ব্ৰহ্মপুত্ৰৰ কাষৰ অন্যতম প্ৰিয় জলাহ অঞ্চল চৰলাবিলৰ পাৰৰ নিৰ্জন বৰআলিয়েদি অকলশৰে যাত্ৰা কৰাৰ এক সুকীয়া আমেজ আছে। এই চৰলাবিল যে কিমান দেশী-বিদেশী পক্ষীৰ বিচৰণ ভূমি। ভাল লাগে ভিন্ন ৰঙৰ ভিন্ন পক্ষীৰ ভিন্ন ধৰণৰ গতিবিধিবোৰ লক্ষ্য কৰি। সাধাৰণতেই চকুত পৰে অ’ত ত’ত ঠিয় দি ৰৈ থকা অথবা জপং জপং কৈ ঘুৰি ফুৰা খাদ্য সন্ধানী শামুক ভঙা কেইটা, মাজে মাজে মাছলৈ স্থিৰ চিত্ৰ এখনৰ দৰে চোপলৈ ৰৈ থকা বৰ বগ, জাক জাক শৰালিৰ মুক্ত বিচৰণ, ডেউকা মেলি ৰ’দ লৈ থকা পানী কাউৰী, বেঙা মেলি ঠোঁটটো খুটিয়াই খুটিয়াই সেউজীয়া ঘাঁহ-বন আজুৰি ফুৰা ৰঙা ঠোঁটৰ কাম চৰাই বিলাক, দলনিত চৰি ফুৰা পানী ডাউক ইত্যাদি ইত্যাদি।
মাজে মাজে বন্ধৰ দিনত চৰলাবিলৰ বিশাল জলৰাশিৰ পাৰৰ বৰআলিয়েদি পক্ষী দৰ্শন কৰিবলৈ যাওঁ। এই অঞ্চল প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ। এদিন বৰআলিয়েদি গৈ থাকোতে হঠাৎ চকুত পৰিল মঠাউৰিৰ পাৰত থকা নল-খাগৰিৰ ওপৰত সঘন অহা যোৱা কৰি থকা সৰু চৰাইৰ জাক এটা। আকাৰত প্ৰায় ঘৰ চিৰিকাৰ সমান।
মই সন্তৰ্পণে এটি চৰাইক কেমেৰাৰ লেন্সত ফ’কাচ কৰি নিৰীক্ষণ কৰিলো। ঠোঁটটো ক’লা। মূৰৰ অংশ উজ্জল হালধীয়া। চকু আৰু ঠোঁটৰ তলৰ অংশ ক’লা। পিঠি আৰু পেটৰ অংশ বাদামী। অতি খৰ খেদাকৈ ঠোঁটত কুটা লৈ অহা যোৱা কৰিছে। আন এটি একেই বাদামী বৰণৰ চৰাই (কিন্তু মূৰৰ বৰণ হালধীয়া নহয়) তৎপৰ হৈ আছে বাহ সজাত। ভালকৈ লক্ষ্য কৰি গম পালো এই কেইটা টোকোৰা চৰাই (weaver)। এইবিধ টোকোৰা এনে জলাশয়ৰ কাষত সাধাৰণতে দেখা যায়। ইংৰাজীত কোৱা হয় “streaked weaver”।
টোকোৰা চৰাইৰ উপস্থিতিয়ে মোক লৈ গ’ল শৈশৱৰ ভাল লগা সেই আনন্দময় দিনবোৰলৈ। আমাৰ গাঁৱৰ নামঘৰত হোৱা ভাওনাৰ পিছ দিনাই টোকোৰা চৰাইৰ বাহ মূৰত লগাই মুকুট সাজিছিলোঁ। কেতিয়াবা আকৌ নাৰিকল গছৰ তলত সৰি পৰা টোকোৰাৰ এই সুন্দৰ বাহবোৰ ৰাতিপুৱাই সযত্নে আনি চ’ৰাঘৰত সজাই থৈছিলোঁ। এই বাহবোৰ অকনমাণি চৰাইটিৰ নিখুঁত কাৰিকৰী জ্ঞানৰ পৰিচয়। আমাৰ আইতাই টোকোৰা চৰাই মোক চিনাকী কৰাই দিছিলে। হালধীয়া বৰণৰ মূৰৰ টোকোৰা হেনো পুৰুষ চৰাই। অন্যবিধ চৰাই হেনো মাতৃ চৰাই।
আগতে গাঁও ভূঁইত তামোল, নাৰিকল, তাল, খেজুৰ আদি গছত সহজেই দেখা পোৱা গৈছিল টোকোৰা চৰাইৰ অলেখ বাহ। ইংৰাজীত এইবিধ টোকোৰাৰ নাম “Baya weaver”। মানুহৰ বসতি অঞ্চলৰ আশে পাশে এইবিধ টোকোৰাই বাহ সাজে। আমাৰ গাঁৱৰ ঘৰখনত দুজোপা নাৰিকলৰ গছ এইবিধ টোকোৰাৰ বাহেৰে ভৰি আছিল। জাক জাক টোকোৰাৰ অহা যোৱা দৃশ্যই মন পুলকিত কৰে। কিযে নিখুঁত বাহ! বাহবোৰ নিৰ্মাণত সদাব্যস্ত হৈ থাকে প্ৰকৃতিৰ এই সুনিপুণ খনিকৰ। বাহটোত দুটাকৈ নিম্নমুখী পথ থাকে। পোৱালিবোৰৰ নিৰাপত্তাৰ বাবে এটি পথ যথাসময়ত বন্ধ কৰি দিয়ে।
আজিকালি কিন্তু টোকোৰা চৰাই দেখাতো সৌভাগ্যৰ কথা। দ্ৰুত আধুনিকীকৰণ, বনাঞ্চল হ্ৰাস, প্ৰদুষণ, আশ্ৰয় অঞ্চলৰ অভাৱ আদি অনান্য কাৰকৰ বাবে টোকোৰা চৰাই ৰহস্যজনক ভাৱে কমি গ’ল মানুহৰ মাজৰ পৰা। অৱশ্যে কাজিৰঙাৰ দাঁতিকাষৰীয়া গ্ৰামাঞ্চল, নৈ-বিলৰ কাষৰীয়া অঞ্চলত টোকোৰা চৰাই এতিয়াও সহজ দৃষ্ট। প্ৰকৃতিৰ কোলাত নিৰ্বিঘ্নে জীয়াই থাকক এই সুনিপুণ খনিকৰ টোকোৰা চৰাইটি। তাৰেই কামনা কৰিলো…ধন্যবাদ 🙏🙏










Tell us about your thoughtsWrite message