(50)#প্ৰকৃতিৰ_অলংকাৰ

#বৰ্ণিল_বলাকাৰ_ডেউকাত_বেঙুণী_ৰহণ_সানি

প্ৰকৃতিৰ প্ৰতিটো যাত্ৰাত ৰৈ থাকে নতুনত্ব। বহাগৰ বতৰত ওলাই গৈছিলো ব্ৰহ্মপুত্ৰৰ পাৰলৈ। এফালে ধীৰস্ৰোতা বিশাল ব্ৰহ্মপুত্ৰৰ ৰূপালী পানী। ৰ’দৰ পোহৰত চিকমিকাইছে লুইতৰ চাপৰি। মঠাউৰিৰ দুয়োফালে থকা বসন্ত পৰশা শিমলুৰ নতুন পাতৰ মাজেৰে বৈ আহিছে বহাগৰ শীতল বতাহজাক। এচোপ দুচোপকৈ শিমলু তুলা সৰিছে কিনো লয়লাসেৰে! দুৰৈৰ পৰা ভাঁহি আহিল ধোল আৰু পেপাৰ মাত। যেন বহাগৰ এটি মিঠা সুৰ।
এই প্ৰাকৃতিক পৰিৱেশত ক্ষন্তেকৰ বাবে হ’লেও বিলীন হৈ ভাল লাগে। কি সুন্দৰ এই সেউজ পৰিৱেশ। নিমাতীমূখি যাত্ৰাপথৰ কাষত আছে বিশাল দলনী। মাজে মাজে নল খাগৰী। ভিন্ন চৰাইৰ বিচৰণ ক্ষেত্ৰ এই জলাহভূমি। কিমান যে চৰাই আছে এই অঞ্চলত। গৈয়েই ভাল লাগে। বিস্তীৰ্ণ সেউজ পথাৰৰ এঠাইত থিয় দি আছে এজাক শামুক ভঙা। ক’ৰবাত আকৌ ধ্যানমগ্ন মৎস পিয়াসী কণামুছৰিৰ দৃশ্য।
এই নৈসৰ্গিক দৃশ্যবোৰে মন পুলকিত কৰে। স্তব্ধ পৰাণ জুৰ পেলাই। এই আনন্দ, প্ৰাপ্তিৰ আনন্দ। প্ৰত্যুশৰ প্ৰতিক্ষাৰ আনন্দ। স্বচক্ষে দেখাজনেহে অনুভৱ কৰিব পাৰে!
হঠাৎ মোৰ চকুত পৰিল ইষৎ বেঙুনীয়া তথা মুগা বৰণৰ দীঘল সৰ্পিল ডিঙিৰ এটি বগ। ইংৰাজীত কোৱা হয় “purple heron”। খাদ্য অন্বেষণত মগ্ন চৰাইটি অতি স্থিৰ। অতি সন্তৰ্পনে প্ৰতীক্ষা কৰিছে খাদ্যৰ প্ৰত্যাশাত। প্ৰয়াস কৰিছে তাৰ উপস্থিতিক লুকুৱাই ৰখাৰ। যেন এখন স্থিৰ চিত্ৰহে। এই মুহূৰ্তবোৰ কেমেৰাত অক্ষয় কৰি ল’লো।
এইবাৰ আগবাঢ়িলো বৰআলি হৈ বিখ্যাত চৰলাবিললৈ। পথ চোৱা মাজে মাজে জনশূন্য। ইয়াত আছে নিস্তব্ধতা, কেৱল নিস্তব্ধতা, গা চমেচমাই যোৱা নিস্তব্ধতা। পাত এখিলা পৰিলেও শব্দ হয়। মোৰ কেমেৰাৰ ক্লিক বিলাক চৰাইয়ে শুনে বুলি সাৱধান হৈছিলো। দুয়োপাৰে সেউজ মেটেকা। পথৰ দাঁতি শুৱনি কৰিছে শিমলু তুলাৰ শুভ্ৰ দলিচাই। শুনা পালো কেৱল পক্ষীৰ কলৰৱ।
গৈ গৈ পালোগৈ পটিয়া চৰলাবিল। কি সৌভাগ্য! নাতিদূৰৈত দেখা পালো আকৌ এটি “purple heron” পূনৰ বাৰৰ বাবে। চৰলাবিলত অৱশ্য এইবিধ বগ সহজদৃষ্ট। সেউজ ঘাঁহনিত চৰাইটি বৰ ধুনীয়া লাগিছিল। তাৰ পাখিত আছে ৰঙৰ ভিন্নতা। মুগা, বেঙুণীয়া, ইষৎ ধোৱা বৰণৰ সমাহাৰ। জোঙা দীঘল বাদামী-হালধীয়া ঠোঁটটো শক্তিশালী। এই ঠোঁটেৰে মাছ ধৰি গোটে গোটে গিলা দেখিলো। চৰাইটিৰ মূৰত এডাল টিকনিও আছে। খোজ কাটলত ৰাজকীয় চৰাইটি দেও দি দেও দি গৈ থকাৰ দৃশ্য উপভোগ্য। তাৰ কম্পিত পাখিত ৰ’দৰ পোহৰ পৰি চিকমিকাইছে। কি সুন্দৰ! যেন তাৰ প্ৰতিটো ভংগীমাই ৰং তুলিকাৰে অংকিত একোখন কেনভাচহে।
এই সৌন্দৰ্যৰ আৰতেই লুকাই আছে প্ৰকৃতিৰ সৃষ্টিৰ ৰহস্য। ইয়াৰ কাৰন হ’ব পাৰে তাৰ পাখিত নিহিত সম্ভাব্য বিশেষ গঠন আৰু পোহৰৰ তৰংগদৈৰ্ঘ্যৰ সম্পৰ্ক। এই চৰাই বিধৰ বৰ্ণিল পাখিৰ বিশেষ গঠনৰ ওপৰত অধ্যয়নৰ থল আছে।
তথ্য অনুসৰি এই চৰাইবিধ আফ্রিকা, মধ্য আৰু দক্ষিণ ইউৰোপৰ লগতে দক্ষিণ আৰু পূব এচিয়াত বিস্তৃত। অৱশ্যে সময়ৰ আচোঁৰত ইহঁতৰ বিচৰণ ক্ষেত্ৰ সংকোচিত হৈ আহিছে। এই চৰাইবিধ বিপদগ্ৰস্ত নহওক। তাৰেই কামনা কৰিলো…ধন্যবাদ 🙏🙏

Tell us about your thoughtsWrite message

Your email address will not be published. Required fields are marked *

Back to Top
Back to Top
Close Zoom
Copyright © 2023. Warning-Copy of any content,images is not allowed by the owner.