জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ অসমৰ প্ৰাকৃতিক পৰিৱেশত পক্ষীকূলে উল্লেখযোগ্য স্থান অধিকাৰ কৰিছে। অসমৰ সমতল ভূমি, খাল-বিল, নদ-নদী, জলাশয় সমূহত বিচিত্ৰ ৰঙৰ ভিন্ন প্ৰজাতিৰ চৰাই চকুত পৰে। পক্ষীৰ কলৰৱত মূখৰিত হয় আমাৰ প্ৰকৃতি। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বৈচিত্ৰ্যময় প্রাকৃতিক পৰিৱেশৰ কাৰণেই পক্ষীৰ এই সমাৰোহ।
একালত অসমৰ প্ৰকৃতিৰ বিস্তৃত অঞ্চল ভিন্ন ধৰণৰ বনভূমিৰ দ্বাৰা পৰিবেষ্টিত হৈ আছিল, দৃষ্টি য’তে পৰে ত’তে থমকি ৰৈছিল। অধিক সংখ্যক পক্ষীৰ আৱাসী অঞ্চল আছিল এই সেউজ শ্যামল বনানী।
সময়ৰ আচোঁৰত পক্ষীকূলৰ বসতিস্থল সংকুচিত হোৱাৰ হেতু ইহঁত এদিন আমাৰ পৰা দূৰণিলৈ আঁতৰি গ’লগৈ – য’ত ক’তো আধুনিক যান্ত্ৰিকতাৰ সাৰি-শব্দ নাই; আছে মাথো বৃহৎ বৃহৎ বৃক্ষৰ আস্তৰণ সিহঁতৰ মূৰৰ ওপৰত ছত্ৰছায়াৰ দৰে।
বেছিভাগ পক্ষীয়েই এতিয়া গহন অৰন্যত বিচৰণ কৰে। এই চৰাই সমূহৰ মাজত আছে বন মূৰ্গী, ধনেশ, ভাটৌ, মৌখোৱা চৰাই, পৰঘূমা, মইনা, হাইঠা ইত্যাদি।
শান্তিৰ বাৰ্তা বাহক পাৰচৰাই, শান্তিৰ প্ৰতীক কপৌ চৰাই সকলোৰেই পৰিচিত। পাৰ চৰাই পৰিয়ালৰ অন্য এক সদস্য হাইঠা চৰাই। পাৰ চৰাইৰ লগত হাইঠাৰ বহুত সাদৃশ্য আছে।
অসমৰ বনাঞ্চলত সহজ দৃষ্ট হাইঠাৰ প্ৰজাতিটোৰ নাম “Yellow-footed Green pigeon” (মহাৰাষ্ট্ৰৰ ৰাজ্যিক চৰাই)। ইয়াৰ ফটোগ্ৰাফী কৰিবলৈ সক্ষম হৈছিলো ২০২৩ চনৰ এপ্ৰিল মাহত। সেইয়া আছিল এটি সেউজ স্নিগ্ধ পুৱা। পূব আকাশত তেতিয়া পোহৰৰ আভা ফুটি উঠিছিল। এজোপা সুউচ্চ আহত গছত আমাৰ চকু পৰিছিল। গছজোপাৰ ডালে ডালে এজাক হাইঠা। ওখ ওখ ডালৰ পাতৰ ওপৰত আহি পৰিছিল সূৰ্যৰ প্ৰভাতি স্পৰ্শ। চৌদিশ জলমল কৰিছিল পুৱাৰ ৰ’দত। ওখ ডালত বহি থকা হাইঠা কেইটিৰ বক্ষ নবোদিত সূৰ্যৰ সোণালী আভাৰে উদ্ভাসিত হৈছিল। অনিন্দ্য সুন্দৰ সেই দৃশ্য! দুচকুৰ মুগ্ধমণিত যেন স্মৃতি হৈ ৰ’ল সেউজ স্নিগ্ধ হাইঠা কেইটি। ৰঙা বলয়ৰে আবৃত চকুযুৰি জিলিকিছিল সুৰ্য্যৰ ৰশ্মিৰ স্পৰ্শত। মসৃণ পাখিৰে মূৰৰ অংশ অৱশ্যে ঈষৎ চাই বৰণৰ।
