#সেউজৰ_মাজেৰে_মায়াময়_ক্ৰাংচুৰীলৈ
সেইদিনা আছিল বুধবাৰ। ইংৰাজী আগষ্ট মাহৰ ১০ তাৰিখ (২০২২); সময় তেতিয়া ঘড়ীৰ কাঁটাত পুৱা ৬ বাজিছে। জালুকবাৰীৰ পৰা যাত্ৰা আৰম্ভ কৰিলো মেঘালয়ৰ জয়ন্তীয়া পাহাৰলৈ। লক্ষ্য স্থান আছিল “ক্ৰাংচুৰী”। দুৰণিলৈ প্ৰাতঃভ্ৰমণৰ আমেজেই বেলেগ। গুৱাহাটীৰ ISBT ৰ কাষৰ উৰণীয়া সেতু, সৰুসজাই ষ্টেডিয়াম, বেহাৰবাৰী, ভেটাপাৰা, বশিষ্ঠ চাৰিআলি, খানাপাৰা, নমাইল আদি স্থান পাৰহৈ যোৰাবাট পুৱা ৭ বজাত পালোগৈ।
ইয়াৰ পাছতেই আৰম্ভ হ’ল মসৃণ পথেৰে সৰ্পিল যাত্ৰা। ৰাস্তাৰ দিভাইদাৰৰ মাজত শোভাবৰ্ধনৰ বাবে শৃংখলাবদ্ধভাৱে ৰোপণ কৰিছে থোজা, পাউদাৰ পাফ, জবা, বিলাতী কৰবি, এৰিকা পাম আদি কমউচ্চতাৰ গুল্ম জাতীয় গছবোৰ। নতুনকৈ অলেখ কাঞ্চনো ৰূইছে। সেউজসমৃদ্ধ পথেৰে ক্ৰমাৎ ওপৰলৈ আগুৱাওঁতে অনুভৱ কৰিলো শীতল বতাহৰ মৃদু-মধুৰ স্পৰ্শ। মন ভৰাই তুলিলে।
৭:৪০ত ৰিভই (Ri-bhoi) জিলাৰ নংপো (Nongpoh) পালোহি। তাতেই আমি ব্ৰেকফাষ্ট কৰিলো। হোটেল খনৰ নাম “Highway Dhaba”। ৮:১৮ বজাত নংপো এৰিলো। ভিন্ন পাহাৰীয়া অঞ্চল পাৰহৈ ৯ বজাত সুবৃহৎ উমিয়াম লেক পালোগৈ। মুঠ ৯৩ কিলোমিটাৰ অতিক্ৰম কৰিলো।
এইবাৰ আমি শ্বিলঙৰ পথ এৰি জোৱাইলৈ যোৱা পথেৰে যাত্ৰা আৰম্ভ কৰিলো। সুন্দৰ মসৃণ সৰ্পিল পথ। উন্মোচিত হ’ল ‘কেৱল সেউজীয়া, মাথোঁ সেউজীয়া”। চকুৰ আগত ভাঁহি উঠিল সেউজ পাহাৰ আৰু শুভ্ৰ মেঘমল্লাৰ অনন্ত আকুলতা। ইয়াৰ মাজতেই মেঘালয়ৰ পুৱাৰ ৰ’দে জিলমিল কৰিছে। ওখ-চাপৰ পাহাৰৰ চুৰাবোৰত বেলিটোৰ ছাঁ-পোহৰৰ খেলা। অনন্য প্ৰকৃতিৰ মোহময়ী ৰূপ।
১০:৪৫ বজাত আমি পালোগৈ জয়ন্তীয়া পাহাৰিয়া জিলাখনৰ প্ৰৱেশদ্বাৰ। আগুৱাই যাওঁতে জয়ন্তীয়া সকলে কৰা খেতি পথাৰ প্ৰত্যক্ষ কৰিলো। পাহাৰৰ ওপৰৰ পৰা প্ৰায় ২০০ ফুট তললৈ চাই বিমুগ্ধ হ’লো। বিস্তীৰ্ণ সেউজীয়া খলপা খলপ ধাননি পথাৰ। চাৰিওফালে আবৰি আছে কোমল ঘাঁহনিৰ দলিচাৰে আবৃত সেউজ পাহাৰ মালা। কতনা ওখোৰা মোখোৰা লহৰ। এইয়া যেন সেউজ সাগৰ। চকু আঁতৰাই অনা টান। “চাইনো চাই থাকিলে হেপাহ মোৰ নপলাই”। হাতবাউলি মাতিছে পাহাৰে!
