প্ৰাত্যহিক ব্যস্ততাৰ পৰা কিছু নিলগ হৈ এটা দিন কেৱল প্ৰকৃতিৰ লগত নিজকে বিলীন কৰিলে স্তব্ধ পৰাণ জুৰ পৰে। কিছু নতুন কথা শিকা যায় বা নতুন অভিজ্ঞতাও আহৰণ কৰা হয়। এনে এক উদেশ্য মনত ৰাখিয়েই পুৱাতেই সপৰিয়ালে ওলাই গৈছিলো যোৰহাটৰ নিমাতীৰ ফালে। সেই দিনা আছিল ৰবিবাৰ। বহাগৰ এটি নিমজ পুৱা। শীতল ভাৱ এটাই চুই আছিল। বাট পথত মানুহৰ সংখ্যা নগন্য।
আমি গৈ গৈ ৰাস্তাৰ কাষৰ এখন বিস্তীৰ্ণ পথাৰত চকু থৈছিলো। হঠাৎ নাতিদূৰৈত সেউজীয়া ঘাঁহ-বনৰ মাজত কেইটিমান বগ সদৃশ অলপ ডাঙৰ চৰাই আপোন মনে দলবদ্ধ হৈ চৰি থকা দেখা পালো। শুভ্ৰ বগা। কেমেৰাৰ লেন্সত ফ’কাচ কৰি চালো। সিহঁতৰ কৃষ্ণ বৰ্ণৰ দীঘল দীঘল ডিঙিবোৰ স্পষ্টকৈ দেখা পালো। দেখাত বগৰ দৰেই। ক’লা ঠোঁটটো কাচি খনৰ দৰে ধেনুভিৰীয়া। আকাৰত শামুকভঙা চৰাইটিৰ সমান।
এই চৰাইবিধ কাজিৰঙাৰ দেওপানী বনাঞ্চলৰ নিৰীক্ষণ কেন্দ্ৰৰ পৰা দূৰবীণৰ সহায়ত প্ৰথমবাৰৰ বাবে দেখা পাইছিলো; বহু দুৰৈত। কি সৌভাগ্য! এতিয়া কিন্তু নিমাতীৰ কাষৰীয়া পথাৰ এখনতেই দেখা পালো। এই চৰাইবিধক ইংৰাজীত কোৱা হয় “Black headed Ibis”। অসমীয়াত “বগা আকোঁহী বগ” বুলি কয়। তথ্য অনুসৰি এই চৰাইবিধ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত বিস্তাৰিত।
দলৱদ্ধ চৰাই কেইটিৰ সন্তৰ্পনে কেইখনমান ফটো ল’লো। অলপ সময়ৰ পিছতেই গোটেই জাকটোৱে ডেউকা কোবাই কোবাই উৰি গ’ল। উৰি যাওঁতে ডিঙি সামান্য তললৈ আৰু ঠেং দুখন দীঘলকৈ পিছলৈ ৰাখে। পুৱাৰ ৰ’দত চিকমিকাইছিল সিহঁতৰ ধেনুভিৰীয়া ক’লা ঠোঁটবোৰ। সেই অপৰূপ দৃশ্য কেমেৰাত সাঁচি থ’লো। এটাৰ পিছত এটাকৈ শৰ এপাতৰ দৰে অগ্ৰসৰ হ’ল। অলপ দূৰ গৈ আকাশতে চক্ৰাকাৰে ঘুৰিলে আৰু নিলগৰ পথাৰ এখনত পৰিলগৈ। মই জাকটোক নিৰীক্ষণ কৰাৰ লক্ষ্যৰে চৰলাবিলৰ কাষৰ বৰ আলিয়েদি অগ্ৰসৰ হ’লো। এইবাৰ দূৰৈৰ পথাৰত চৰাইৰ জাকটোক পুনৰ দেখা পালো। কেমেৰাৰ ঝুম লেন্সত চাই নিশ্চিত হ’লো হয় এইজাক ‘black headed ibis’।
নিমাওমাও পৰিৱেশ। পথচোৱাত মানুহৰ সংখ্যা তেনেই কম। অৱশ্যে বিলখনত দুই এজন মাছ মৰিয়াই টুলুঙা নাৱত মাছ ধৰি আছে। মৎস্য শিল্প এই অঞ্চলত বহু পুৰণি। বাটৰ দুয়ো কাষে কেৱল জলাহভূমি।
গৈ গৈ এইবাৰ পটিয়া চৰলাবিল পালোগৈ। খুবেই লাহে লাহে গাড়ী চলাইছিলো যাতে চৰাইয়ে মোৰ উপস্থিতিত অসুবিধা নাপায়। এইবাৰ কিন্ত্ত মোৰ ভাগ্য অতি ভাল!
হঠাৎ চকুত পৰিল যাত্ৰাপথৰ নিচেই কাষতেই আপোন মনে চৰি আছে এটি আইবিছ। মানে “black headed ibis”। ইমান ওচৰৰ পৰাই দেখি গাড়ী লাহেকৈ ৰাখিলো অতি সন্তৰ্পণে। চৰাইটিৰ বিভিন্ন ভংগীমাত কেইবাখনিও ফটো তুলিলো। চৰাইটিয়ে মোৰ উপস্থিতিক গুৰুত্ব দিয়া নাই। অতি ব্যস্ত হৈ আছিল খাদ্যৰ সন্ধানত।
ইহঁতে অগভীৰ পানীত ঠোঁট ডুবাই ডুবাই খাদ্য বিচাৰি খায়। মূলতঃ জলজ উদ্ভিদ, পোক পতংগ আৰু শামুক ইহঁতৰ খাদ্য।
চাল চলনত অভিজাত এই পৰিভ্ৰমী আলহীৰ আগমন হয় শীতৰ আৰম্ভণিতেই অসমৰ নদীপৰিয়া অঞ্চল, বিল, জলাহভূমি, প্লাৱিত তৃণভূমি আদিলৈ। যোৰহাটৰ চৰলাবিল, কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ চহলাবিল, গুৱাহাটীৰ দীপৰ বিল, তিনিচুকীয়াৰ মাগুৰী বিল আদিত সৃষ্টি হয় নান্দনিক পৰিৱেশৰ। পক্ষীৰ কিচিৰ-মিছিৰ শব্দই পৰিৱেশ মুখৰিত কৰি তোলে। পৰিভ্রমী পক্ষীৰ অন্যতম এই আইবিছ বা বগা আকোঁহী বগ। অসমত ক’লা আকোঁহী বগ সহজদৃষ্ট। কিন্ত্ত বগা আকোঁহী বগ পৰিভ্ৰমী হোৱা হেতু শীত কালত বেছিকৈ দেখা পোৱা যায়। কেই মাহ মান আমাৰ অতিথি হৈ এই আলহী পুনৰ গুচি যায় শুভ্ৰ ডেউকাত সপোন ৰহণ সানি দূৰ দিগন্তলৈ। হয়তো কোনো নীল সাগৰৰ পাৰলৈ। আজিলৈ ইমানতে সামৰিলো…ধন্যবাদ 🙏🙏






Tell us about your thoughtsWrite message