“কাম চৰাইৰ ৰঙা ঠোঁট, তাতে দিলে সেন্দুৰৰ ফোঁট”। সুন্দৰ! অনিন্দ্য সুন্দৰ! কোন তপস্বীৰ ওমকাৰ ধ্বনিত সৃষ্টি হ’ল এই নীলাভ কেশীৰ! প্ৰকৃতিলৈ বৈ আহিল অপৰূপ ৰূপ মাধুৰীমা। সৃষ্টি হ’ল নীল পক্ষীৰ। চাই চাই হেপাহ নপলাই।
কাম চৰাই বুলিলেই নষ্টালজিক হৈ পৰো। মনটোৱে কৈ উঠে…মোৰ নীলা চৰাই তোক বৰ ভাল পাও দেহি। তোৰ পাখিৰ নীলাৰ আঁত ধৰি যাও বহু দুৰ গুছি কোন সোণালী শৈশৱৰ ঊষাৰ আচল বিছাৰি।
এৰা লৰালিৰ দিনবোৰ বেছ উপভোগ্য আছিল। চৰাই নিৰীক্ষণ কৰাৰ আনন্দই বেলেগ। আমাৰ কলিয়াবৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰা নাতিদূৰত আছে আৰণ্যক সুষমাৰে সমৃদ্ধ জয়সাগৰ দলনি। বিলখনিৰ চৌপাশ প্ৰতিধ্বনিত হয় পক্ষীৰ কলৰৱত। বিলখনৰ পানীৰ পৰা কিছু ওপৰত ঘাঁহেৰে পূৰ্ণ সেউজৰ মাজে মাজে
উজ্জ্বল নীল বৰণৰ জাক জাক কাম চৰাই বিচৰণ কৰিছিল। খাদ্য অন্বেষণত বৰ মগ্ন হৈ থাকে গোটেই দিনটো। সন্ধ্যা যেতিয়া নামে অলপ ছাঁ অলপ পোহৰৰ লগ্নবোৰত চৰাইজাক সচেতন হৈ পৰিছিল। এখোজ দুখোজকৈ সোমাইছিল আপোন পজাটোত নিৰাপত্তাৰ খাতিৰত। এতিয়াও স্মৃতিৰ মণিকোঠাত সেই ছবি, সেই কাহিনীবোৰ সজীৱ হৈ আছে।
প্ৰকৃতিৰ এনে দৃষ্টিনন্দণ পৰিৱেশৰ অন্বেষণতেই কেতিয়াবা যাও যোৰহাটৰ বুৰঞ্জী প্ৰসিদ্ধ বিশাল চৰলাবিললৈ, কেতিয়াবা আকৌ দীপৰ বিললৈ, কেতিয়াবা কাজিৰঙালৈ, কেতিয়াবা গোলাঘাটৰ যোগীবিললৈ, ইত্যাদি ইত্যাদি। গৌৰীসাগৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ সেমেকা অঞ্চল সমূহতো কামচৰাইৰ জাক সহজদৃষ্ট। শিৱসাগৰ অঞ্চলত কাম চৰাই দেখা যায়। ভাৰতবৰ্ষকে ধৰি পৃথিৱীৰ বিভিন্ন অঞ্চল যেনে আফ্ৰিকা, এছিয়া, অষ্ট্ৰেলিয়া, ইণ্ডোনেছিয়া, ফিলিপাইনছ আদি ঠাইত বিস্তাৰিত।
ইংৰাজীত কাম চৰাইক কোৱা হয় “Purple Swamphen” আৰু বিজ্ঞানৰ ভাষাত কোৱা হয় “Porphyrio porphyrio”।
খৰকটীয়া অথচ নিৰ্জু স্বভাৱৰ এই স্থানীয় চৰাইবিধে মানুহৰ উপস্থিতিক আন চৰাইৰ দৰে বৰকৈ ভ্ৰুক্ষেপ নকৰে। চৰাইবিধক অসুবিধা নিদিয়াকৈ সহজেই নিৰিক্ষণ কৰিব পাৰি। গতিবিধিবোৰ আমাৰ পৰিচিত কুকুৰা চৰাইটিৰ দৰেই। মাতটো অৱশ্যে ডাঙৰ। খাদ্য অন্বেষণত বৰ মগ্ন হৈ থাকে।
আশা কৰিম সময়ৰ আচোঁৰত যাতে হেৰাই নাযায় এই কাম চৰাই। জীয়াই থাকক অৰণ্যৰ বুকুত সুৰক্ষিত হৈ। মুক্ত বিচৰণ কৰক নিৰ্ভয়ে। আমাৰো আপোন সময়ৰ অকনমান বিলীন হওক প্ৰকৃতিৰ সান্নিদ্ধ্যত।







Tell us about your thoughtsWrite message