(56)#প্ৰকৃতিৰ_অলংকাৰ

#জলৰ_পথিক

এটা দিন আছিল যেতিয়া আমি সৰুতে গাঁৱৰ বোকা পানী খচকি হাবিয়ে বননিয়ে ঘুৰি ফুৰিছিলো আপোন পাহৰা হৈ। নাছিল কোনো বাধা। নাই কোনো ভাগৰ। গৰমৰ বন্ধত স্কুলৰ শিক্ষা গুৰুক দিবলৈ ভেট-পদুম আথে বেথে গোটাই আনিছিলো দলনিৰ পৰা দল টানি টানি। ভয়ভীত নাছিল। শৈশৱৰ সোনালী দিন আছিল সেইবোৰ।
দলনিত পদুম বিছাৰিবলৈ যাওতে এদিন এটা দৃশ্যই মোক আকৃষ্ট কৰিছিলে। দাউক সদৃশ দীঘল ঠেং আৰু নখৰ চৰাই দুটামানে মলয়াৰ দিশত ধাৱিত পদুমৰ পাতত উঠি ধিৰে ধিৰে গৈ থকা দৃশ্য। বৰ উপভোগ্য আছিল। আমাৰ উপস্থিতিৰ উমান পাই পদুমৰ বহল পাতৰ ওপৰেদি দৌৰ মাৰোতে পানীৰ ওপৰেদি খোজ কঢ়া যেন লাগিছিল চৰাই কেইটাক। নাম দলপুঙা। ইংৰাজীত কোৱা হয় “Bronze-winged Jacana”।
ইহঁতৰ ঠোঁট হালধীয়া। মুৰৰ অংশ ক’লা। চকুৰ ওপৰত দীঘল চূণৰ দৰে বগা আঁচ আছে। মুৰৰ পশ্চাৎ অংশৰ পৰা পিঠিৰ অলপ অংশলৈকে ময়ূৰৰ দৰে গাঢ় নীলাভ সেউজীয়া। নেজ চুটি। ডেউকাৰ ৰং ব্ৰঞ্জৰ দৰে মুগা। ৰ’দত চিকমিকাই। এই চিকমিকনিৰ আৰত আছে ইহঁতৰ পাখিৰ বিশেষ গঠন। পোৱালিবোৰৰ ৰং অৱশ্যে মটিয়া।
দলনিত থকা পদুমৰ পাত, মেটেকাৰ ওপৰত মুৰটো দুপিয়াই দুপিয়াই বেঙা মেলি মেলি পিট্ পিটাই ফুৰে খাদ্যৰ সন্ধানত। ইহঁতৰ খাদ্যৰ তালিকাত আছে ঘাঁহ বন, জলজ উদ্ভিদ, মেটেকাৰ ওপৰত পোৱা পোক-পতংগ ইত্যদি। ‘চিইক-চিইক-চিইক’কৈ মাতে।
আধুনিকতাৰ দ্ৰুত উন্নয়নৰ লগে লগেই হ্ৰাস পাই আহিল জলাহভূমি। কমি আহিল ইহঁতৰ বিচৰণ ভূমি। এই ধুনীয়া দলপুঙা চৰাইটিও আতৰি গ’ল আমাৰ গাঁৱ ভূইৰ জলাঞ্চলৰ পৰা। এতিয়া দলপুঙা দেখিবলৈ পোৱা যায় নিৰ্জন বিল, জলাশয় আদিত। তথ্য অনুসৰি দলপুঙা ভাৰত আৰু দক্ষিণ-পূব এছিয়াত বিস্তাৰিত ৷
আশা কৰিম, দলপুঙাক যেন কেৱল টিভিৰ পৰ্দাত বা ইন্টাৰনেটত দেখাৰ অৱস্থা নহওকগৈ। আমাৰ প্ৰকৃতিত জীয়াই থাকক দলপুঙা। আজিলৈ ইমানতে সামৰিলো…ধন্যবাদ 🙏🙏

Tell us about your thoughtsWrite message

Your email address will not be published. Required fields are marked *

Back to Top
Back to Top
Close Zoom
Copyright © 2023. Warning-Copy of any content,images is not allowed by the owner.