(43) #প্ৰকৃতিৰ_অলংকাৰ

#ছেৰিফুলৰ_ৰাজ্য

২০০৭ চনত জাপানলৈ যাওঁতে দুৰৈৰ পৰাই ছেৰিফুল দেখা পাইছিলো। ইংৰাজীত কোৱা হয় Cherryblossom আৰু জাপানী সকলে কয় “চাকুৰা”। বিজ্ঞানৰ ভাষাত “Prunus cerasoides”। কিন্ত্ত ওছৰৰ পৰা কোনোদিনেই দেখাৰ সৌভাগ্য হোৱা নাছিল। সেয়ে বহুদিন ছেৰিফুল ওচৰৰ পৰা চোৱাৰ হেঁপাহ এটা পুহি ৰাখিছিলো। শ্বিলঙত সেই সময়ত মানে ২০২২ চনৰ নৱেম্বৰৰ ২১ তাৰিখৰ পৰা “Cherryblossom Festival” পাতিবলৈ প্ৰস্তুতি চলাইছিল শ্বিলঙৰ মাজমজিয়াত অৱস্থিত বিখ্যাত ৱাৰ্ড লেকত।
সেই উদ্দেশ্যেই আমি সপৰিয়ালে, ৰাতিপুৱা গুৱাহাটীৰ পৰা শ্বিলং অভিমূখে যাত্ৰা কৰিছিলো নৱেম্বৰ মাহৰ এটা দিনত। নিমজ কোমল শৰতৰ পুৱা৷ শীতল ভাৱ এটাই চুই আছিল। যোৰাবাটৰ পৰা অকোৱা পকোৱা পঠেৰে শ্বিলঙলৈ যাত্ৰা কৰিলো।
কুৱলিত নিমজ্জিত মেঘালয়ৰ পাহাৰবোৰত ৰাতিপুৱাৰ কোমল ৰদালীৰ পৰশ পৰিছিল। ৰাষ্টাৰ কাষে কাষে ভূমুকি মাৰিছিলে বগা আৰু গোলাপী কাঞ্চনে। মাজে মাজে পাহাৰৰ গাৰে ওপৰলৈ উঠি যোৱা পাহাৰী কাঞ্চনে দৃষ্টি আকৰ্ষণ কৰিছিল।
পুৱা ন মান বজাত সুবিশাল বৰাপানী লেক পালোগৈ। হ্ৰদৰ জলৰাশিৰ ওপৰত তেতিয়াও আছিল কুৱঁলীৰ আলফুল চাদৰ। প্ৰকৃতিৰ কোলাত যেন ৰ’দহে পুৱাইছে বিস্তাৰিত জলৰাশিয়ে। লেকৰ কাষে কাষে ফুলি থকা শাৰি শাৰি হালধীয়া বৰণৰ পাহাৰী বেলি ফুলৰ দৃশ্যই শোভা বৰ্ধন কৰিছিল উমিয়ামৰ। আগতে কেইবাবাৰো উমিয়াম লেকৰ সৌন্দৰ্য উপভোগ কৰিছো যদিও বেলিফুল সমৃদ্ধ উমিয়াম লেক প্ৰথমবাৰলৈ দেখাৰ সৌভাগ্য মিলিলে।
আমি গৈ অৰ্কিড লেক ৰিজৰ্টত নামিলো। ব্ৰেকফাষ্ট কৰি লেকৰ পাৰ পালোগৈ। পুৱাতেই লেকৰ মনোৰম দৃশ্যই মন মোহিলে। পুৱাৰ চফল ৰ’দ আৰু হ্ৰদৰ নীলা পানীত মুক্ত মনেৰে যুৱক যুৱতীৰ মটৰবোট চলোৱাৰ দৃশ্যই পৰিৱেশটোক সজীৱ কৰি তুলিছিলে। হ্ৰদক চাৰিওফালে আগুৰি থকা সেউজ পাহাৰৰ ওখোৰা মোখোৰা বোৰত বেলিটোৰ ছাঁ-পোহৰৰ খেলা। শৰতৰ নীলা আকাশত তুকুৰা তুকুৰ শুকুলা ডাৱৰৰ দৃশ্যই মন হৰিছিল। পাহাৰৰ তিলাবোৰত শাৰি শাৰি পাইনৰ গছ। অৱশ্যে ক্ৰমান্বয়ে গছৰ ঘনত্ব কমি তললৈ সেউজীয়া ঘাঁহনিৰ দলিচাৰে পাহাৰটো আবৃত কৰিছে। কুৱলিৰ আস্বাদন আতৰি গ’ল। পুৱাৰ সূৰুযৰ কিৰণত পাহাৰৰ ওখোৰা-মোখোৰাবোৰ জিলিকি উঠিল। চৌপাশে শৰতৰ মৃদু হিল্লোল।
হঠাত চকুত পৰিল ছেৰিফুল। গুলপীয়া কেৱল গুলপীয়া। আকাশত গুলপীয়া, বিৰিখত গুলপীয়া। মন ভৰি গ’ল ছেৰিৰ সান্নিদ্ধ্যত। বহুদিনে বিচাৰি ফুৰা বস্তু এটা চকুত পৰাৰ আনন্দই বেলেগ! ৰাষ্টাৰ কাষে কাষে ছেৰিফুল, কেৱল ছেৰিফুল। এইয়া যেন ছেৰিৰ সম্ভাষন। কম্পিত হৃদয়ত অনুভৱ কৰিলো এক অনামী আকৰ্ষণ। ছেৰিয়ে কঢ়িয়াই আনিছে শৰতৰ বতৰা। শ্বিলঙৰ শৰত মানেই ছেৰিফুল ফুলাৰ সময়। শৰতৰ নীলা আকাশত গোলাপী ছেৰিয়ে ৰং ছটিয়াইছে পাইনৰ সেউজৰ মাজে মাজে। কি ছেৰিৰ আকৰ্ষণ! তুলনাবিহীন! নাজানো ক’ত শৰতৰ লগত ছেৰিফুলৰ সম্পৰ্ক। হয়তো শৰতৰ লগত আছে ছেৰিৰ আজন্ম সম্পৰ্ক। শৰতৰ পল-অনুপল বিলাক ছেৰিৰ বাবে হৈ পৰে মহা মূল্যবান। কিয় ইমান আকৰ্ষণ? ছেৰিফুল ফুলিলেই যেন শ্বিলঙৰ আকাশে বতাহে নাচি উঠে শৰত। অ’ত ত’ত ছেৰিৰ গোলাপী দলিছা…

Tell us about your thoughtsWrite message

Your email address will not be published. Required fields are marked *

Back to Top
Back to Top
Close Zoom
Copyright © 2023. Warning-Copy of any content,images is not allowed by the owner.