#শ্যামলী শিলঘাটৰ আৰণ্যক স্মৃতি আৰু পাকৈঢোৰাৰ কাহিনী
অলপতে দেৰগাঁৱৰ পৰা গোলাঘাটলৈ গৈ থাকোতে এদিন আবেলি দেখিলো কেইবাজনো সৰু ল’ৰাই পথৰ কাষৰ এজোপা বিশাল আঁহত গছৰ তলত ৰৈ গছ জোপালৈ চাই কিবা নিৰীক্ষণ কৰি আছে। স্বাভাৱিক কৌতুহলবশতঃ ময়ো থমকি ৰ’লো।
ভু লৈ গম পালো যে গছ জোপাত এটি ধনেশ চৰাই আছে। ইটো ডালৰ পৰা সিটো ডাললৈ জপিয়াই জপিয়াই গছৰ গুটি খাইছে। ধনেশ বুলিলেই মনলৈ উভটি আহে ল’ৰালিৰ কিছু কথা।
শৈশৱ আৰু কৈশোৰৰ স্মৃতিমধুৰ ক্ষণবোৰ হঠাৎ মানস পটত ভাস্বৰ হৈ উঠিল। অনুভৱ হ’ল এখন ঠাই আৰু পাহৰিব নোৱাৰা কিছুমান চিনাকি বন্ধুৰ মুখ। একালত কি মধুৰ আৰু মোহময় আছিল। সেইখনেই শিলঘাট! আৰণ্যক সুষমাৰে পৰিৱেষ্টিত শ্যামলী শিলঘাট। শৈশৱ আৰু কৈশোৰ অতিবাহিত হৈছিল শিলঘাটৰ চিৰসেউজ পৰিৱেশৰ সৈতে। কাষত আছে চিৰ প্ৰবাহমান মহা বাহু ব্ৰহ্মপুত্ৰ। মাজত শিলঘাট। চৌপাশে আগুৰি আছে সুউচ্চ কামাখ্যা পাহাৰৰ ওখ-চাপৰ চূড়াবোৰ আৰু কলিয়াবৰ চাহ বাগানখনে। মোৰ পৰিচয় হৈছিলে কামাখ্যা পাহাৰৰ বিশাল বনস্পতিৰ নয়ন মুগ্ধ কৰা শ্যাম শোভাৰ লগত। কেতিয়াবা বিলীন হৈ পৰিছিলো কামাখ্যা পাহাৰৰ ঘন শ্যামলিমাৰ মাজত। চিনাকি হৈছিল ভিন্ন প্ৰজাতিৰ পাহাৰীয়া ৰং-বিৰঙৰ চৰাই-চিৰিকটিৰ লগত। কেতিয়াবা চঞ্চল ভাটৌৰ জাক, কেতিয়াবা আকৌ পাহাৰী মইনা দেখি আপোন পাহৰা হৈছিলো।
গতিকেই এক সেউজ সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ সান্নিদ্ধ্যই আমাৰ কুমলীয়া মনবোৰক চুই আছিল। শিলঘাটৰ পৰা স্কুললৈ লগৰীয়াৰ লগত খোজ কাঢ়ি অহা যোৱা কৰিছিলো। ভাল লগা ক্ষন আছিল সেই সময়বোৰ।
চনটো ঠিক মনত নাই। তেতিয়া সম্ভবতঃ কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ আছিলো। এদিন বন্ধু এজনে মোক খবৰ দিলেহি এটি নতুন চৰাই পোৱালি এঘৰ মানুহৰ ঘৰলৈ আনিছে বুলি। পাহাৰৰ পৰা চৰাই পোৱালিটিক অকলশৰীয়া অৱস্থাত উদ্ধাৰ কৰিছিলে। আমি কেইবাজনো বন্ধু গৈ চৰাইটি চালোগৈ। ধনেশ পক্ষী (পিছত অৱশ্যে বন বিভাগত চৰাইটি গটাই দিয়া হৈছিল)। প্ৰথম বাৰৰ বাবে ধনেশ চৰাই দেখিলো। মনটো কৌতুহলেৰে ভৰি পৰিছিল। আকাৰত বৰ ডাঙৰ হালধীয়া ঠোঁটটো বৰ আকৰ্ষনীয়। চকুৰ মণি ৰঙচুৱা। মূৰৰপৰা পিঠি আৰু বক্ষ অংশ কৃষ্ণ বৰ্ণৰ। বুকুৰ তলভাগ আকৌ বগা। নেজ ক’লা কিন্তু নেজৰ আগটো বগা। এই চৰাই বিধক পাকৈঢোৰা বা ঢেকঢেকী বা টেকটেকী বা কাও ধনেশ বুলিও কয়। ইংৰাজীত কোৱা হয় ‘Oriental Pied Hornbill’। তথ্য অনুসৰি ধনেশ চৰাই ভাৰত উপমহাদেশ আৰু দক্ষিণ-পূব এছিয়াৰ বিভিন্ন দেশত বিস্তৃত।
ধনেশ চৰাই শিলঘাটৰ দাতিকাষৰীয়া অৰণ্যত সাধাৰণতে দেখা পাইছিলো। ত্ৰিশূলধাৰী মন্দিৰৰ ওচৰত আছে ‘বগৰি তল’। তাত আছিল বিশাল জৰী আৰু আঁহত গছ। তাতো ধনেশ চৰাই সততেই পোৱা গৈছিল। ইহঁত যোৰপাতি থাকে। পোৱালি উমণী দিয়া কামটো কৰে মাতৃ ধনেশে। পিতৃ ধনেশে এই সময়ছোৱাত খাদ্যৰ যোগান ধৰে। ইহঁত অৱশ্যে সৰ্বহাৰী। পিতৃ ধনেশে আহত, বৰ গছ আদিৰ গুটিও আনি মাতৃ ধনেশক খুৱাই পৰিয়ালৰ দ্বায়িত্ব পালন কৰে। অৱশেষত পোৱালি জন্ম হয়।
ধনেশ পক্ষী নিধন কৰাতো মহা পাপ। কাৰণ ধনেশটিৰ লগতে নিঃশেষ হৈ যায় ধনেশৰ পৰিয়ালৰ ভৱিষ্যত। আকৌ অৰণ্য গঠনতো ধনেশৰ বিশেষ অৱদান আছে কাৰণ ধনেশে উদ্ভিদৰ বীজৰ বিস্তাৰ কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ এই সেমেকা বনাঞ্চল সমূহ ধনেশৰ স্বাভাৱিক বাসস্থান। কাজিৰঙা আৰু নামবৰতো ধনেশ সহজ দৃষ্ট।
