#বিলাতী_এজাৰৰ_বৰ্ণিল_পৰশত_উদ্ভাসিত_ৰাষ্ট্ৰীয় ঘাইপথ
ভিন্ন ৰঙেৰে জকমকাই জিলিকি থকা বিলাতী এজাৰ জোপাৰ নান্দনিক ৰূপে মানুহৰ মন পৰশে। যেন এক ৰঙৰ সন্মিলনহে। ইয়াৰ বাদামি মসৃণ কাণ্ডৰ আগবোৰ শুভ্ৰ বগা, গুলপীয়া, ৰঙা, ঈষৎ বেঙুণীয়া আৰু ঈষৎ গুলপীয়া ফুলৰ থোপাৰে ভৰি থাকে।
এই গুল্ম জাতীয় গছবিধ আৰু থলুৱা এজাৰ জোপাৰ পৰিয়াল (family) তথা গণ (Genus) একেই হোৱা হেতুকে হয়তো নাম পালে “বিলাতী এজাৰ”। কোনো কোনোৱে অৱশ্যে “জাপানীজ এজাৰ” বুলিও কয়। ইংৰাজীত কোৱা হয় “Crepe myrtle”। বৈজ্ঞানিক ভাষাত “Lagerstroemia indica”।
প্ৰায় ২০ ফুট উচ্চতাৰ এই গছ জোপা পৌৰ উদ্যান, সংৰক্ষিত যমুনাৰ পাৰ, স্কুল-কলেজ আৰু চৰকাৰী কাৰ্যালয় আদিৰ চৌহদৰ সৌন্দৰ্য বৰ্ধনৰ বাবে ৰোপণ কৰা হয়। আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ (NH37) শুৱনি কৰিছে এই বিলাতি এজাৰৰ বৰ্ণিল সৌন্দৰ্যই। গুৱাহাটীমুখি যাত্ৰাত নগাঁও জিলাৰ বাইপাছ পাৰহোৱাৰ পিছতেই দিভাইদাৰৰ মাজত শৃংখলাবদ্ধভাৱে ৰোপণ কৰা নানাৰঙী অলেখ বিলাতী এজাৰৰ দৃষ্টিনন্দণ দৃশ্যই মন সজীৱতাৰে ভৰাই তোলে। এক দৃষ্টি মধুৰ তথা উপভোগ্য যাত্ৰাত অনন্য নৈসৰ্গিক সুখ অনুভৱ কৰা যায়। যাত্ৰাপথৰ অৱসাদ দূৰ কৰে। যিসকল লোকৰ ঐকান্তিক প্ৰচেষ্টা তথা অপৰিসীম কষ্টৰ বিনিময়ত এই কাম সম্ভৱ হৈ উঠিলে সেই সকল লোকৰ প্ৰতি শ্ৰদ্ধা আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো। এই পৰিৱেশ সম্পূৰ্ণ হৈ উঠক সমগ্ৰ ৰাষ্ট্ৰীয় ঘাইপথটোতেই। এনে দৃষ্টিনন্দণ পৰিৱেশ সৃষ্টিৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰৰ পৰা আগলৈও প্ৰস্তুতি চলি থকা চকুত পৰিলে। শ্বিলঙলৈ যোৱা ঘাইপথ, হাফলঙলৈ যোৱাৰ পথতো এনে প্ৰচেষ্টা অৱশ্যে চকুত পৰিছে। ২০১১ চনত মালয়েছিয়া ভ্ৰমন কৰোতেও এক্সপ্ৰেছৱেত এনেদৰেই বিলাতী এজাৰৰ ৰঙৰ পয়োভৰ চকুত পৰিছিল।
তথ্য অনুসৰি মাছাচুছেটৰ উপকূলীয় অঞ্চল, দক্ষিণ আৰু মধ্য আটলাণ্টিক, অষ্ট্ৰেলিয়া আদি ভিন্ন দেশৰ পথৰ দাঁতিৰ গছ হিচাবে ৰোপণ কৰে। বসন্তৰ আৰম্ভণিতে গছজোপা ভৰি পৰে নৱপল্লৱেৰে। ডিম্বাকৃতিৰ ৰঙীণ পাতবোৰে দৃষ্টি আকৰ্ষণ কৰে। বসন্তৰ পৰশত প্ৰাণ পাই উঠা সেউজীয়া গছ-লতিকা সমুহৰ ৰং শেষ হোৱাৰ সময়তেই এই গ্ৰীষ্মকালীন গছজোপাই প্ৰকৃতিত ৰং সানিবলৈ আৰম্ভ কৰে। বসন্তত কলম দিয়া আগবোৰত গ্ৰীষ্মত পূৰ্ণপ্ৰস্ফুটন হয়। পোহৰ প্ৰেমী গছ জোপাই গ্ৰীষ্মৰ প্ৰখৰ ৰ’দৰ উত্তাপত তথা আদ্ৰ জলবায়ুৰ সংস্পৰ্শত শ্ৰীবৃদ্ধি লাভ কৰে। শৰততো এই ৰঙৰ মৃদু হিল্লোল বিদ্যমান। গ্ৰীষ্মৰ দিনবোৰত বিলাতী এজাৰৰ ৰঙীণ পৰশে সজীৱ কৰি ৰাখক মানুহৰ মন। কৰ্ম প্ৰেৰণাৰে ভৰি পৰক অৱসাদ পূৰ্ণ মনবোৰ।












Tell us about your thoughtsWrite message