#প্ৰকৃতিৰ_অনুপম_সৃষ্টি_কাঠ_শালিকা
বন্ধৰ দিনবোৰ মানুহৰ নিজৰ হাতত থাকে। ব্যস্ততাৰ মাজত ৰুচি অনুসৰি উদযাপন কৰিব পাৰিলে সময় খিনি মূল্যবান হৈ পৰে। সেইদিনা আছিল চৰকাৰী বন্ধৰ দিন, “Good Friday”। সপৰিয়ালে নিমাতীৰ ফালে প্ৰাতঃভ্ৰমণত ওলাই গ’লো। লক্ষ্য স্থান আছিল নৈসৰ্গিক সৌন্দৰ্য্যৰে ভৰপূৰ চৰলাবিল। গাড়ীৰ খিৰিকী খুলি লৈছিলো। নিৰ্মল বতাহৰ মৃদু-মধুৰ স্পৰ্শই দেহ মন পুলকিত কৰিলে। বাতৰ কাষৰ গছবোৰৰ শোভাবৰ্ধন কৰিছিল নানাৰঙি কুহিঁপাতবোৰে। মাজে মাজে ভাহি আহিছে মাথো মন পুলকিত কৰা কেতেকীৰ প্ৰতিধ্বনিত সুমধুৰ মাত। বহাগ সমাগত!
হঠাত এজোপা আঁহত গছৰ ডালত চকুত পৰিল দুটি চিকুণ চৰাই। কেমেৰাৰ লেন্সত স্পষ্টকৈ ধৰা দিলে। হয়, দুটি ধুনীয়া মসৃণ পক্ষী। নাম “কাঠ শালিকা”। ইংৰাজীত কোৱা হয় “chestnut-tailed starling”। আকাৰত শালিকাতকৈ সৰু। পুৱাৰ কোমল ৰ’দত জিলিকি উঠিল সিহঁতৰ পাখিৰ উজ্জ্বল ৰংবোৰ। চকুৰ মণি বগা। বুকুখন মটীয়া ৰঙৰ মসৃণ পাখিৰে আবৃত। পিঠিৰ পাখি মটিয়া আৰু ক’লা চানেকীয়া। দেহৰ তলৰ অংশও মটীয়া। নেজৰ আগটো অলপ মুগা৷ সুন্দৰ জোঙা ঠোঁটটোত আছে ৰঙৰ সমাহাৰ। ঠোঁটৰ আগটো হালধীয়া আৰু ক্ৰমান্নয়ে গাঢ় নীলা।
পক্ষীটিৰ পাখিৰ ৰঙৰ উজ্জ্বলতাৰ মূলতেই হ’ল তাৰ পাখিত প্ৰকৃতিয়ে সৃষ্টি কৰা বিশেষ গঠন আৰু পোহৰৰ তৰংগ দৈৰ্ঘ্য। সচাই কাঠ শালিকা প্ৰকৃতিৰ এক অনুপম সৃষ্টি।
গছজোপাৰ ইটো ডালৰ পৰা সিটো ডাললৈ সিহঁতে জপিয়াই ফুৰিছে। ভ্ৰুক্ষেপ নাই মোৰ উপস্থিতিৰ প্ৰতি। নিশ্বয় ফলৰ সন্ধানত মগ্ন। ফুলৰ মৌ আৰু পোক-পৰুৱা ইহঁতৰ খাদ্য। মই সন্তৰ্পনে মুহূৰ্তবোৰ কেমেৰাত আৱদ্ধ কৰি ল’লো।
এই ঠলুৱা চৰাইবিধ সাধাৰণতে মুকলি কাঠনিৰ গছত বাস কৰা দেখা যায়। সেয়েই হয়তো কোৱা হয় কাঠ শালিকা। তথ্য অনুসৰি দক্ষিণ-পূব এছিয়া তথা ভাৰতত ই বিস্তাৰিত। প্ৰকৃতিৰ কোলাত নিৰ্বিঘ্নে জিয়াই থাকক এই ধুনীয়া চৰাইটি। তাৰেই কামনা কৰিলো…ধন্যবাদ 🙏🙏



Tell us about your thoughtsWrite message