শাওণৰ পথাৰত এতিয়া দেশি বিদেশী আলহী চৰাইৰ সঘন ভুমুকি। ইয়াৰে এবিধ “Asian Openbill”। বৈজ্ঞানিক নাম “Anastomus oscitans”। সুদুৰ থাইলেণ্ডৰ পৰা বাংলাদেশহৈ ভাৰতীয় উপমহাদেশৰ ভিন্ন প্ৰান্তৰলৈকে ভেউকা কোবাই অতিক্ৰম কৰে এক যাযাবৰী জীৱন পৰিক্ৰমা। নাই কোনো সীমাৰ প্ৰাচীৰ। মাথো সমীৰৰ দৰেই এক অনিৰূদ্ধ গতি।
এতিয়া পথাৰ, বিল, জলাহভূমি আদিৰ কাষত প্ৰায়েই চকুত পৰে এই ধুনীয়া অপেনবিল চৰাইটিক। দীঘল ঠোঁটটো কিছুমানৰ কলা আৰু কিছুমানৰ ইষৎ হালধীয়া। মূৰৰ পৰা সন্মুখ ভাগ আৰু পিঠিৰ কিছু অংশ শুভ্ৰ বলাকাৰ দৰেই শুৱনী। নেজ অংশ গাঢ় ক’লা। দীঘল লাহি ঠেং দুটা গুলপীয়া ৰহণ সনা। ভূই ৰুবলৈ প্ৰস্তুত কৰা শাওণৰ পথাৰত ট্ৰেক্টৰৰ পিছে পিছে দৌৰি ফুৰা মৎস্যপিয়াসী অধীৰ বগলী জাকৰ পৰা কিছুদূৰৈত এই চৰাইবিধকো কেতিয়াবা দেখাৰ সৌভাগ্য ঘটে। লাহে লাহে খোজ কাঢ়ি জলজ-সৰীসৃপ, কীট-পতংগ, ভেকুলী, শামুক আদি সন্ধান কৰে।
ইহঁতে সাধাৰণতে ওখ গছত ওচৰা-ওচৰিকৈয়ে বাহ সাজে। প্ৰাতঃভ্ৰমণ কৰোতে প্ৰথমে মোৰ চকুত পৰিলে এজোপা ওখ আম গছৰ শিখৰত সিহঁতৰ কেইটামান বাহ। প্ৰাই পাছ জনীমান মাতৃ এচিয়ান অপেনবিলে উমনি দিয়াত ব্যস্ত। সিহঁতৰ দুচকুত যেন অনাগত আগন্তুকৰ ভবিষ্যতৰ সপোন। অলপ আগুৱাই গৈ চকুত পৰিল এজোপা সুউচ্চ শিমলু। তাৰ কাষতে আছে এজোপা ওখ কদম গছ, চিলভাৰ ওক দুজোপা আৰু বিশাল আহত গছ এজোপা। গছ দুজোপাৰ একেবাৰে আগত আছে এজাক এচিয়ান অপেনবিল। যেন এখন বিৰাট সমাজহে। কোনোবাটো ছৰাই এটা ডালৰ পৰা আনটো ডাললৈ গৈছে। কোনোবাটোৱে আকৌ উৰা মাৰি কিহবাৰ সন্ধানত প্ৰস্থান কৰিছে। কোনোবাটোৱে আকৌ ঠোঁটত কুটা কঢ়িয়াই বাহ সাজিবলৈ গছজোপালৈ আগমন কৰিছে। মুঠতে জীৱনক জয় কৰা আৰু ৰচাৰ এক অবিৰত অনিৰ্বাণ প্ৰচেষ্টা। এহাল যোৰপাতি বহি থকা চৰাইক দেখি এনেহেন লাগিল যেন এইয়া শান্তিৰ বণৰীয়া চৰাই হালহে। মাজে মাজে শুনাৰ সৌভাগ্য হৈছিলে ইটো ছৰাইয়ে সিটো ছৰাইক মতাৰ গহীন তথা মাদকতাময় সুৰ-সমলয়। গছ কেইজোপাৰ চৌপাশে সিহঁতে যেন এক আদিম গীতহে গাইছে য’ত আছে সৃষ্টিৰ উকমুকনি। শক্তিশালী ঠোঁটেৰে ইহঁতে শামুকৰ খোলা অনায়াসে ভাঙে। সেয়েহে হয়তো নাম পালে শামুকভঙা চৰাই।
কোনোবা অজান্তি মুলুকৰ পৰা আমাৰ অসমলৈ আগমন কৰে মে মাহত। নীলিম আকাশমাৰ্গেৰে দূৰ্গম তথা প্রতিকূল প্রাকৃতিক পৰিবেশৰ মাজেৰে অতিক্রম কৰে কতযে নদ-নদী, তৰংগায়িত সাগৰ-মহাসাগৰ, ওখোৰা মোখোৰা পৰ্বত- গিৰিগহ্বৰ। নানা দেশ দেশান্তৰৰ সীমাৰ পৰিধি ভেদি কিমানযে অভিজ্ঞতাৰে পুষ্ট হৈ উঠে এই পৰিভ্ৰমী এচিয়ান অপেনবিল চৰাইটি! ঠিক যেন যাযাবৰী বেদুইন। কোনো ঠাইত কেইমাহমানৰ বাবে জিৰণী লয় পৰিয়াল বৃদ্ধি তথা প্ৰতিপালনৰ উদ্দেশ্যত। ওখ বিৰিখৰ শিখৰলৈ কূটা কঢ়িয়াই ব্যস্ত হৈ পৰে আপোন বাহ নিৰ্মাণত। প্ৰজননৰ সময় আৰম্ভ হয় জুলাইৰ পৰা। ইয়াৰ পাছতেই উমনি দিয়ে। কণী ফুটি ওলোৱা পোৱালিবোৰক ডাঙৰ দীঘল কৰি উৰণৰ প্ৰশিক্ষণ দিয়ে। অক্টোবৰ মাহ অহাৰ লগে লগেই উৰণক্ষম পোৱালিবোৰক লৈ আকৌ যাত্ৰা কৰে নতুন দেশ নতুন ঠাইলৈ নতুন লক্ষ্যৰে। কি এক যোগসূত্ৰ। জন্মভূমি এখন দেশ। পৰিভ্ৰমণ কৰে অন্য এখন দেশলৈ। লক্ষ্য জীয়াই থকাৰ যুঁজ। উদ্দেশ্য খাদ্যৰ সন্ধান আৰু পাৰিপাৰ্শ্বিকতাৰ সৈতে স্বদেহৰ উষ্ণতা খাপ খুৱাই জীয়াই থকাৰ তাড়না।
কি আচৰিত! ভিন্ন দেশ, ভিন্ন মানুহ, ভিন্ন সংস্কৃতি। কিন্ত্ত পক্ষী একেটিয়েই। সমগ্ৰ পৃথিৱীয়েই তেওঁলোকৰ আপোন ঘৰ। তেওঁলোক আমাৰ কাৰণে আলহী। নিৰ্ভিক ভাবে মুক্ত বিচৰণ কৰিবলৈ দিয়াটো আমাৰ কৰণীয়। তেওঁলোকৰ আশ্ৰয় দাতা বৃক্ষ ৰাজিক ৰক্ষণাবেক্ষণ দিয়াটো আমাৰ দায়িত্ব। পক্ষীকূল জীয়াই থাকিলেহেঁ আমাৰ পাৰিপাৰ্শ্বিকতা ৰক্ষা পৰিব।












Tell us about your thoughtsWrite message