চৌপাশে ওখ ওখ সেউজ ঘাঁহনিৰ জয়ন্তীয়া পাহাৰৰ দলিচা বৈ আহিছে তলৰ অকোৱা পকোৱা সৰ্পিল পথলৈকে আৰু মাজে মাজে পাহাৰ শুৱনি কৰা ঘন পাইন গছ বোৰ। পাইনৰ দেশ বুলি কলেও ভুল কোৱা নহব। প্ৰতিটো দৃশ্যই এখন এখন সবাক ছবিৰ দৰে সুন্দৰ। কেমেৰাত দৃশ্যৰাজী অক্ষয় কৰি তুলি লৈ আগবাঢ়িলো। যিকোনো এংগলৰ পৰাই ফটো তুলিলে ফটোবোৰ হৈ পৰে এখন এখন সুন্দৰ পেইণ্টিং।
যথাসময়ত আমি জোৱাই (Jowai) বাইপাছ পালোগৈ। এইবাৰ বাইপাছ এৰি আমি জোৱাই টাউনলৈ যোৱাৰ পথত উঠিলো। এখন গেট পালো। আৰম্ভণি পথ সঙ্কীৰ্ণ। অলপ দূৰ যোৱাৰ পিছত মূল পথত উঠিলো। জোৱাই-ডাউকি পথেৰে অগ্ৰসৰ হ’লো। ইয়াৰ পৰা ক্ৰাংচুৰীৰলৈ ২৭ কিলোমিটাৰ। বননিৰে আবৃত সেউজ পাহাৰৰ মাজেৰে, অকোৱা পকোৱা নদী অতিক্রমি আগ বাঢ়িলো নিৰ্জন সৰ্পিল পথেৰে। মাজে মাজে চকুত পৰিল খেতিৰ পথাৰ। তাৰ মাজে মাজে শ্ৰমৰ চিন শৰীৰত দাগ কাটি লৈ ঘূৰি ফুৰিছে এজাক পৰিশ্ৰমী অথচ সৰল মানুহ।
অৱশেষত ২০০ কিলোমিটাৰ অতিক্রমি দিনৰ ১২:৪২ বজাত আমি পালোগৈ আমাৰ লক্ষ্যস্থান ক্ৰাংচুৰী জলপ্ৰপাতৰ অঞ্চল। চাৰিওফালে আৱৰি আছে সুউচ্চ গাঢ় সেউজ জয়ন্তীয়া পাহাৰ মালা। মস্তকত আছে মেঘাচন্ন আকাশ। মাজে মাজে ঈষৎ নীলা আকাশখন ডাৱৰৰ মাজেদি অহা সুৰ্য্যৰ বিচ্ছুৰিত পোহৰত প্ৰায় বগা দেখা গৈছিল। পকি ৰাস্তা শেষ হ’ল। আৰম্ভ হ’ল শীলৰ ৰাস্তা। গৈ থাকোঁতে জলপ্ৰপাতৰ অৱস্থিতিৰ ওপৰত সন্দেহ হয়। জলপ্ৰপাত নাই যেন লাগে। অৱশেষত টিকেট ল’লো আৰু লাহে লাহে তললৈ খটখটীৰে নামিলো। চাৰিওফালে অৰন্যৰ নিৰৱতা। মাত্ৰ জিলিৰ শব্দ। দুই এটা ধুনীয়া পখিলা চকুত পৰিল। আৰু নামি গ’লো। একো শুনা নাই। আকৌ নামিলো। প্ৰথম শুনা পালো পানীৰ হো-হোৱনি। বিশ্বাস হ’ল তলত নিশ্চয় জলপ্ৰপাত আছে। মনত কিবা অজান আকৰ্ষণ অনুভৱ কৰিলো।
