গোলাঘাটৰ যোগীবিল, নিমাতীৰ পদুমীবিল, শিলঘাটৰ জয়সাগৰ দলনি আদি বিভিন্ন জলাশয় অঞ্চল সমূহত এতিয়া প্ৰকৃতিৰ নৈসৰ্গিক শোভাই বিৰাজ কৰিছে। আহাৰ মাহৰ আগমনৰ লগে লগে প্ৰকৃতি প্ৰেমিক দিছে অনাবিল আনন্দ, কল্পনা প্ৰৱণ হৃদয়ত তুলিছে অনুভৱৰ জোৱাৰ। বিল সমূহ জতিষ্কাৰ হৈ পৰিছে হাজাৰ হাজাৰ পদুম ফুলৰ গোলাপী পৰশত। কোনোবা বিলত আকৌ শ্বেত পদ্ম, কৰবাত নীল পদ্ম।
প্ৰকৃতিৰ ৰাণীৰ শান্ত সমাহিত পৰিৱেশত পদুমৰ পাহিবোৰে শুৱনি কৰিছে এই বিল সমূহক।
গ্ৰীষ্মৰ প্ৰখৰ ৰ’দত তিৰবিৰাইছে পদুমৰ জলস্নাতা জাপিসজীয়া সেউজ পাত বিলাক। নিলীম আকাশত শুকুলা ডাৱৰৰ অহা-যোৱা। মাজে মাজে আকৌ মেঘ ৰাগিণী। তাৰ পাছতেই বৰষুণ। কিযে ৰ’দ বৰষুণৰ খেলা। এই সকলোবোৰে বিল সমূহক আৰু অধিক শুৱনি কৰি তুলিছে।
মাজে মাজে মাতৃৰূপী হংসিনীৰ ছত্ৰছায়াত নিৰ্ভয়ে সাতুৰি ফুৰিছে কণমানি হাঁহ পোৱালী বিলাক। আগমন ঘতিছে দেশী-বিদেশী আলহী চৰাইৰ। বিলখন মুখৰিত কৰি থকা পক্ষীৰ কলৰৱ যেন বৰ্ষাৰ অনন্য ৰাগ।
পদুম ফুলৰ ব্যৱসায়িক ভিত্তিও লক্ষনীয়। পুজাত পদুমে এখন বজাৰ অধিকাৰ কৰি আহিছে। অন্যহাতেদি নতুনকৈ গাকৰি উঠিছে পদুমৰ ঠাৰিৰ পৰা বনোৱা “Lotus silk”ৰ ব্যৱসায়। এই উদ্দেশ্যতে পদুম খেতিও আৰম্ভ হৈছে এখন সম্ভাৱনাপূৰ্ণ বজাৰৰ সন্ধানত।










Tell us about your thoughtsWrite message