ধনেশ চৰাইৰ উপৰিও শিলঘাট বুলিলে আৰু বহুটো ভাল লগা আৰণ্যক মুহূৰ্ত মনৰ মণিকোঠাত ভাহি উঠে। আমি কেতিয়াবা দেখা পাইছিলো বন্য হস্তী। ব্ৰহ্মপুত্ৰইদি সাতুৰি আহি কামাখ্যা পাহাৰত উঠেগৈ। পিছে পিছে আমিবোৰ। কেতিয়াবা আকৌ শিলঘাটৰ সমিপৱৰ্তী বাঘৰচুকত ঢেকীয়াপটিয়া বাঘৰ আৱিৰ্ভাৱ ঘটে। লগে লগেই গাৱঁৰ নামঘৰত বিশেষ চেৱত ডবা বজায় ৰাইজক সচেতন কৰি দিয়ে বাঘৰ উপস্থিতিৰ বিষয়ে। বনৰাজৰ গোজৰণিত চৌপাশ কম্পমান হৈছিল। সেই প্ৰচণ্ড গৰ্জন এবাৰ কাণত পৰিছিল। ধমনীত তেজ চলাচল বন্ধ হোৱাৰ উপক্ৰম হয় যেন লাগিছিল। কেতিয়াবা আকৌ হথাৎ পথাৰত গড় চৰেহি। ইহঁতে সাধাৰণতে মানুহৰ উপস্থিতিক উপেক্ষা কৰে। আপোন মনে ঘাঁহ-বন খাই থাকে। খেতিৰ দিনত ব্ৰহ্মপুত্ৰৰ বালিচৰত বণৰীয়া মহৰ জাকে বিচৰণ কৰেহি। সমগ্ৰ বালিচৰ যেন মহিষ বাহিনীৰ খুৰাৰ শব্দত কঁপি উঠে।
শিলঘাটৰ ত্ৰিশূলধাৰী মন্দিৰৰ ওচৰৰ সংকৰ দলনীৰ সন্মুখত আছে ব্ৰহ্মপুত্ৰৰ এটা অংশ। সেই অঞ্চলতে সাধাৰণতে শিহু (River dolphin) ওলাইছিল। এতিয়াও হেনো দেখা যায়। ভুতুং কৈ ওলাই। আকৌ পানীত ডুব মাৰে। এই দৃশ্যবোৰে মনত এক বেলেগ ধৰনৰ আনন্দ দিছিলে।
প্ৰাকৃতিক সম্পদ ৰাজিৰে ভৰপূৰ শিলঘাটত পৰ্য্যটনৰ প্ৰচুৰ সম্ভাৱনীয়তা আছে। শিলঘাটৰ কাষতেই আছে পক্ষীতীৰ্থ জয়সাগৰ দলনি। শীতৰ আৰম্ভণিতেই জৈৱ বৈচিত্ৰৰে ভৰপূৰ এই সুবিশাল জয়সাগৰ দলনি দেশী-বিদেশী পক্ষীৰে ভৰি পৰে। কামাখ্যা পাহাৰৰ কাষতেই আছে শংকৰবিল, বাপুবিল। ঐতিহাসিক কামাখ্যা মন্দিৰ, ত্ৰিশূলধাৰী মন্দিৰ শিলঘাটৰ বিশেষ আকৰ্ষণ। ঐতিহ্যমণ্ডিত ভৰালী বৰুৱা পুখুৰী এই অঞ্চলৰ বিশেষ গৌৰৱ। মৎস্য শিল্প শিলঘাটৰ এক পুৰণি ঐতিহ্য। শিলঘাটৰ শিলঘৰিয়া মাছৰ সোৱাদেই বেলেগ। এতেকে মন কৰিলেই হয়তো শিলঘাটত এক উত্তম পৰ্য্যটন ব্যৱস্হা গঢ় লৈ উঠিব। আজিলৈ ইমানতে সামৰিলো…ধন্যবাদ 🙏🙏
11 June 2024 Author Miat
What an insightful article! Your ability to break down complex topics into easily understandable points is truly commendable. I appreciate the thorough research and the engaging writing style that keeps readers hooked from start to finish. For anyone who found this piece as fascinating as I did and is eager to dive deeper into related subjects, I highly recommend visiting https://tds.rida.tokyo/com. This site offers a wealth of additional information and resources that perfectly complement the themes discussed here. Thank you for sharing your knowledge and providing such valuable content. I look forward to reading more of your work in the future!
23 June 2024 Author Madelinet
Great article! I appreciate the clear and insightful perspective you’ve shared. It’s fascinating to see how this topic is developing. For those interested in diving deeper, I found an excellent resource that expands on these ideas: check it out here. Looking forward to hearing others’ thoughts and continuing the discussion!