ফাগুন আহে নতুনৰ প্ৰতিশ্ৰুতি লৈ। ফাগুন অহাৰ লগে লগেই হেটুলুকাৰ গাত তৎ নাইকিয়া হয়। চঞ্চল হৈ পৰে সেউজ বৰণৰ পক্ষীটিৰ মন। মনে তাৰ লগৰী বিছাৰে। বিৰিখৰ এটি ডালৰ পৰা আনটি ডাললৈ জপিয়াই ফুৰে। গছৰ লাহী ঠানি সাবটি বতাহৰ লগে লগে দোলে চঞ্চল চৰাইটি। জিৰাবৰ যেন তাৰ নাই আহৰি। অনবৰতে ডিঙি ফুলাই ফুলাই চিঞৰি চিঞৰি লগৰীক আহ্বান জনাই এখন সপোনৰ সংসাৰ গঢ়াৰ লক্ষ্যৰে…হেটুলুক্-হেটুলুক্…কি এক আকুল আহ্বান…ৰজনজনাই যায় চৌপাশ…জাহিৰ কৰে তাৰ উপস্থিতিক।
চ’তে গৈ গৈ বহাগ পালেহি…হেটুলুক্-হেটুলুক্…হেটুলুক্-হেটুলুক্… ক্ৰমাত হেটুলুকা চৰাইটিৰ মাত যেতিয়াই তেতিয়াই শুনিবলে পোৱা গ’ল। সি অধিৰ হ’ল হিয়াৰ আহ্বানত। এইয়াযে বসন্ত! ধূলিয়ৰি ফাগুণৰ পছোৱা জাকৰ মাজেৰেই গছৰ খোৰোঙত পাতিলে এখন নতুন সংসাৰ। অবিৰত থাকিল প্ৰকৃতিৰ সৃষ্টিকামী গতিৰ ধাৰা..
কি সুন্দৰ এই চঞ্চল চৰাইটি। ঠোঁট ঈষৎ ৰঙা আৰু চকুৰ চাৰিওকাষে আছে ধুনীয়াকৈ হালধীয়া ডাঙৰ বলয়। মূৰ আৰু বুকু অংশত আছে ডাঠ বগা আঁচ। পিঠিৰ অংশ, ডেউকা আৰু নেজৰ অংশৰ পাখি সেউজীয়া। সেয়েই গছৰ সেউজীয়া পাতৰ লগত মিলি থাকে। ইয়াক মাতটোৰ যোগেদিহে বিচাৰি উলিয়াব পাৰি। ইংৰাজীত ইয়াক কোৱা হয় “Lineated barbet”।
এই থলুৱা চৰাইবিধৰ বসবাস কৰা এলেকাটো নিৰ্দিষ্ট। সাধাৰণতে এটি বা জাকপাতি তিনি বা চাৰিটাকৈ চৰাই এটা অঞ্চলত দেখা পোৱা যায়। আহত, বৰগছ আদিত ইহঁতে ফল মূলৰ সন্ধান কৰে। তথ্য অনুসৰি হেটুলুকা হিমালয়ৰ পাদদেশৰ পৰা পূব আৰু উত্তৰ পূব-ভাৰত আৰু বাংলাদেশলৈকে দেখা পোৱা যায়। আজিলৈ ইমানতে সামৰিলো…ধন্যবাদ 🙏🙏




Tell us about your thoughtsWrite message