সেইদিনা আছিল বসন্তৰ এটি মদিৰ আবেলি। কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ দাঁতিকাষৰীয়া অঞ্চলত এভূমুকি মৰাৰ উদ্দেশ্যে ওলাই গৈছিলো আমি তিনি সতীৰ্থ (ড০ হৰি প্ৰসাদ নাথ, ৰঞ্জিত তামূলী আৰু মই)। নিৰ্জন মথাউৰিৰ ওপৰেদি অলপদূৰ আগবাঢ়িলো। অদূৰত চকুত পৰিল কাজিৰঙাৰ চহলা বিলৰ জলৰাশি। নানা দেশী বিদেশী চৰাইৰ বিচৰণ ভূমি এই বিলখন। শীতৰ আৰম্ভণিতেই পৰিভ্ৰমী পক্ষীৰ আগমনে চহলা বিলত সৃষ্টি কৰে এক নান্দনিক পৰিৱেশ। অগৰাতলি বনাঞ্চলৰ এই বিলখন পৰ্যটকৰ বাবে হৈ পৰে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু ৷ সেইদিনা অৱশ্যে চৰাই কম আছিল। কেমেৰাৰ লেন্সত ধৰা পৰিছিল গ্ৰেইট ইগ্ৰেইট, মণিয়ৰি, শৰালিৰ জাক ইত্যাদি ইত্যাদি। বিলখনৰ সিপাৰে থকা বিস্তীৰ্ণ সেউজীয়া তৃণ ভূমিয়ে চুইছেগৈ কাজিৰঙাৰ ঘন জংঘল। দূৰৈত কেইবাটাও গড় আৰু মোহ একেলগে ঘাহঁ খাই আছিল এই সেউজ পৰিৱেশত।
কাজিৰঙাত তেতিয়া আছিল বসন্তৰ হিল্লোল। এজাৰৰ বেঙুণীয়া ৰঙে কাজিৰঙালৈ অহা পৰ্যটকৰ মন আকৃষ্ট কৰিছিল। আমি অৱশ্যে সময়ৰ অভাৱত কাজিৰঙাৰ ভিতৰলৈ যোৱা নাছিলো।
উভতিবৰ পৰত সতীৰ্থ ড০ নাথৰ হঠাৎ চকুত পৰিল এটি কনমাণি সেউজ পক্ষী। নিচেই কাষৰ বৈদ্যুতিক তাঁৰত বহি আছে। ডাঙৰ ডাঙৰ চকু মেলি আমাৰ পিনে চালে। মই ৰৈ নাথাকি খৰখেদাকৈ কেইবাখনো ফটো ল’লো। খুবেই আনন্দিত হ’লো চৰাইটিৰ উপস্থিতিত! কিয়নো বহুদিন ধৰি এই চৰাইটিক বিচাৰি ফুৰিছিলোঁ। অলপ সময়ৰ পিছত আৰু দুটিমান আহিল। কেইবাটাও মিলি ট্রিউ-ট্রিউ-ট্রিউকৈ কোলাহল কৰি ইটোৱে সিটোক খেদি উৰি গ’ল। ইহঁতৰ গতিবিধিবোৰ চঞ্চল। এইবিধ “মৌখোৱা” চৰাই। অঞ্চল ভেদে ইয়াৰ নামো ভিন্ন। কোনো ঠাইত এই চৰাইবিধক “জিঞাঁখাটী” বুলিও কয়। ইংৰাজীত কোৱা হয় “Green Bee-eater”।
এই আটক ধুনীয়া বৰ্ণিল চৰাইটি সৃষ্টি কৰ্তাৰ অনুপম সৃষ্টি। গোটেই গাটোতে আছে ভিন্ন ৰঙৰ সমাহাৰ। দেহৰ বৰণ মূলতঃ সেউজীয়া৷ মূৰৰ অংশ পাতল মুগা-হালধীয়া। সামান্য ধেনুভিৰীয়া ঠোঁটটো ক’লা। চকুজুৰিত আছে কাজল ক’লা চেলাউৰি। সুন্দৰ ৰঙচুৱা বলয় আছে চকুৰ মণিত। গলা ঈষৎ নীলা। নেকলেচৰ দৰে ডিঙিত আছে কৃষ্ণ বৰ্ণৰ গলমণি। নেজ নীলা।
এই পক্ষী মূলতঃ এক নিপুণ চিকাৰী। বৃহত গোটত থকা মৌমাখিকো কেৰেপ নকৰে এই চিকাৰীয়ে। বতাহতে ধৰে মৌমাখি। গছৰ ডালত থেকেচি আছাৰী খায়। কেতিয়াবা আকৌ শস্যৰ পথাৰতো ইহঁতক দেখা যায়। পোক-পতংগ খাই কৃষকক সহায় কৰে। ইহঁতক কৃষকৰ ব্ন্ধু বুলিবও পাৰি। ইহঁতৰ খাদ্য তালিকাত আছে মৌমাখি, মাখি, জিঞাঁ, বিছা, পলু, পখিলা ইত্যাদি।
মৌখোৱা চৰাই বুলিলেই মনলৈ উভতি আহে ল’ৰালিৰ কিছুমান ভাল লগা দিন। এবাৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত লগৰীয়াৰ লগত ঝাউবনৰ মাজে মাজে দৌৰ দৌৰি গৈ গৈ মাটি-মৌৰ বাহ বিচাৰি বিচাৰি পাইছিলোগৈ ব্ৰহ্মপুত্ৰৰ মূল সুঁতি। ৰ’দত চিকমিকাইছিল লুইতৰ বালি। মাজে মাজে একো একোটা ধুনীয়া শামুকৰ খোলা। লিৰিকি বিদাৰি চাইছিলোঁ। কিমান যে কৌতুহল, কিমান যে আনন্দ আছিল! পাৰৰ পলশত জিৰণি লৈ থকা সৰু সৰু কাচৰ জাকৰ দৃশ্যবোৰ উপভোগ কৰিছিলো। আমাৰ উপস্থিতিৰ উমান পাই পানীলৈ নামি গৈছিল। এই প্ৰাকৃতিক দৃশ্যবোৰে সততেই আকৰ্ষণ কৰিছিল আমাৰ কোমল মনবোৰক।
ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ ঠিয় গড়াৰ বালিচঁহীয়া মাটিত কিছুমান সৰু সৰু চুঙাৰ দৰেই গাত চকুত পৰিছিল। মনে মনে সন্তৰ্পনে চাইছিলো সেই সৰু পঁজাঘৰবোৰৰ (সুৰঙ্গবোৰ) মুখত মৌখোৱা চৰাইটিৰ ভুমুকা-ভুমুকি। তাত বসবাস কৰে এখন সমাজ। সেইয়াই মৌখোৱাৰ কলনী। তথ্য অনুসৰি সুৰঙ্গবোৰ ৬ ফুটমান দীঘল।
এই চৰাইবিধে জাক পাতি থাকে। তথ্য অনুসৰি দক্ষিণ-পূব এছিয়াত বিস্তাৰিত। এই অনিন্দ্য সুন্দৰ পক্ষীটি নিৰাপদে জীয়াই থাকক প্ৰকৃতিৰ কোলাত। তাৰেই কামনা কৰিলো। আজিলৈ ইমানতে সামৰিলো…ধন্যবাদ 🙏🙏
Tell us about your thoughtsWrite message