শীতৰ আগমনৰ লগে লগেই পৰিভ্ৰমী আলহীৰ কলৰৱত মুখৰিত হৈ পৰে কাজিৰঙা অভয়াৰণ্য। তথ্য মতে মধ্য এছিয়াৰ পাৰ্বত্য হ্ৰদসমূহৰ পৰা পৰিভ্ৰমণ কৰে দক্ষিণ এছিয়ালৈ শেঁতা-মুগা বৰণৰ “ধৃতৰাজ” হাঁহ বিধে। উদ্দেশ্য খাদ্যৰ সন্ধান আৰু ধৰাৰ বুকুত বাহ এটি পাতি আপোন সংসাৰ এখন গঢ়াৰ। কাজিৰঙা অভয়াৰণ্যত এই পৰিভ্ৰমী আলহীৰ আবিৰ্ভাব হয় ডিচেম্বৰ মাহৰ পৰা। প্ৰস্থান কৰে ফেব্ৰুৱাৰীৰ শেষ ভাগত কোনোবা দূৰ দিগন্তলৈ।
ধৃতৰাজ পক্ষী ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষৰ দেওপানী জলাহভূমিত সহজ দৃষ্ট। পৰিভ্ৰমী পক্ষীৰ বিচৰণ ভূমি অগৰাতলি বনাঞ্চলত দেখা যায় জাক জাক ধৃতৰাজ। খোজে কাটলে গুৰুগম্ভীৰ এই জলচৰ হাঁহ বিধৰ মূৰত আছে দুডাল কলা আঁচ। সেয়েই ইংৰাজীত কোৱা হয় “Bar-headed Goose”। বিজ্ঞানৰ ভাষাত কোৱা হয় “Anser indicus”।
বুঢ়াপাহাৰ অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত চুটি চুটি ঘাঁহ-বনৰ সেউজৰ মাজে মাজে আপোন মনে চৰি ফুৰা শেঁতা-মুগা বৰণৰ জাক জাক ধৃতৰাজৰ দৃশ্য সহজেই চকুত পৰে। গ্ৰীষ্মৰ আগমনৰ লগে লগেই হেৰাই যায় এই মনোৰম দৃশ্য। প্ৰকৃতিৰ এই সুন্দৰ ছবিবোৰেই প্ৰকৃতিৰ বিচিত্ৰাৰ পৰিচয়।





Tell us about your thoughtsWrite message