প্ৰকৃতিৰ চিৰন্তন নিয়মাৱলীৰ কোনো হীন-ডেঢ়ি নাই। অনিৰ্বাণ অনিৰূদ্ধ গতিত অনিৰ্বাপিত সেই সৃষ্টিৰ মধুময় চন্দ। অনাদি অনন্ত কালৰ পৰা শ্বাস্বত যেন এটি সুৰ। ঋতু আহে ঋতু যায়। নিয়ম একেই মাথো। যথাসময়ত ধৰালৈ বহাগৰো আগমন হ’ল। ৰঙীণ বহাগ!
গছে গছে পাতে পাতে বসন্তৰ সাজোন। দূৰ দিগন্তৰ পৰা অহা কুলিটিয়েও লগৰী বিছাৰি হ’ল উন্মনা। ওৰেটো ৰাতি গান গালে বহাগৰ। তাৰ সুললিত কন্ঠত আছে সৃষ্টিৰ আকুল আহ্বান। সেই সুৱদি মাতত চৌপাশ মুখৰিত হ’ল। দেহ মন শাঁত পৰিল। শাত পৰিল চিত। পৰাণ জুৰালে।
তাৰ সুৰীয়া মাতৰ চন্দে চন্দে বহাগ নাচে। কুলিৰ সুৱদি মাতত আছে বহাগৰ ৰং। এক আশা ভৰা ৰং। কপৌ, তগৰ আৰু নাহৰ ফুলৰ মৃদু সুঘ্ৰাণ। মলমলাই থকা কেতেকীৰ গন্ধত বহাগ চঞ্চল।
“বহাগ মানে কুলিৰ মাত”। প্ৰকৃতি সৃষ্ট এই মধুৰ কণ্ঠই গীত-মাত, ভাষা-সাহিত্যত বিশেষ স্থান দখল কৰিলে। এই সুমধুৰ সুৰত আছে এক স্বৰ্গীয় অনুভুতি। বহাগক দিলে এক অনন্য ৰূপ।
তথ্য অনুসৰি ভাৰত বৰ্ষ, চীন, দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াত কুলি চৰাই বিস্তাৰিত। ইংৰাজীত ইয়াক কোৱা হয় “Asian Koel”।
ভিন্ন দিশৰ পৰা নিৰীক্ষণ কৰিলে কুলিটিৰ চিকচিকিয়া ক’লা পাখিত নিহিত ৰঙৰ উজ্জ্বলতাৰ পৰিবৰ্তন চকুত পৰে। ইয়াৰ মূলতেই চৰাইটিৰ পাখিত থকা সম্ভাব্য বিশেষ গঠন। আচৰিত হও প্ৰকৃতিৰ এই সুক্ষ্ম সৃষ্টিৰ কথাবোৰ ভাবি! আশা কৰিম, প্ৰতিটো বহাগত কুলি আমাৰ মাজলৈ আহিব। আমাৰ মন-প্ৰাণ সজীৱতাৰে ভৰাই তুলিব…ধন্যবাদ 🙏🙏




Tell us about your thoughtsWrite message