ভাবিলে আচৰিত লাগে। দুৰ দিগন্তৰ পৰা ভৌগোলিক আৰু ৰাজনৈতিক সীমা অতিক্রমি তেওঁলোক আহিছে বহু যোজন ডেউকা কোবাই কেইমাহমানৰ বাবে আমাৰ অতিথি হৈ। এই পৰিভ্ৰমী আলহীক দেখাৰ সৌভাগ্য ঘটে অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে। তেওঁলোকে শুৱনি কৰিছেহি আমাৰ জলাশয় অঞ্চল যেনে কাজিৰঙা অভয়াৰণ্যৰ জলাহভূমি, যোৰহাটৰ চৰলা বিল, গোলাঘাটৰ যোগীবিল, গুৱাহাটীৰ দীপৰ বিল, ‘চান্দডুবি’ বিল, তিনিচুকীয়াৰ মাগুৰী বিল ইত্যাদি। বিল সমূহৰ জলভাগত পানীমেটেকা, পুনি আৰু দাঁতি-কাষৰীয়া অঞ্চলবোৰত বিভিন্ন জলজ উদ্ভিদ যেনে সেউজ ঘাঁহ-বন ইত্যাদি পোৱা যায়। এই খাদ্যৰ সন্ধানতে আহি এতিয়া তেওঁলোকে মনোৰম পৰিৱেশৰ সৃষ্টি কৰিছেহি আমাৰ বিল আৰু নদীৰ চাপৰি সমূহত। অসমীয়াত তেওঁলোকৰ নাম দেওৰাজ হাঁহ। ইংৰাজী ভাষাত কোৱা হয় “Greylag Goose”।
বৰণত মুগা তথা মটীয়া। কমলা বৰণৰ ঠোঁট আৰু গুলপীয়া ঠেং দুখনে বন হংসৰ ৰূপৰ ৰসত সুৱগা চৰাইছে। তেওঁলোকৰ কলৰৱত মুখৰিত এতিয়া আমাৰ বিল সমূহ। সৃষ্টি কৰিছে এক সুৰৰ সমলয়। বিৰাজ কৰিছে মাদকতাময় পৰিৱেশে। দুৰৈৰ পৰাই শুনা যায় দেওৰাজ হংসৰ গহীন তথা ডাঙৰ মাতটো। আমাৰ বিল সমূহে যেন প্ৰাণ পাই উঠিল।
নীল আকাশত তেওঁলোকৰ শৃংখলিত উৰণে অনুভুতিপ্ৰৱণ মনবোৰক পলকৰ কাৰণে হ’লেও আকৃষ্ট কৰে। দেশ বিদেশৰ ভিন্ন অভিজ্ঞতাৰে পুষ্ট এই দেওৰাজ হংস অলপ সচেতন। মানুহৰ পৰা সদায়েই নিৰাপদ দূৰত্বত অৱস্থিতি কৰে। অৱশ্যে খোজ কাটলত গহীন গম্ভীৰ, ধীৰ স্থিৰ। বিলৰ পাৰত ৰ’দ পুৱাই থকা শাৰি শাৰি নিপোতল দেওৰাজ হাঁহৰ দৃশ্যই মন আকৃষ্ট কৰে।
প্ৰকৃতিৰ এই বৰ্ণনাতীত সৌন্দৰ্য নিজে উপভোগ কৰিলেহে ইয়াৰ মাদকতা অনুভৱ হয়। এপলকৰ কাৰণে হ’লেও আমাৰ গতানুগতিক জীৱনে সৃষ্টি কৰা সমস্যা সমুহৰ পৰা মুক্তি পোৱা যায়।







Tell us about your thoughtsWrite message