সেই দিনা আছিল ফাগুৱা। গছে গছে ফাগুণৰ ৰং।ঢলপুৱাতেই চৰলাবিলৰ কাষৰ ব্ৰহ্মপুত্ৰৰ বালি চাপৰি পাইছিলোগৈ। উদ্দেশ্য নতুন পক্ষীৰ দৰ্শন। চৌপাশে বিৰাজমান শান্ত সমাহিত পৰিৱেশ। পুৱাৰ নিৰৱতা। শীতল ভাৱ এটাই চুই আছিল। দুৰৈত ব্যস্ত আছিল মৎস্য সন্ধানি জনৈক মাছমৰীয়া।
গৈ গৈ পানীৰ নিচেই কাষ পাইছিলোগৈ। ধীৰস্ৰোতা ব্ৰহ্মপুত্ৰৰ জলৰাশিৰ ওপৰত ডেউকা কোবাই উৰি ফুৰিছিল মৎস্যপিয়াসী দুই এটা চৰাই। চকুত পৰিছিল এটি শুভ্ৰ “Gull”। এবিধ জলচৰ চৰাই। লাহে লাহে শুনা পালো অজান্তি পক্ষীৰ প্ৰভাতি কলৰৱ। সাৰ পাই উঠিল প্ৰকৃতি। নৈসৰ্গিক সৌন্দৰ্য্যই ভাৰাক্ৰান্ত মন ভৰাই তুলিলে প্ৰশান্তিৰে। মনটোৱে কৈ উঠিল…”মোক এনে এখন পৃথিৱী দিয়া য’ত আছে সৰলতা, স্বাৰ্থহীন প্ৰেমৰ অন্তহীন বন্যা, য’ত স্বৰ্গীয় শান্তি বিৰাজমান”….
হঠাত মোৰ কেমেৰাৰ লেন্সত ধৰা দিলে এহাল কমলা-মুগা ৰঙৰ হাঁহ। নাম চাকৈ চকোৱা (ruddy shelduck)। নদীৰ পাৰত পুৱাৰ কোমল ৰদালীৰ উম লৈ আছে। ৰ’দৰ পোহৰত সিহঁতৰ পাখিবোৰ চিকমিকাইছে। অতি সুন্দৰ। মই সন্তৰ্পনে আগুৱাইছিলো। এখোজ দুখোজকৈ অতি সাৱধানে। খোজে প্ৰতি মই স্নেপশ্বট লৈছিলো যাতে প্ৰতিখন ছবিয়েই অক্ষয় হৈ ৰয়। চাকৈ চকোৱা ইমান ওচৰৰ পৰা দৰ্শন কৰাৰ সৌভাগ্য মোৰ এয়াই প্ৰথম! অন্তৰৰ পৰা ভগৱানক ধন্যবাদ জনালো। অৱশ্যে সূৰ্য্যাস্তৰ সময়ত এদিন চৰলাবিলতো চাকৈ চকোৱা দেখিছিলো। কাজিৰঙাৰ ডেওপানীৰ জলাহভূমিতো নিৰিক্ষণ কৰিছিলো।
হঠাত সিহঁতৰ এটাৰ মাত শুনিলো। আমাৰ ঘৰুৱা হাহৰ মাততকৈ শুৱলা। হয়তো মোৰ উপস্থিতিৰ উমান পাই এটাই আনটোক সতৰ্ক কৰি দিছে। এটি হাঁহে পানীত মুক্ত বিচৰণ কৰিছিল যদিও আতৰি যোৱা নাছিল। চৰাইটিৰ ডিঙিৰ তলত এটা কলা ৰঙৰ আঙুঠিৰ দাগ আছে। ইহঁতে সদায় যোৰ পাতি থাকে। চাকৈ-চকোৱাক প্ৰেমৰ প্ৰতীক বুলি কোৱা হয়। অসমীয়া গীততো চাকৈ-চকোৱাৰ বিশেষ স্থান আছে।
সংখ্যাত কম এই পৰিভ্রমী চৰাইবিধ সময়ৰ আচোঁৰত বিলুপ্তি নঘটক। তাৰেই কামনা কৰিলো…ধন্যবাদ 🙏🙏




Tell us about your thoughtsWrite message