আকৌ যাত্ৰা কৰিলো চৰলাবিললৈ। উদ্দেশ্য নতুন পৰিভ্রমী পক্ষীৰ দৰ্শন। গৈ গৈ মথাউৰিৰ ধূলিয়ৰী পথেৰে আগবাঢ়িলো।
হঠাত চকুত পৰিল এজাক ক’লা বৰণীয়া চৰাই নীল আকাশত চক্ৰাকাৰে উৰিছে। ক্ৰমান্বয়ে বিশেষ কায়দাৰে নামি আহিল। বিলৰ জলৰাশিৰ কাষৰীয়া সেমেকা পথাৰত পৰিলহি। ব্যস্ত হৈ পৰিল খাদ্যৰ সন্ধানত। মই লাহে লাহে আগুৱাই গ’লো। অলপ ওচৰত থকা চৰাই এজনী কেমেৰাৰ লেন্সত ফকাচ কৰিলো। খাদ্য অন্বেষণত মগ্ন চৰাইটিৰ অংগী ভংগীমাবোৰ বৰ আকৰ্ষনীয়। এইয়া কেমেৰাৰ সন্মুখত যেন তাই প্ৰদৰ্শন কৰা কিছু আকুণ্ঠ ভংগীমা। সন্তৰ্পনে ওচৰ চাপিলো। বতাহত হালি জালি থকা পাখিবোৰ ৰ’দৰ কিৰণত চিকমিকাই উঠিল। পক্ষীৰ ৰূপৰ মাধুৰ্য্যত মুগ্ধ হ’লো। ৰৈ নাথাকিলো। মোৰ কেমেৰাত পক্ষীটিৰ প্ৰতিটো ভংগীমা অক্ষয় কৰি তুলি আগবাঢ়িলো। দুৰৈৰ পৰা দেখা ক’লা চৰাই জনী হৈ পৰিল মনোৰম। ইমান ধুনীয়া!… এইয়াই হয়তো “ক’লাৰ সৌন্দৰ্য”। ইংৰাজীত যাক কোৱা হয় “Black Beauty “।
নতুন কিবা এটা জনাৰ আগ্ৰহতে মই আৰু কাষ চাপিলো চৰাইজনীক অসুবিধা নিদিয়া দুৰত্বলৈ। কেমেৰাৰ লেন্সত এইবাৰ তাইৰ পাখিবোৰ হৈ পৰিল নানা ৰঙী। ক’লাৰ মাজে মাজে ৰ’দৰ পোহৰত ইটাগুৰীয়া, গাঢ় সেউজীয়া ৰঙৰ চকমকনি (Glazing)। উজ্জ্বল হৈ পৰিল চৰাইজনী। তিৰবিৰাই (Glaze) উঠিল তাইৰ পাখিবোৰ। সেয়েই হয়তো নাম পালে “Glossy Ibis”। মুগ্ধ হৈছিলোঁ “Glossy Ibis”ৰ এই নান্দনিক দৃশ্য দেখি ।
“আইবিছ” ছচাইটিৰ পাখিৰ এই জিকমিকনিৰ
আৰৰ ৰহস্যনো কি? ইহঁতৰ পাখিৰ এক বিশেষ গঠনে কিছুমান পোহৰ কণা (photon) শোষণ কৰি এৰি দিয়া বাকী ৰশ্মিয়ে এক পৰিঘটনাৰ যোগেদি আমাৰ চকুত এক জিকমিকনিৰ সৃষ্টি কৰি “Glossy Ibis”ক অতুলনীয় কৰি তুলিলে।
জলাহভূমি আৰু খেতিপথাৰৰ সেমেকা আঞ্চলত এই চৰাইবিধ সহজদৃষ্ট। এই পৰিভ্ৰমী চৰাইবিধ ইউৰোপ, এচিয়া, আফ্ৰিকা, অষ্ট্ৰেলিয়াৰ লগতে পৃথিৱীৰ বিভিন্ন অঞ্চলত বিস্তাৰিত।
ধেনুভিৰীয়া ঠোঁটেৰে আকোঁহী আকোঁহী খাই বাবেই ইয়াক অসমীয়াত কোৱা হয় “ইটাগুৰীয়া আকোঁহী বগ”। বিজ্ঞানৰ ভাষাত কোৱা হয় “Plegadis falcinellus”।
আমাৰ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত আহৰি পোৱা কিছু পল অনুপলক প্ৰকৃতিৰ সান্নিদ্ধ্যত বিলীন কৰিলে মূল্যবান জীৱনটো হৈ পৰে অৰ্থপূৰ্ণ।







Tell us about your thoughtsWrite message