বসন্তৰ এটা প্ৰাতঃ স্মৃতি ….সেই দিনটো আজিও মনত পৰে । পুৱাই ওলাই গৈছিলো মৰিয়নী হৈ ধোদৰ আলিয়েদি । পুৱাৰ নিৰৱতা, মসৃণ পকী ৰাস্তা, কাষৰ চাহ বাগিছাৰ সেউজৰ মাজত থিয় দি থকা অলেখ এজাৰ …”দেখা নাই, আগে এনে ছবি দেখা নাই …”… কিবা এক অবুজ আবেগত জয়ন্ত হাজৰিকাৰ এই গীতটি মনলৈ আহিছিল । ফুলেৰে ভৰি থকা শাৰি শাৰি এজাৰ, সেউজীয়া ঘাহনিত বেঙুনীয়া দলিচা দেখি অনুভৱ কৰিছিলো প্ৰকৃতিৰ মহৎ ঐক্যতান । গিবনৰ কাষে কাষে আগুয়াই গৈছিলো । নীৰৱ, নিতাল, সমাহিত পৰিৱেশ । গহন অৰণ্যৰ পৰা ভাহি আহিছিল মাথো কেতেকীৰ মাত । পকা ৰাস্তাৰ পৰাই চাইছিলো গিবনৰ বসন্ত । কোনো চিত্ৰকাৰে যেন তুলিকাৰে অৰণ্যত বেঙুনীয়া ৰং সিচি দিলে । অনুভৱ হৈছিল অৰণ্যৰ প্ৰেম …




Tell us about your thoughtsWrite message