ভাৰতবৰ্ষৰ জাতীয় গছৰ স্থান অধিকাৰ কৰা তথা পৱিত্ৰ গছ বুলি গণ্য কৰা বিৰাটকাই বৰগছ জোপাৰ আদি আৱাস পূব ভাৰত। ইংৰাজীত কোৱা হয় “Indian banyan”। বিজ্ঞানৰ ভাষাত কোৱা হয় “Ficus benghalensis”।
বসন্তৰ আগমণৰ লগে লগে উজ্জ্বল সেউজীয়া ৰঙৰ মসৃণ কুঁহিপাতেৰে শুশোভিত হৈ গছজোপাই নান্দনিক ৰূপ ধাৰণ কৰে। গ্ৰীষ্ম, বৰ্ষা আৰু শীত ঋতুত এই প্ৰকাণ্ড গছজোপাৰ ফল পকে। ইয়াৰ হালধীয়া গুটিবোৰ খাবলৈ শালিকা, কাউৰী, বাদুলীকে আদি কৰি বহুতো চৰাইৰ আগমণ হয় আৰু ফল খাই বীজ সমূহ বিষ্ঠাৰ লগত ভিন্ন ঠাইত বিস্তাৰিত কৰে। অংকুৰিত বীজৰ পৰা নতুন পুলি ওলাই বংশ বৃদ্ধি হয়। এই বিশাল বৃক্ষ পৰিভ্ৰমী চৰাই তথা আমাৰ জাতীয় জীৱনৰ সৈতে অংগাংগী হৈ পৰা কুলি চৰাইটিৰো বৰ আপোন।
হাইঠা চৰাইও জাক পাতি আহে ইয়াৰ সুমিষ্ট গুটিবোৰ খাবলৈ। সুউচ্চ ডালত বহি থকা শান্তিপ্ৰিয় যুৰীয়া হাইঠাৰ দৃশ্য অতি মনোৰম। চৰাই বিলাকৰ উৰণৰ সময়ত জিৰণীৰ থলী এই বিশাল গছসমূহে পক্ষীকূলৰ নিৰাপদ আশ্ৰয়স্থলৰো ভূমিকা পালন কৰে। সময়ৰ আচোঁৰে কাঢ়ি নিয়া এই সেউজ সম্পদৰাজিৰ অভাৱতেই হাইঠাও আজি বিলুপ্তিৰ পথত। লোকশ্ৰুতি মতে ‘হাইঠা মাটিত পৰিল’ বুলি কয়। অৰ্থাৎ এই বিশাল গছবোৰৰ অভাৱত হাইঠা চৰাই মাটিত পৰিলে হেনো উঠিব নোৱাৰে।
বৰগছৰ তলত প্ৰায়েই মন্দিৰ স্থাপন কৰে। গোলাঘাট জিলাৰ ঢেকীয়াল মৌজাৰ অন্তৰ্গত অকা মলুৱা গাঁৱৰ ঐতিহাসিক সমন্বয় ক্ষেত্ৰ বৰগুৰি (বৰতল) লোকে লোকাৰণ্য হয় কাতি মাহৰ এটা বিশেষ দিনত। অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তিপ্ৰাণ দৰ্শনাৰ্থীৰ সমাগম হয়। এই ঠাইৰ বিশাল বৰগছ জোপাৰ প্ৰতি থকা গাঁওবাসীৰ মৰম, শ্ৰদ্ধা আৰু ভক্তি দেখি অভিভূত হ’লো। ইয়াৰ এখন ফলকত লিখা আছে “আহক আমি গছজোপা জীয়াই থকাত সহায় কৰো”। এইয়া সেই অঞ্চলৰ লোকৰ প্ৰকৃতিপ্ৰেমৰো বিৰল নিদৰ্শন।
১৯৮৭ চনত প্ৰথমবাৰৰ বাবে গৈছিলো কবিগুৰু ৰৱীন্দ্ৰনাথ ঠাকুৰৰ জন্মভূমি কলকাতালৈ। তেতিয়া “আচার্য জগদীশচন্দ্র বসু ভাৰতীয় উদ্ভিদ উদ্যানলৈ” যোৱাৰ সৌভাগ্য ঘটিছিল। চৌপাশে কেৱল সেউজীয়া আৰু সেউজীয়া। গছ -লতিকাৰে ভৰা পৰিৱেশটো আছিল দৃষ্টি নন্দন। ইয়াত থকা আনুমানিক ২৭০ বছৰীয়া প্রাচীন বৰগছ জোপাই মোক বাৰুকৈয়েই আকৃষ্ট কৰিছিলে। সুবিশাল গছজোপাই বহু ঠাই আগুৰি আছে। মাটিৰ ওপৰত বিস্তাৰিত হৈ আছে ইয়াৰ শাখা-প্ৰশাখাবোৰ। গছজোপাৰ পৰা নামি অহা সমান্তৰাল স্তম্ভমূলসমূহ মাটিত লাগি ধৰি যেন প্ৰয়াস কৰিছে এখন অৰণ্যলৈ ৰূপান্তৰিত হোৱাৰ। দেশ বিদেশৰ অসংখ্য পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই বিশাল বটবৃক্ষ। আমাৰ অসমতো আছে পুৰণি বৰগছ। আমিও নিশ্চয় সংৰক্ষণ কৰিব পাৰিম।
এই গছ সমুহৰ ৰোপণ, প্ৰতিপালন আৰু সংৰক্ষণে হয়তো পক্ষীকূলৰ বিৰল প্ৰজাতিসমূহক বিলুপ্তিৰ পথৰ পৰা ৰক্ষা কৰিব। পৰ্য্যটকৰ কাৰণে হয়তো চৰাই নিৰীক্ষণ কেন্দ্ৰ বৃদ্ধি পাব। আমাৰ পৰ্য্যটন ব্যৱস্হাটোও টনকিয়াল হ’ব। পৰোক্ষভাৱে আমাৰ থলুৱা অৰ্থনীতিৰো উন্নতি হ’ব।
Back to
Top
Tell us about your thoughtsWrite message