এই সময়, ফাগুন ৰঙীণ। ফাগুন মানেই পলাশ, শিমলু আৰু মদাৰৰ এখন বৰ্ণিল আকাশ। এই ৰঙৰ সন্মিলনত চিনাকি কাঞ্চনজোপাকো ফাগুণে সানিছে ৰং। ফাগুণৰ মতলীয়া সমীৰে কাঞ্চনজোপাকো আবিৰ সানি থৈ যায়। ক্ৰমাৎ ৰঙীণ হৈ পৰে সুৰ্য্য প্ৰেমী কাঞ্চণজোপা। ডালে ডালে, ৰঙীণ ফুলবোৰৰ পুৰ্ণ প্ৰস্ফুটনে দৃষ্টি আকৰ্ষণ কৰে। ফাগুণৰ পৰশত গছজোপাই যৌৱনপ্ৰাপ্ত হয়। গীত গাই ফাগুণৰ। কৰবাত ফুলৰ পাহিবোৰত দেখা যাই গুলপীয়া ৰঙৰ সমাহাৰ (গোলাপী কাঞ্চন: Bauhinia variegata), কৰবাত আকৌ দেখা যাই শুভ্ৰ বগা ৰঙৰ সমাহাৰ (শ্বেতকাঞ্চন)।
শ্বেতকাঞ্চনক “Dwarf White Bauhinia” বুলিও কোৱা হয়। ইয়াৰ কাৰন হয়তো বনকাঞ্চনতকৈ শ্বেতকাঞ্চনৰ উচ্চতা তুলনামূলক ভাৱে কম। “Fabaceae” পৰিয়ালৰ পঞ্চ পাহিৰ এই শ্বেতকাঞ্চনৰ বৈজ্ঞানিক নাম “Bauhinia acuminata)”।
ধৰাৰ বুকুলৈ শৰত যেতিয়া নামে, তেতিয়াও কাঞ্চনে প্ৰকৃতিত বোল সানে। সেইয়া অৱশ্যে বনকাঞ্চন বা পাহাৰী কাঞ্চন (Bauhinia malabarica)। নৱেম্বৰ মাহত শ্বিলঙলৈ যাওঁতে ৰাষ্টাৰ কাষে কাষে ভূমুকি মাৰিছিলে বনকাঞ্চনে (Bauhinia malabarica)। মাজে মাজে পাহাৰৰ গাৰে ওপৰলৈ উঠি যোৱা বগা আৰু ঈষৎ বেঙুণীয়া কাঞ্চনে দৃষ্টি আকৰ্ষণ কৰিছিল। একেই সময়তে হাফলঙলৈ যাত্ৰা কৰোতেও বনকাঞ্চন দেখা গৈছিল। ইয়াৰ পঞ্চ পাহিৰ মধ্যে বিশেষ ভংগীমাত থাকে দশ পুং-কেশৰ।
এই কাঞ্চনজোপাৰ নগৰ-মহানগৰ সমুহৰ লগতে ভিন্ন ঠাইৰ শোভা বৰ্ধনত অৱদান অনন্য। মানুহৰ মন সতেজ কৰি ৰখা কাঞ্চনজোপাৰ পুৰ্ণ বিস্তাৰিত হওক।






Tell us about your thoughtsWrite message