যোৰহাট জিলাৰ পটিয়া গাঁৱৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দুৰৈত অৱস্থিত ইতিহাস প্ৰসিদ্ধ সুবিশাল চৰলা বিলখন। প্ৰায় ৩০ বিঘা অঞ্চল আগুৰি থকা এই বিলৰ কাষতেই আছে ককিলামুখ। আহোম আৰু বাৰ্মীজ সকলৰ মাজত শেষ যুদ্ধখন হৈছিল ককিলামুখৰ কাষতেই। লোকশ্ৰুতি মতে এই বিলখনো হেনো সেই যুদ্ধৰ সাক্ষী আছিল।
বিলখনৰ মাজেৰে যোৱা পথেৰে পুৰণি গোহাঁই গাওঁ হৈ অলপ আগুৱাই গ’লেই পোৱা যায় ঐতিহাসিক ফাকুৱা দৌল। ৰজাদিনীয়া দৌলটোৰ নিৰ্মাণ সম্পৰ্কত স্পষ্ট মন্তব্য নাই। ভগৱান ৰাধা-কৃষ্ণৰ লগতে শিৱৰ আৰাধনাও হয় এই দৌলত।
চৰলা বিলৰ নয়নাভিৰাম দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। বিলৰ জলৰাশিত আকাশৰ নীলা প্ৰতিবিম্বিত হৈ পানীৰ ৰং নীলা হৈ পৰে। দুপৰৰ ৰ’দত উজ্জ্বল নীল-মুকুতাৰ দৰে সুবিশাল বিলখনৰ পানী জলমলাই থাকে। উত্তৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ মাথাউৰি আৰু দক্ষিণে ঐতিহাসিক বৰআলী। মাজত চৰলা বিল। এই বিলখন কেইবাটাও ভাগত বিভক্ত। যেনে ২ নং চৰলা, পটিয়া-চৰলা ইত্যাদি।
জনবসতি নিচেই সেৰেঙা। কেউফালৰ পৰিৱেশ নিৰবতাৰে পৰিপূৰ্ণ। মাজে মাজে ছৰাইৰ সুমধুৰ শব্দৰ মূৰ্চনা। অন্য কোনো শব্দই নাই। গা চমেচমাই যোৱা নিস্তব্ধতা। ইয়াত আছে আকাশৰ নীলা, পানীৰ নীলা, নিৰ্মল পৰিষ্কাৰ বায়ুৰ সান্নিদ্ধ্যত লহপহকৈ বাঢ়ি অহা গছৰ সেউজ পাতৰ শোভা, বিস্তীৰ্ণ সেউজীয়া মেটেকাৰ দলিচা। মস্তকত গ্ৰীষ্মৰ প্ৰখৰ ৰ’দৰ উত্তাপ। কিন্ত্ত ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতৰ ওপৰেৰে হো-হোৱই বৈ অহা বতাহজাকৰ শীতল স্পৰ্শই এই উত্তাপক নস্যাৎ কৰিছে আৰু এক প্ৰাকৃতিক শীতলীকৰণ ব্যৱস্থাৰো সৃষ্টি হৈছে। এই পৰিৱেশত ভাল লাগে গ্ৰীষ্মৰ নিৰ্মল নীলা আকাশখনৰ দৃশ্য চায়।
শীতৰ আগমনৰ লগে লগে এই চৰলা বিলখন হৈ পৰে পক্ষীস্বৰ্গ। নানা দেশী বিদেশী আলহী ছৰাইৰ আগমন হয়। পেলিকান, এচিয়ান অপেনবিল, ভিন্ন প্ৰজাতিৰ হাঁহ, ঠলুৱা মাছৰোকা, কামছৰাই ইত্যাদিৰে মুখৰ হৈ পৰে এই ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া বিশাল বিলবোৰ। পক্ষী অভয়াৰণ্য বুলি কলেও ভুল কোৱা নহব। অক্টোবৰ মাহৰ পৰা পক্ষী দৰ্শনৰ উদ্দেশ্যে দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটে। ঠাইখনত পৰ্যটন শিল্পৰ প্ৰচুৰ সম্ভাৱনীয়তা আছে।
ইয়াৰ মীন শিল্পও বহু পুৰণি। অত তত মাছ ধৰিবলৈ পাতি থোৱা সৰা জাল বিলাকৰ দৃশ্যই সততে দৃষ্টি আকৰ্ষণ কৰে। যেন কোনো চিত্ৰকাৰে অকা একো একোখন কেনভাছহে।
চৰলাবিলৰ মায়া সনা প্ৰাকৃতিক সৌন্দৰ্য্যই সকলোকে আকৰ্ষণ কৰে। মোকো মোহিত কৰিলে। মোৰ চকুৰ আগত ভাঁহি থাকিল বিলখনৰ নীলা আৰু সেউজীয়াবোৰ। এইয়া যেন নৈসর্গিক সুখ আৰু শোভাৰে অংকিত এখন সবাক চিত্র। ৰৈ ৰৈ বাজি থাকিব সেই সুৰ মনৰ বিজন বনত।


















Tell us about your thoughtsWrite message