জয়ন্তীয়া জিলাৰ এই নিটাল, নিস্তব্ধ পৰিৱেশত পাহাৰৰ কোলাত সেউজীয়া বোল লোৱা সুন্দৰ খৰশ্ৰোতা পাহাৰী নৈখন আমাৰ প্ৰথমবাৰৰ বাবে চকুত পৰিল। অনিৰ্বাণ অনিৰূদ্ধ গতিত জৰ্-জৰাই বৈ গৈছে বাদামি ৰঙৰ শৈল পিঠৰ ওপৰেদি। পানীৰ সোঁতত শিল ক্ষয় গৈ সৃষ্টি হৈছে কিছুমান মনোৰম শৈল্য ভাস্কৰ্য্যৰ। হৰহৰাই তললৈ নামি গৈছে স্ফটিকৰ ধাৰ যেন উচ্ছল জলধাৰা। পৰিছেগৈ প্ৰায় ১০০ ফুট তলৰ দ শৈল্য খাৱৈত। এক অকল্পনীয় অপূৰ্ব দৃশ্য। আগতে কেতিয়াও দেখা নাই এনে অনন্য সুন্দৰ জলপ্ৰপাত। তললৈ চাই দেখিলো সেউজ মিহলি নীলা জলৰাশিত শুভ্ৰ ফেনিল কম্পন। বিমুগ্ধ নয়নেৰে চাই ৰ’লো এই দৃশ্য। অনুভৱ হ’ল এক অনিৰ্বচনীয় টান।
আমি শৈল্য খটখটীৰে আকৌ নামি গ’লো তলত থকা সৰু-বৰ শিলাখণ্ড বোৰলৈ। হাতত ল’লো ক্ৰাংচুৰীৰ পানী। অনুভৱ হ’ল ক্ৰাংচুৰীৰ পানীৰ সেই প্ৰথম সুশীতল স্পৰ্শ। সন্মুখত নয়নাভিৰাম দৃশ্য। অবিৰতভাৱে কম্পিত নীল জলভাগত পৰিছেহি চঞ্চল শ্ৰোতচিনী। তৰংগায়িত জলভাগৰ ওপৰেৰে বাগৰি অহা ফিৰফিৰিয়া বতাহৰ মৃদু-মধুৰ শীতল কম্পনে মন চুই গ’ল। জলপ্ৰপাতৰ শব্দত যেন ভাহি আহিছে জয়ন্তীয়া পাহাৰৰ সুৰ এটি। কৈ গ’ল যেন “ক্ৰাংচুৰীৰ” বুকুত লুকাই থকা কত নজনা কিংবদন্তিৰ অলেখ কাহিনী। লোকশ্ৰুতি মতে জয়ন্তীয়া সকলৰ গৌৰৱময় ইতিহাসৰ লগত হেনো জৰিত এই “ক্ৰাংচুৰীৰ” কাহিনী। কিন্ত্ত কোনো স্পষ্ট তথ্য নাই। শুৱলা জয়ন্তীয়া ভাষাত “ক্ৰাং” মানে গুহা আৰু “চুৰী” মানে এবিধ যুদ্ধৰ অস্ত্ৰ। ক্ৰাংচুৰী প্ৰকৃতিৰ এক অনন্য সৃষ্টি। কি এক অপূৰ্ব সুন্দৰ এই দৃশ্য! হে প্ৰকৃতি তোমাৰ এইয়া যে অনিন্দ্য আমোঘ সৃষ্টি! ক্ৰাংচুৰীৰ আৰণ্যক সুষমাত সময়ৰ আচোঁৰ নপৰক। ক্ৰাংচুৰী, “ক্ৰাংচুৰী”য়েই হৈ থাকক।
Tell us about your thoughtsWrite message