(36)#প্ৰকৃতিৰ_অলংকাৰ

#বালিঘোঁৰা

শাওণৰ পথাৰত এতিয়া গ্ৰীষ্মৰ প্ৰখৰ ৰ’দকো আওকান কৰি ৰোৱনীয়ে ৰুইছে ভূই। ট্ৰেক্টৰেৰে হাল বাইছে। পথাৰৰ পানী সিঁচি আনন্দত গৰৈ পুঠি ধৰিছে গাঁৱৰ লৰা-ছোৱালী আৰু জীয়ৰী-বোৱাৰী সকলে। আশে পাশে ৰৈ আছে বা লাহে লাহে খোজ দি ফুৰিছে মৎস্যপিয়াসী বগলী, কণামুছৰি ইত্যাদি।
পানী থকা খেতিৰ পথাৰত বিভিন্ন পোক-পতংগ, শামুক আদিৰ সন্ধানত নিৰৱে বিচৰণ কৰিছে আন এবিধ জলচৰ চৰাইও। নাম “বালিঘোঁৰা”।
ইয়াৰ মাতটো শুনিবলৈ ঘোঁৰাই হাঁহিলে হোৱা মাতৰ দৰেই। হয়তো সেয়েই নাম পালে বালিঘোঁৰা। ইংৰাজীত কোৱা হয় “Red-wattled Lapwing”।
বিজ্ঞানৰ ভাষাত কোৱা হয় “Vanellus indicus”। ভূই ৰোৱা সেউজ পথাৰখনত মোৰ চকুত পৰিল চাৰিটামান চৰাইৰ এটা সৰু গোট। দুটাকৈ যোৰ পাতি মুক্ত বিচৰণ কৰিছে। মইও নিৰৱে নিঃশব্দে প্ৰতক্ষ কৰিছিলো সিহঁতৰ গতিবিধিবোৰ। কোনোবাটোৱে শামুকৰ সন্ধানত ব্যস্ত। ইহঁতক প্ৰায়েই পানী থকা পথাৰত দেখিছো।
ইহঁতৰ ডেউকা তথা পিঠি অংশ মটীয়া বৰণৰ। ডেউকাত পাতলকৈ ফুটফুটীয়া বগা দাগ থাকে। মুৰ আৰু বুকু অংশ ক’লা। চকুৰ সন্মুখ ভাগ (Wattle) ৰঙা৷ চকুৰ ঠিক তল অংশ আৰু বুকুৰ পিছ অংশ শুভ্ৰ বগা। ক’লা চুটি নেজডালৰ আগটো বগা। হালধীয়া বৰণৰ দীঘল লাহী ঠেং দুখনৰ সৈতে চৰাইটোক কিবা পেঙত ঘুৰি ফুৰা যেন লাগে।
জুলাইৰ পৰা আগষ্ট মাহৰ ভিতৰত ইহঁতক দেখা যায়। তথ্যমতে পশ্চিম এছিয়াৰ ইৰাক, ইৰাণৰ পৰা দক্ষিণ এছিয়াৰ আফগানিস্তান, পাকিস্তান, ভাৰত আদি দেশত দেখা যায়।

Tell us about your thoughtsWrite message

Your email address will not be published. Required fields are marked *

Back to Top
Back to Top
Close Zoom
Copyright © 2023. Warning-Copy of any content,images is not allowed by the owner.