মানব জীৱন প্ৰকৃতিৰ দান। আমি প্ৰকৃতিৰ সন্তান। আমাৰ জীৱনৰ ক্ষণবোৰৰ সুপ্ৰয়োগে জীৱনটোক কৰি তোলে অৰ্থৱহ। এই মূল্যবান জীৱনটোৰ অকনমান সময় প্ৰকৃতিৰ মাজত বিলীন কৰিলে খোল খাই নতুনত্বৰ দ্বাৰ। উন্মোচিত হয় প্ৰহেলিকাময় প্ৰকৃতিৰ বহু ৰহস্য।
প্ৰাতঃ ক্ষণত প্ৰকৃতি দৰ্শনে মন উজ্জীৱীত কৰে। মনলৈ আনে জ্ঞান অন্নেশাৰ তৃষা। বন্ধৰ দিনত সময় পালে পুৱাতেই ওলাই যাও। যান্ত্ৰিকতাৰ কৰ্কশ শব্দৰ পৰা মুক্ত পুৱাবোৰত ভিন্ন পক্ষীৰ সুৰীয়া মাতৰ মূৰ্চনা আৰু বিৰিখত সদ্য-প্ৰস্ফুটিত ফুলৰ ৰঙৰ বৈচিত্ৰতাৰ মাজেৰে কৰা যাত্ৰাৰ মাদকতাই বেলেগ। আমাৰ ল’ৰাটিৰ অনুৰোধ ক্ৰমে সপৰিয়ালে ওলাই গৈছিলো নতুন পক্ষীৰ দৰ্শনৰ উদ্দেশ্যে। কেইদিনমানৰ আগতে অহা বৰষুণ জাকে আনি দিলে এটা সূচি-স্নিগ্ধ সেউজ পৰিৱেশ। গছবোৰ ভৰি পৰিল নতুন কুহিঁপাতেৰে। এই সেউজ সমৃদ্ধ পৰিৱেশটোৰ লগতে ৰিব ৰিব কৈ বৈ থকা পুৱাৰ মৃদু বতাহ জাকৰ সান্নিদ্ধ্যই দেহ মন প্ৰফুল্লিত কৰিলে।
জীৱনত যিটো বিচৰা যায় কেতিয়াবা পোৱা যায় আৰু কেতিয়াবা পোৱা নাযায়। প্ৰাপ্তি সমূহৰ অন্তৰালত নিহিত থাকে ঔকান্তিক প্ৰচেষ্টা আৰু অনলস সাধনা। কেতিয়াবা আকৌ প্ৰতীক্ষিত বস্তুটো নভবাকৈ ধৰা দিয়েহি। হয়তো সেইয়াই ভাগ্য।
পক্ষী দৰ্শনৰ ক্ষেত্ৰত কেতিয়াবা মোৰ এনে সৌভাগ্য মিলিছে। হয়, সচাই আমাৰ আগত ধৰা দিলেহি এটি নতুন চৰাই। প্ৰথমেই পত্নীৰ চকুত ধৰা পৰিল। এটি কপৌৰ দৰেই চৰাই। আপোনমনে ৰাস্তাৰ কাষত বিচৰণ কৰিছে। এটি শান্তিপ্ৰিয় পক্ষী। মূৰৰ বৰণ ধূসৰ বগা। ঠোঁটটো অলপ ক’লা। গাটো শেঁতা ইটাগুৰীয়া বা অলপ ৰঙচুৱা বৰণৰ। ডিঙিত চাৰ্টৰ কলাৰৰ দৰে এডাল ক’লা ৰঙৰ গল মনি। চৰাইটিৰ আকাৰ আমি সচৰাচৰ দেখি থকা ‘তিল কপৌ’তকৈ সামান্য সৰু। নাম হাৰুৱা কপৌ। ইংৰাজীত কোৱা হয় “Red Collared Dove”। চৰাইটিয়ে ওখ চতিয়না গছ এজোপালৈ বৰকৈ অহা যোৱা কৰিছে। লক্ষ্য কৰিলো আৰু এটি হাৰুৱা কপৌ গছ জোপাত আছে। গম পালো এই হালে সংসাৰ গঢ়াৰ যোজা চলাইছে। ইহঁতে সাধাৰণতে গছৰ ডালত বাহ সাজে।
তথ্য অনুসৰি হাৰুৱা কপৌ ভাৰত উপমহাদেশ, টাইৱান আৰু ফিলিপাইনছ আদি ঠাইত বিস্তাৰিত।
হাৰুৱা কপৌ য’তে ত’তে দেখা পোৱা নাযায়। ইয়াৰ মুখ্য কাৰণ সময়ৰ আচোঁৰত ইহঁতৰ বসতিস্থলৰ ক্ৰমাগত হ্ৰাস। সেয়েহে ঠাই বিশেষে এইবিধ চৰাই দুষ্প্ৰাপ্য হৈ পৰিছে। এতিয়া প্ৰশ্ন হয়, “হাৰুৱা কপৌ বিলুপ্তিৰ পথত নেকি?” আজিলৈ ইমানতে সামৰিলো…ধন্যবাদ 🙏🙏




Tell us about your thoughtsWrite message