“সখিয়তী জিলমিল পাখি
ৰ’দত তিৰেবিৰাই
ডালে ডালে আঁৰে আঁৰে
উৰি উৰি যায়
অ’ উৰি যায়
লাহেকৈ লাহেকৈ
সুহুৰী যে বজালি…”
…..বিখ্যাত গায়িকা পাৰৱীন চুলতানাই সখিয়তী চৰাইটিক লৈ গাইছিলে এই সুন্দৰ গীতটি। গীতৰ কথা ড০ নিৰ্মল প্ৰভা বৰদলৈৰ। কেইবাদিনো ধৰি মোৰ মনত গীতটি মঞ্জুৰি আছে, যেন সখিয়তীক লৈ এটি মিঠা অনুভৱ।
উজ্জ্বল হালধীয়া ৰঙেৰে উদ্ভাসিত এই সখিয়তী চৰাইটি আটক ধুনীয়া। মষ্টকৰ পাখি তেল সানি থোৱা চুলিৰ দৰেই জিলিকি থাকে। কিচকিচিয়া ক’লা। ঠোঁটৰ তলৰ পৰা বুকু অংশও ক’লা। ঠোঁটটো ঈষৎ ৰঙা। পেট আৰু পিঠিৰ অংশ উজ্জল হালধীয়া। ডেউকাৰ তলৰ অংশ ক’লা। হালধীয়া আৰু ক’লা ৰং মিহলি ফিচা।
ইমান সুন্দৰ চৰাইটিকলৈ কোননো কবি বা গীতিকাৰৰ কলম ৰৈ থাকিব পাৰে। সখিয়তী চৰাইটিয়ে অসমীয়া সাহিত্যতো বিশেষ স্থান অধিকাৰ কৰিছে। বিহগী কবি ৰঘুনাথ চৌধাৰী দেৱে ‘ছায়া চিত্ৰ’ শীৰ্ষক কবিতাটিৰ যোগেদি কৈছে,
অশোক ডালত সখিয়তীয়ে
‘সখী ঔ’ ‘সখী ঔ’ বুলি;
বুকু ভাঙি ভাঙি বিনাইছে দেহি
বিষাদৰ সুৰ তুলি!
চৰাইটিৰ ভিন্নসুৰী মাত চিত্তাকৰ্ষক। এদিন নিৰ্জন দুপৰীয়া নিৰীক্ষণ কৰোতে চৰাইটিৰ কেইবা প্ৰকাৰৰ মাত শুনিবলৈ পালো। কেতিয়াবা গুনগুনাই অমাতৰ মাত এটি দিয়ে, মাজে মাজে আকৌ ৰৈ ৰৈ শুৱলা মাতেৰে ইনাই বিনাই কাৰোবাক বৰ আৱেগেৰে মতা যেন লাগে। জনশ্ৰুতি মতে “সখী ঔ, সখী ঔ” বুলি মাতে হেনো। হয়তো সেয়েই নাম পালে “সখিয়তী”। পাটমাদৈ বুলিও কয়। ইংৰাজীত কোৱা হয় “Black-hooded Oriole”।
এই সময়, বহাগ ৰঙীন। বিৰিখৰ ডালে ডালে পাতে পাতে বহাগৰ প্ৰেম ভৰা মাদকতা। চৌদিশে বহাগৰ সুৰৰ গুণগুণনি। যেন এজাক ৰঙীণ বহাগী চঞ্চল হৃদয়ে হৃদয়ে। গছৰ কুমলীয়া পাতত কেঁচা সেউজীয়া ৰঙৰ চিকমিকনি। বসন্তৰ পৰশত সখিয়তীও হৈ পৰিল চঞ্চল। পাতেৰে ভৰি থকা আহত, জামু, সোনাৰু আদি ওখ গছত ইটোৰ পৰা সিটো ডাললৈ খৰকৈ জপিয়াই ফুৰে। সপোন ৰচে সংসাৰ গঢ়াৰ। এডাল দুডালকৈ কুটা কঢ়িয়াই। বাঁহ সাজে। পাতৰ আৰত লুকাই লুকাই ঘুৰি ফুৰা বাবে ইহঁতক সাধাৰণতে স্পষ্টকৈ চকুত নপৰে।
দেও দি দেও দি উৰা দৃশ্যটো উপভোগ্য। এদিন এজোপা গছত পৰি ঠোঁটত পলু জাতীয় কিবা খাদ্য লৈ উৰা মৰা দেখিছিলো। নিশ্চয় অধিৰ অপেক্ষাত ৰৈ থকা ভোকাতুৰ কনমানি পোৱালী কেইটাক খুৱাবলৈ নিছে। সাধাৰণতে ফৰিং, গছৰ গুটি আদি ইহঁতৰ খাদ্য।
তথ্য অনুসৰি সখিয়তী বিশ্বৰ ভিন্ন স্থানত বিস্তৃত। চৰাইটি শান্তিৰে আৰু নিৰ্ভয়ে থকাৰ কামনা কৰিলোঁ। আজিলৈ ইমানতে সামৰিলো…ধন্যবাদ 🙏🙏
Back to
Top
Tell us about your thoughtsWrite message