হাইঠা চৰাই আমাৰ ৰাজ্যৰ বিভিন্ন বনাঞ্চলত দেখা পোৱা যায়। ইহঁত সাধাৰণতে বৃক্ষজীৱি পক্ষী। মূলতঃ বনাঞ্চলৰ পক্ষী হ’লেও বৃক্ষ সমৃদ্ধ জনবসতি অঞ্চলতো হাইঠা চৰাই দেখা পোৱা যায়। সাধাৰণতে পাহাৰী চিৰ সেউজ অঞ্চলত ইহঁতক বেছিকৈ দেখা যায়।
হাইঠা ফলাহাৰী পক্ষী। ই সাধাৰণতে বিভিন্ন গছৰ ফল আৰু গুটি খায়। ফল খোৱাৰ আশাতেই হাইঠা চৰাই বিশেষকৈ বৰ গছ বা আহত গছত জাক পাতি বহেহি। লক্ষ্য এই বৃক্ষৰ সুমিষ্ট গুটিবোৰ। হাইঠাৰ বিচৰণে মূখৰিত কৰি তোলে ফল ধৰা এই বৃহৎ গছবোৰৰ পৰিৱেশ। এই গছ সমুহ ফল খোৱা চৰাইৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। চৰাই বিলাকৰ উৰণৰ সময়ত জিৰণীৰ থলী এই বিশাল গছসমূহে পক্ষীকূলৰ নিৰাপদ আশ্ৰয়স্থলৰো ভূমিকা পালন কৰে।
হাইঠা কেতিয়াবা যোৰপাতি থাকে আৰু কেতিয়াবা দলবদ্ধভাৱে বিচৰণ কৰে। ইহঁত সাধাৰণতে দিনৰ ভাগত সক্ৰিয় হৈ থাকে। সুউচ্চ ডালত বহি থকা শান্তিপ্ৰিয় যুৰীয়া হাইঠাৰ দৃশ্য অতি মনোৰম। যদি আপোনাৰ চকুত পৰিছে তেন্তে নিঃশব্দে হেপাহ পলুৱাই চাওক।
নান্দনিক সৌন্দৰ্যৰ লগতে এই চৰাইবিধে পৰিৱেশৰ ভাৰসাম্য ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। হাইঠা চৰায়ে অন্যান্য ফল-ভোজি পক্ষীৰ দৰেই উদ্ভিদৰ বীজৰ বিস্তাৰত সহায় কৰে।
লোকশ্ৰুতি মতে ‘হাইঠা মাটিত পৰিল’ বুলি এষাৰ কথা আছে। অৰ্থাৎ হাইঠা এই সুউচ্চ বিশাল গছবোৰৰ পৰা মাটিলৈ নামি অহাতো বিৰল। কিন্ত্ত ক্ৰমান্বয়ে এই বিশাল বৃক্ষৰাজি হ্ৰাস পোৱাত সিহঁতৰ আৱাসী অঞ্চল লোপ পাইছে আৰু খাদ্যৰ ভৰাল প্ৰয়োজনতকৈ কমি গৈছে। উপযুক্ত পৰিৱেশ হ্ৰাস পাইছে। বিপন্ন হৈ পৰিছে গোটেই পৰিৱেশ ব্যৱস্থাটো।
হাইঠা বা অন্য পক্ষী বাছি থাকিবৰ বাবে বনভূমিৰ বিকল্প নাই। আমাৰ প্ৰকৃতিত এই চৰাই সমূহ জীয়াই থাকিলে যেনেকৈ পৰিৱেশৰ ভাৰসাম্য অক্ষুন্ন থাকিব তেনেকৈ নান্দনিক প্ৰকৃতিৰো তৰু-লতাৰ শ্যামল শোভাই চকুলৈ স্নিগ্ধতা আনিব। আজিলৈ ইমানতে সামৰিলো…ধন্যবাদ 🙏🙏




Tell us about your thoughtsWrite message