পবিত্ৰ ঈদৰ দিনা আছিল চৰকাৰী বন্ধ। সেয়ে অলপ প্ৰাকৃতিক পৰিৱেশৰ সান্নিদ্ধ্য পোৱাৰ লক্ষ্যৰে ওলাই গৈছিলো পক্ষী তীৰ্থ চৰলাবিললৈ। উদ্দেশ্য আছিল নতুন পক্ষীৰ দৰ্শন। সেই অঞ্চলৰ স্নিগ্ধ শ্যামল শোভা আৰু সুবিশাল চৰলাবিলৰ জলৰাশিৰ নৈসৰ্গিক সৌন্দৰ্যই সদায়েই হাতবাউলি মাতে। চালে চকু জুৰাই। কেউপিনে এক নিবিড় সেউজ পৰিৱেশ। এক প্ৰশান্তিৰ ভাব বিৰাজমান। নাই কোনো হাই-উৰুমি। ঐতিহ্যমণ্ডিত বৰ আলিৰ দুকাষে গছ আছে। প্ৰকাণ্ড প্ৰকাণ্ড শিমলুৰ শাৰী। কেইবাদিনো হোৱা বৰষুণে গছবোৰ সজাল কৰি তুলিলে। এতিয়া অৱশ্যে বতৰ ফৰকাল। ৰ’দত তিৰবিৰাই থকা বিলখনৰ পানীৰ ঢৌবোৰ চাই বহু সময় কটালো।
এনেতে পৰিবাৰে নীৰৱে অলপ দুৰলৈ আঙুলিয়াই দিলে। দেখিলো এটি ঢেঁৰা (বা ভেলা, ইংৰাজী: Spot-billed Pelican) চৰায়ে চক্ৰাকাৰে ঘূৰি ঘূৰি বিলত নামিবলৈ প্ৰয়াস কৰিছে; সুচল ঠাই বিচাৰিছে। অৱশেষত বৰ আলিৰ কাষৰ পানীতে পৰিলহি আৰু সাঁতুৰিবলৈ ধৰিলে নিৱিষ্টচিত্তে। পলম নকৰি কেমেৰাৰ লেন্সত চৰাইটিক ফ’কাচ কৰিলো। তাৰ শেঁতা হালধীয়া বলয়ৰে আবৃত চকু যুৰিত আছিল বন্য ঔৎসুক্য আৰু উজ্জ্বলতা। মুগা বৰণৰ পাখিত আছিল ৰ’দৰ তিৰবিৰণি। নেজ মটীয়া বৰণৰ। কেইবাখনিও ফটো কেমেৰাত আৱদ্ধ কৰিলো। পেলিকান চৰাইটি আমাৰ উপস্থিতিৰ প্ৰতি অৱশ্যে নিৰ্বিকাৰ আছিল। সাতোৰাৰ ভংগীটোও আছিল ৰাজকীয়। অলপ সময়ৰ পিছত মাজ পানীলৈ সাঁতুৰি আতৰি গ’ল গজেন্দ্ৰগমনে। বহু সময় সেই দৃশ্য দৰ্শকৰ দৰে উপভোগ কৰিলো।
জনতথ্য মতে চৰলাবিলত পেলিকানৰ উপস্থিতিৰ উমান আগতেও পাইছিলো। স্বচক্ষে দেখি বিশ্বাস হ’ল। এই চৰাইবিধে স্থানীয়ভাৱে প্ৰব্ৰজন কৰে। অৱশ্যে ই পৰিভ্ৰমণকাৰী চৰাই নহয়।
পেলিকান প্ৰথমবাৰৰ বাবে দেখা পাইছিলো কাজিৰঙা অভয়াৰণ্যৰ ডেওপানী বনাঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ বিলখনত। সেইয়া আছিল শীতৰ এটি ৰ’দ কোমল পুৱা। সেই দৃশ্যও আছিল নান্দনিক। গুৰু গম্ভীৰ ভাবে জল বিহাৰত ৰত পেলিকানৰ যুগলবন্দী চকুত পৰিছিল। বিশাল জোঙা গুলপীয়া বৰণৰ ঠোঁট আৰু মূৰটো পানীত বুৰ মাৰি পিঠিটো উলিয়াই সাতোৰাৰ দৃশ্যও আছিল অনন্য। ঠোঁটৰ তলৰ জোলোঙাত মাছ ভৰাই লয়। বিলখনত ভিন্ন চৰাইৰ বিচৰণ। কিন্ত্ত কোনেও কাকো অসুবিধা দিয়া নাছিল। সকলোৱেই নিজ নিজ কৰ্মত ব্যস্ত। নিৰ্বিঘ্নে সাতুৰি থকা শৰালিৰ জাকটোৰ কাষেদিয়েই পাৰহৈ যোৱা বিশালকাই পেলিকান কেইটালৈ কোনো ভ্ৰুক্ষেপ নাই। কোনেও কাকো অসুবিধা দিয়া নাছিল। অলপ সময়ৰ পিছতেই এটি পেলিকান উৰি গ’লগৈ। আকৃতি আৰু উৰাৰ ধৰণ দেখি মোৰ “জুৰাছিক পাৰ্ক” নামৰ বিখ্যাত চিনেমা খনলৈ মনত পৰিল। উৰি গ’লে প্ৰাগৈতিহাসিক যুগৰ চৰাই যেন লাগে।
তথ্য অনুসৰি এই চৰাইবিধ বিস্তাৰিত হৈছে দক্ষিণ এছিয়াৰ পাকিস্তান, ভাৰতৰ পৰা ইণ্ডোনেছিয়া পৰ্যন্ত। এই চৰাইবিধক দেখা যায় বৃহৎ জলাশয়ত। কেতিয়াবা কোনো নদীৰ পাৰত আৰু কেতিয়াবা কোনো নীল সাগৰৰ তীৰত। প্ৰকৃতিৰ কোলাত নিৰ্বিঘ্নে জীয়াই থাকক এই জল ৰাজ। আজিলৈ ইমানতে সামৰিলো…ধন্যবাদ 🙏🙏




Tell us about your thoughtsWrite message