুটিবোৰ চৰাইৰ বৰ প্ৰিয়। আমাৰ থলুৱা চৰাই কানকুৰিকা, চুটীয়া শালিকা আদিৰ আহাৰৰ ভৰাল এই “বন সুহুৰি”। খাদ্য সন্ধানী চৰাইৰ কিলবিল শব্দত মুখৰ হৈ পৰে গছজোপাৰ চৌপাশ। “বন সুহুৰি লতাৰ” সংৰক্ষণে পক্ষীকূলৰ এই থলুৱা প্ৰজাতিসমূহক বিলুপ্তিৰ পথৰ পৰা ৰক্ষা কৰিব। অন্যথাই এই থলুৱা চৰাই সমূহ ইতিহাস হবগৈ।
“বন সুহুৰিৰ” পূৰঠ ডালৰ পৰা গৰখীয়া ল’ৰাই সুহুৰীৰ দৰে শব্দ কৰা এবিধ বাদ্য বনাই হেনো। সেয়েই হয়তো নাম পালে ‘বন সুহুৰি” বা ‘দেও সুহুৰি’। এই লতাক বনৌষধী শাস্ত্ৰত ‘ধুবাই লতা’ বুলি জ্ঞাত। বিজ্ঞানৰ ভাষাত কোৱা হয় “Schefflera Elliptica”। ইংৰাজীত এই লতাৰ নাম “Climbing Umbrella Plant”।
সেউজ প্ৰকৃতিৰ অন্যতম অংশীদাৰ হৈ জীয়াই থাকক এই “বন সুহুৰি”। চহা জীৱন জীপাল কৰি ৰাখক “বন সুহুৰিৰ” সুৰে।
Back to
Top
Tell us about your thoughtsWrite message