ইংৰাজী মে মাহৰ ৰবিবাৰ এটাত ওলাই গৈছিলোঁ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে কাজিৰঙাৰ কাষে কাষে। গৈ গৈ ডেওপানী বনাঞ্চল পাইছিলোঁগৈ। মুগ্ধ হৈছিলো বসন্ত পৰশা কাজিৰঙাৰ বৰ্ণিল ৰূপটো দেখি। চৌপাশে এজাৰ কেৱল এজাৰ। যেন কাজিৰঙাক আবৰি ধৌ খেলি আছে এখন বেঙুণীয়া চাদৰ। প্ৰখৰ ৰ'দত জিলিকিছে। কি এক অৰণ্যৰ আদিম প্ৰেমৰ মাদকতা! যুগে যুগে ফুলি আছে এই মন পৰশা বেঙুণীয়া এজাৰ। মনলৈ আহিছিল এক অজান শিহৰণ!
মাজে মাজে কৃষ্ণচূড়াৰ ৰঙীণ চপলতা, সোনগুটি সোণাৰুৰ উজ্জ্বল হালধীয়া ৰঙৰ বাহাৰ, বিলাতী সোণাৰুৰ গুলপীয়া বৰণ। মাজে মাজে বনৰীয়া ফুলৰ মৃদু-সুঘ্ৰাণ। মুঠতে বসন্তৰ ৰঙৰ মেলাত বিভোৰ কাজিৰঙা।
সেউজ ঘাঁহনিৰ মাজে মাজে বিচৰণ কৰিছে নিপোতল গঁড় কেইটামানে নিৰহ-নিপানীকৈ। গাত বোকা লেপি লৈছে। হয়তো ৰ'দৰ উত্তাপৰ পৰা পৰিত্ৰাণ পাবলৈ। অদূৰত নিৰ্ভয়ে চৰি থকা দেখিলো দুটি পহু। হঠাৎ আমাৰ কনমাণি ল'ৰা কনমইনাই দেখা পালে এটি বৰটোকোলাৰ সমান ওখ চৰাই সেউজীয়া পথাৰ খনত। মই লগে লগেই নিশ্চিত কৰিবৰ বাবে কেমেৰাৰ লেন্সত ফ'কাচ কৰিলোঁ। স্পষ্টকৈ দেখা পালো এটি তেলীয়া সাৰেং। ইংৰাজীত কোৱা হয় "Black necked stork"। চৰাইটিয়ে ধীৰ গম্ভীৰভাৱে মগ্ন যেন গভীৰ চিন্তাত। তাৰ চিন্তা পোক, পৰুৱা, মাছ, ভেকুলী, সৰু সৰীসৃপ জাতীয় প্ৰাণী ইত্যাদিৰ ওপৰত। ক'লা ঠোঁটটো তৰোৱাল এখনৰ দৰেই। মূৰৰ অংশ নীলাভ ক'লা। ৰ'দৰ পোহৰত সেউজীয়া চিকমিকনি আলোড়িত হয়। চকুৰ মণিত আছে হালধীয়া বলয় (অৰ্থাৎ মাতৃ চৰাই; অৱশ্যে পিতৃ চৰাইৰ চকু ক'লা)। বহু সময় ধৰি মন ভৰাই চৰাইটি চালো। অপূৰ্ব সুন্দৰ! চাই চাই নপলাই মোৰ তৃষা। কেইবাখনো ফটো অক্ষয় কৰি ল'লো কেমেৰাত। চৰাইটিৰ ডিঙিৰ অংশও ক'লা। বুকু আৰু পিঠিৰ অংশ উজ্জল বগা। ৰ'দত চিকমিকাই থকা ডেউকা দুখন গাঢ় সেউজীয়া। দীঘল লাহি কিন্তু মজবুত ঠেং দুখন চকুত লগা; উজ্জ্বল ৰঙা। জপং জপং কৰে সন্তৰ্পনে খোজ দি খাদ্য-সমস্যাৰ যথাযথ সমাধানত ব্যস্ত। ড০ ভূপেন হাজৰিকাই তেলীয়া সাৰেঙৰ ৰূপত মুগ্ধ হৈ তেওঁৰ বিহু সুৰীয়া গীতত গাইছে
"চৰাই চিকুণ অʼ লীলা ৰহিলা
তেলিয়া সাৰেং অʼ লীলা ৰহিলা..."
সঁচাই তেলীয়া সাৰেং চৰাইটি বৰ চিকুণ। যেন কোনোবাই গাত তেলহে সানি থৈছে। তেলিয়া সাৰেং চৰাই দেখিবলৈ পোৱাতো এক সৌভাগ্য। কাৰণ চৰাইটি এতিয়া দুৰ্লভ হৈ পৰিছে। বনাঞ্চল ভূমিৰ দ্ৰুত হ্ৰাসে চৰাইটিৰ আৱাস ভূমি সংকুচিত কৰি আনিছে। তথ্য অনুসৰি গংগা নদীৰ অৱবাহিকা আৰু অসমত তেলীয়া সাৰেং দেখা পোৱা যায়। অষ্ট্ৰেলিয়াত অৱশ্যে সংখ্যাত বেছি। কোনো কোনো দেশত ই লুপ্তপ্ৰায় হিচাবে চিহ্নিত হৈছে। চৰাইটি হেৰাই নাযাওঁক আমাৰ মাজৰ পৰা। তাৰেই কামনা কৰিলো। আজিলৈ ইমানতে সামৰিলো…ধন্যবাদ 🙏🙏
Tell us about your thoughtsWrite message