63)#প্ৰকৃতিৰ_অলংকাৰ

#প্ৰকৃতিৰ_এক_পাকৈত_চিকাৰী_বৰঠোঁটিয়া মাছৰোকা

সভ্যতাৰ উষা লগ্নৰে পৰা মানুহৰ অন্তহীন কৌতুহল আৰু অনুসন্ধান অব্যাহত আছে মায়াসনা প্ৰকৃতিৰ অনন্ত ৰহস্যৰ প্ৰতি। যিমানেই ওচৰ চাপি আগুৱাই যোৱা যায়, সিমানেই নতুন হৈ পৰে এই প্ৰকৃতি। নিতে নতুন জ্ঞানেৰে পুষ্ট হয় মানুহৰ মন। ই এক অনন্য যাত্ৰা। যি যাত্ৰাত চিনাকি হয় প্ৰকৃতিৰ বাসিন্দাসকলৰ লগত; তেওঁলোকৰ অমাতৰ মাত কথাৰ লগত; সেউজ বনানীৰ নয়ন মুগ্ধ কৰা শ্যাম শোভাৰ লগত; আৰু যে কিমান চৰাই-চিৰিকটিৰ বিচিত্ৰ কথা! আজি এই সেউজ প্ৰকৃতিৰে অংশ এটি নীলাভ দুৰ্লভ চৰাইৰ কাহিনী ক’বলৈ প্ৰয়াস কৰিছো।
সেইয়া আছিল গ্ৰীষ্মৰ এটি পুৱা। পুৱাৰ সূৰুযৰ হিৰণ-কিৰণ জ্যোতিত চৌপাশ জলমল। গোলাঘাট জিলাৰ অন্তৰ্গত দেৰগাঁও অঞ্চলৰ জেলেহুৱা আৰু বৰুৱা গাঁৱৰ সংযোগী প্ৰায় পোন পথছোৱাৰে যাত্ৰা কৰিছিলো। যাত্ৰাপথৰ দুয়ো কাষে ভূঁই ৰুই থোৱা পানীপূৰ্ণ সেউজ পথাৰ। অৱশ্যে বতৰ আছিল ফৰকাল। আকাশৰ নীলাৰ মাজে মাজে দুই-এচোপ শুকুলা তুলা হেন মেঘৰ ছবি। পৰিৱেশটোৰ সান্নিদ্ধ্যত কিবা এটা ভাল লাগিছিল গৈ থাকোতে।
হঠাৎ চকু পৰিল বৈদ্যুতিক তাঁৰত। আনকালে নেদেখা এটি চৰাই তাঁৰত বহি আছিল। সচাঁই মোৰ সৌভাগ্য আছিল। কাৰণ এই চৰাই এতিয়া প্ৰায় দুৰ্লভ হৈছেগৈ। ইয়াৰ অবয়ব মাছৰোকাৰ দৰেই। আকাৰত অৱশ্যে ডাঙৰ (তথ্য অনুসৰি প্ৰায় 35 cm)। বহাৰ ভংগীটোও ৰাজসিক। মই ৰৈ নাথাকিলো। চৰাইটিৰ ফটো সংগ্ৰহ কৰাৰ উদ্দেশ্যে অতি সন্তৰ্পনে নিঃশব্দে দ্ৰুত হাতেৰে কেমেৰাৰ ‘ছাটাৰ’ টিপিলো। কেইবাখনিও ফটো কেমেৰাত আৱদ্ধ কৰিলো।
তাৰ দীঘল জোঙা ৰঙচুৱা ঠোঁটটো বৰ ডাঙৰ আৰু উজ্জ্বল। সেই কাৰনেই ইয়াক কোৱা হয় ‘বৰঠোঁটিয়া মাছৰোকা’। বংগ ভাষাত কোৱা হয় “মেঘহও মাছরাঙা”। ইংৰাজীত কোৱা হয় “Stork-billed kingfisher”।
চৰাইটিৰ মূৰৰ মসৃণ অংশ বাদামি বৰণৰ। পুৱাৰ ৰ’দত তিৰবিৰাইছিল। চকুত আছে ৰঙা বলয়। চকুৰ তলৰ অংশ আৰু ডিঙি শুভ্ৰ বগা। বক্ষ ঈষৎ মূগা। পিঠি সেউজ নীলা। ঠেঙৰ বৰণ ৰঙচুৱা। ৰঙৰ কি অপূৰ্ব সংমিশ্ৰণ! সৃষ্টিকৰ্ত্তাই যেন ৰং-তুলিকাৰে চকুত লগাকৈ বৰ্ণিল কৰিলে এই মৎস্য পিয়াসী মুক্ত বিহংগক।
ইহঁতৰ পাখিৰ উজ্জ্বল নীলা ৰংটোৰ অন্তৰালত আছে ইহঁতৰ পাখিৰ বিশেষ গঠন। এই বিশেষ গঠনৰ ব্যাখ্যা আগবঢ়াইছে নেন’ বিজ্ঞানে (Nano Science)। এই গঠনৰ বাবেই চৰাইটিৰ পাখিৰ পৰা পোহৰৰ উজ্জ্বল নীলা ৰশ্মিৰ অংশটো আহি আমাৰ চকুত পৰেহি।
চৰাইটিৰ মাতটো অন্য মাছোৰোকাতকৈ বেলেগ। এই মাত মোৰ শুনাৰ সৌভাগ্য হৈছিল। মোৰ উপস্থিতিৰ প্ৰতি তাৰ কোনো ভ্ৰুক্ষেপ নাছিল। নাছিল কোনো ঔৎসুক্য। অলপ সময়ৰ পিছত চৰাইটিয়ে পিছফালৰ নেজ দাঙি কেক্-কেক্-কেক্-কেক্-কেক্-কেক্ কৈ সশব্দে আৱাজ কৰিলে। শব্দটো আছিল কাৰোবাক মতাৰ দৰে। বোধহয় সংগিনীক বিচাৰিছিলে।
চৰাইটিক সাধাৰণতে দেখা যায় জলাশয়, পুখুৰী, হ্ৰদ বা নদীৰ কাষত থকা গছ-গছনিৰ ডালত বা বৈদ্যুতিক তাঁৰত বহি পানীত থকা মাছৰ সন্ধানত ধ্যানমগ্ন অৱস্থাত। ই মাছ চিকাৰ কৰাত অতি পাকৈত। মাছৰ উপৰিও ইহঁতে বেং, কেকোঁৰা আদি চিকাৰ কৰাৰ উদ্দেশ্যে নিজৰ এলেকাত তহল দি থাকে। তথ্য অনুসৰি ইহঁতৰ মূল আৱাস দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ বিভিন্ন দেশ।
এই চৰাইবিধ সাধাৰণতে চকুত নপৰে। দুৰ্লভ চৰাইটি প্ৰকৃতিত জীয়াই থাকক নিৰাপদে আৰু নিৰ্ভয়ে। তাৰেই কামনা কৰিলো। আজিলৈ ইমানতে সামৰিলো…ধন্যবাদ 🙏🙏

Tell us about your thoughtsWrite message

Your email address will not be published. Required fields are marked *

Back to Top
Back to Top
Close Zoom
Copyright © 2023. Warning-Copy of any content,images is not allowed by the owner.