সেইদিনা আছিল চ’তৰ এটি নিৰ্মল পুৱা। কেইদিনমান আগতে অহা বৰষুণ জাকে ফাগুণৰ ধূলিয়ৰি ৰূপটোক ধুই বাট পথ পৰিষ্কাৰ কৰিলে। সেউজ বনত নৱ পল্লৱৰ বৰ্ণিল আভাই ভুমুকি মাৰিলে। আমি সপৰিয়ালে ওলাই গৈছিলো গোলাঘাটৰ বিখ্যাত যোগীবিললৈ। উদ্দেশ্য আছিল পক্ষী দৰ্শন। পুৱতি চৰাইৰ কীলৱিল শব্দত সাৰ পাই উঠিল যোগীবিল।
পৰিষ্কাৰকৈ ৰাখিছে বিলখন। যিসকল লোকৰ ঐকান্তিক প্ৰচেষ্টা তথা অপৰিসীম কষ্টৰ বিনিময়ত এই কাম সম্ভৱ হৈ উঠিছে সেই সকল লোকৰ প্ৰতি শ্ৰদ্ধা আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো।
প্ৰকৃতিত মুক্ত মনেৰে বিচৰণ কৰা পক্ষীৰ গতি বিধি চোৱাৰ আনন্দই সুকীয়া। দাউক সদৃশ চৰাই এটিয়ে মলয়াৰ দিশত ধাৱিত পদুমৰ পাতত উঠি ধিৰে ধিৰে গৈ থকা দৃশ্যটো বৰ উপভোগ্য আছিল। মোক বিশেষ ভাৱে আকৰ্ষিত কৰিছিলে অকণমানি খৰতকীয়া মাছৰোকা চৰাই এটিয়ে। ইংৰাজীত কোৱা হয় “common Kingfisher” (Alcedo atthis)। চৰাইটিৰ অন্য কথা ভাবিবলৈ যেন আহৰি নাই। গোটেই বিলখন ডেউকা কোবাই দ্ৰুত গতিৰে ঘুৰি ফুৰিছে। যেন বিলখন তাৰহে অধীনত। কিয়নো সি বিলখনৰ থলুৱা চৰাই। সি কেতিয়াবা মৎস্য সন্ধানত নিমগ্ন হৈ এখন্তেক ৰয়। এই চৰাইবিধে নিজৰ টেৰিটৰী ৰক্ষা কৰি চলে।
কেমেৰাৰ লেন্সত অকনমাণি মাছৰোকা চৰাইটিক স্পষ্টকৈ দেখা পালো। বৰণত উজ্জ্বল নীলা। বুকু অঞ্চলৰ পাখিবোৰ শেঁতা মটীয়া ৰঙৰ। নেজ চুটি। অলপ ক’লা তথা ঈষৎ ৰঙা দীঘল জোঙা ঠোঁট আৰু ৰঙা ঠেং দুখনে কনমানি চৰাইটিৰ ৰূপৰ ৰসত সুৱগা চৰাইছে। মাজে মাজে তাৰ তাৎক্ষণিক কলৰৱত যেন কম্পিত হয় বিলখন। সি তাৰ সজাগ প্ৰহৰি।
মাছৰোকা চৰাইৰ মধ্যমীয়া আকাৰৰ আন এবিধ প্ৰজাতি আমাৰ অৰণ্য, জলাশয় আদিত সহজদৃষ্ট। এই বিধৰ নাম “White-throated Kingfisher” (Halcyon smyrnensis)। ইহঁতৰ মুৰৰ অঞ্চল গাঢ় মটীয়া বৰণৰ। দীঘল জোঙা ঠোঁটটো ৰঙা। বুকু অঞ্চল শুভ্ৰ বগা পাখিৰে আবৃত। পিঠি উজ্জ্বল নীলা।
মাছৰোকা চৰাইৰ ৰঙৰ উজ্জ্বলতাৰ আৰত আছে ইহঁতৰ পাখিৰ বিশেষ গঠন। এই ব্যাখ্যা পোৱা যায় ‘নেন’ বিজ্ঞানত।
প্ৰকৃতিৰ সৃষ্টিৰ ৰহস্যৰ কথা ভাবি আচৰিত হও। নৈসৰ্গিক সৌন্দৰ্য্যৰ মূলতেই প্ৰকৃতিৰ এই সুনিপুণ সৃষ্টি…ধন্যবাদ 🙏🙏






Tell us about your thoughtsWrite message