শীতৰ আৰম্ভণিতেই অসমৰ নদ-নদী, খাল-বিল, জলাশয় সমূহ মুখৰিত হৈ উঠে হাজাৰ হাজাৰ বন হংসৰ (পৰিভ্রমী আৰু থলুৱা) আগমনত। সন্ধান কৰে নিৰাপদ আশ্ৰয়স্থলৰ। এই বন হংসৰ ভিতৰত অন্যতম আমাৰ সকলোৰেই পৰিচিত শৰালি হাঁহ। ৰং বাদামী, ডিঙি দীঘল আৰু নেজ ৰঙচুৱা। দলবদ্ধ ভাৱে বৃহত গোটত বিচৰণ কৰে অসমৰ বিল সমূহত। কেতিয়াবা আকৌ উৰি আহি পৰেহি শস্যৰ পথাৰ সমূহত খাদ্যৰ সন্ধানত। আনকি কেতিয়াবা মানুহৰ বাৰীৰ পিচফালৰ পুখুৰী সমূহতো চৰেহি। শৰালি হাঁহ আমাৰ স্থায়ি বাসিন্দা। এই শৰালি হাঁহক লৈ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই গাইছিলে
“…তুমি হাঁহি দিলাঁ, আমি হাঁহি দিলোঁ
সেই হাঁহিৰ খলকনিত
এজাক শৰালি হাঁহ উৰি গʼলগৈ..”
বাক্যাংশই শ্ৰোতাৰ মনত ডেউকা কোবাই নীল জলৰাশিৰ ওপৰেদি উৰি যোৱা প্ৰাণ-চঞ্চল শৰালি জাকৰ নান্দনিক ছবিখনকে জাগ্ৰত কৰে। ড০ ভূপেন হাজৰিকাই আকৌ গাইছে
“…শেৱালীৰে বিছনাতে
আমি দুয়ো শুলোঁ
শুই শুই মেঘৰ আঁৰৰ
শৰালি গণিলোঁ…”
শৰালিক লৈ শৰতৰ কি এটি মিঠা অনুভৱ! যেন শুকুলা ডাৱৰৰ আঁৰে আঁৰে এজাক শৰালি উৰি উৰি ধাৱমান হৈছে ডেউকা কোবাই নীলিমাক চুমি অসীমলৈ। পুৱা-গধূলি জাক জাক শৰালি দেখা যায় শৰতৰ আকাশত। যেন আকাশ মাৰ্গেৰে ধীৰ গতিত অগ্ৰসৰ হোৱা এপাত শৰ। কি এক উপভোগ্য দৃশ্য!
শৰালিৰ মাতত ভাহি উঠে মোৰ ল’ৰালি। নিজম ৰাতি শৰালিৰ মাত শুনি মোৰ ল’ৰালি যে ভাবত বুৰ যায়! কি যে কিচিৰ-মিছিৰ শব্দ এই নিশাচৰ শৰালি জাকৰ। আকাৰত বৰ শৰালিতকৈ সৰু। উৰিলে আকৌ ডেউকা দুখনে হুইছেলৰ দৰে শব্দ কৰে। হয়তো সেয়েই ইংৰাজীত নাম পালে “Lesser Whistling Duck”। বিজ্ঞানৰ ভাষাত কোৱা হয় “Dendrocygna javanica”। দিনৰ ভাগত শৰালি হাঁহ বৃহৎ গোটত নিৰাপদ খাল, বিল, জলাশয় আদিত জিৰায়। ইহঁতে আমাৰ প্ৰাকৃতিক পৰিৱেশত খাপ খাব পাৰে। প্ৰয়োজন মাথো নিৰাপদ আশ্ৰয়স্থলৰ। বছৰৰ প্ৰাই খিনি সময়তেই শৰালি হাঁহ চকুত পৰে।
ইহঁতৰ মূল খাদ্য জলজ উদ্ভিদ আৰু খেতি পথাৰৰ ধান, সৰু মাছ, ভেকুলী আদি। সময়ৰ আচোঁৰত ইহঁতৰ নিৰাপদ আশ্ৰয়স্থল কমি গৈছে। শৰালিৰ কলৰৱত মুখৰিত হৈ থাকক আমাৰ জলাশয় সমূহৰ চৌপাশ। অনিন্দ্য সুন্দৰ এই চৰাই বিধক নিৰাপদে ৰখাৰ দ্বায়িত্ব আমাৰেই। আমি সচেতন হৈ থাকিলে সুন্দৰ হৈ থাকিব আমাৰ প্ৰকৃতি। মুগ্ধ হ’ম শৰালিৰ অবাধ বিচৰণৰ দৃশ্য দেখি। আজিলৈ ইমানতে সামৰিলো…ধন্যবাদ 🙏🙏
Back to
Top
Tell us about your thoughtsWrite message