#শুভ্ৰ_বলাকাৰ_ডেউকাত_সপোন_ৰহণ_সনা (বৰবগ)
২০২৩ চনৰ মাৰ্চ মাহৰ এটা পুৱাৰ কথা। ঢলপুৱাতেই ওলাই গৈছিলো যোগীবিললৈ। মানুহৰ সমাগম নাছিল। নিবিড় নিৰ্জন বিলখনত আসন্ন বসন্তৰ শোভা বিৰাজ কৰিছিলে। এটি সেউজ স্নিগ্ধ পুৱাৰ সান্নিদ্ধ্যই মনলৈ আনিছিল প্ৰশান্তি।
ক্ৰমাত পূব আকাশত পোহৰৰ আভা ফুটি উঠিল। বিলখন ইতিমধ্যেই বিবিধ চৰাইৰ জাকেৰে ভৰি পৰিছিল। পক্ষীৰ কলৰৱত মুখৰিত দশোদিশ। প্ৰাণ চঞ্চল বিলখনৰ আটাইকেইটা পাৰ শৰালিৰ জাকেৰে ঢাক খাই আছিল। আমি যিফালে আগুৱাই গৈছিলো সেইফালে এজাক উত্ৰাৱল চৰাই জাকিমাৰি আকাশলৈ উৰা মাৰিছিল। কিছুমানে ঠেও ধৰি চক্ৰাকাৰে ঘূৰি ঘূৰি পূনৰ বিলখনৰ চৌপাশে সিঁচৰিত হৈ পৰিল আৰু কিছুমান গৈ আঁতৰৰ বিশাল বৰ গছজোপাত বহিলগৈ। সিহঁতৰ কল-কোঢ়ালত গোটেই বিলখন মুখৰ হৈ পৰিল। চৰাই বিলাকৰ চিঞৰ-বাখৰ খেলা-ধূলা দেখিলে মন ৰোমাঞ্চিত হয়। কি এক প্ৰফুল্ল সজীৱতা!
আমি গৈ গৈ বিলখনৰ মাজৰ সেউজীয়া ঘাঁহনি এখনত উঠিলোগৈ। অলপ অচৰপ পুৱাৰ নিয়ৰ কণা তেতিয়াও লাগি আছিল ঘাহঁনিত। এটা বগলী উৰি আহি সমুখৰ ঘাহঁনিত পৰিলেহি। সাধাৰণতে দেখা বগলীতকৈ ই আকৃতিত ডাঙৰ। ইয়াক কোৱা হয় বৰবগ বা গ্রেট ইগ্রেট (great egret)। গোটেই গাটো বগা। শুভ্ৰ বগা। সুন্দৰ দেখনিয়াৰ চেহেৰা। বিলখনৰ পাৰে পাৰে ব্যস্তভাৱে ঘাহঁনিত মসৃণ ক’লা ঠেং দুখনিৰে এদেও দুদেওকৈ বেঙা মেলি মেলি তহল দিলে। সি গতি বিধিত আছিল সজীৱ, সন্ত্ৰষ্ট আৰু সতৰ্ক। চকু আছিল বিলখনৰ পানীত। অলপ সময়ৰ পিছত সি সন্তৰ্পনে অগভীৰ পানীলৈ নামি গ’ল। সম্ভৱতঃ মৎস্য বা ভেকুলী, সৰীসৃপ, পোক-পতংগ আদিৰ সন্ধানত। চিকাৰৰ বাবেই বহু সময় লৰচৰ নকৰাকৈ চোপ লৈ থাকিল। যেন এখন স্থিৰ চিত্ৰহে।
চৰাইটি ৰূপত অনন্য। চকুৰ মণিত আছে উজ্জ্বল হালধীয়া বলয়। পুৱাৰ ৰ’দত চিকমিকাইছিল। ঠোঁট আৰু চকুযুৰিৰ মাজত আছে পাখি নথকা এটা অংশ। ঈষৎ নীলা। অপুৰ্ব সুন্দৰ! বসন্ত কালছোৱা প্ৰকৃতিৰ বিধানত বহু চৰাই-চিৰিকটিৰ প্ৰজননৰ সময়। হয়তো সেয়েই এই নীলাভ মাধুৰ্য্য। কি প্ৰকৃতিৰ সৃষ্টিধৰ্মিতা! তথ্য অনুসৰি এই চৰাই আংশিক ভাৱে পৰিভ্ৰমণকাৰী৷ শীতকালত উত্তৰ গোলাৰ্ধৰ পৰা দক্ষিণলৈ প্ৰব্ৰজন কৰে৷ ইহঁতৰ এটা প্ৰজাতিৰ নাম ইস্টার্ন গ্রেট ইগ্রেট। মই দেখা বৰবগটিৰ লগত সাদৃশ্য আছে।
মই অতি সতৰ্কতাৰে চৰাইটিৰ ফটোগ্ৰাফী আৰম্ভ কৰিলো যাতে তাৰ খাদ্য অন্বেষণ ব্যাহত নহয়। তাক নিৰীক্ষণ কৰিলো। অৱশেষত সি মাছ পালে।
অলপ সময়ৰ পিছত বগটিয়ে তাৰ ধকধকীয়া বগা ডেউকা দুখন ঢপঢপাই অদূৰৰ পানীপূৰ্ণ পথাৰলৈ আঁতৰি গুচি গ’লগৈ সম্ভৱতঃ খাদ্য অন্বেষণত। ক’লা দীঘল জোঙা ঠোঁটটো আগলৈ দি ইংৰাজীৰ ‘S’ আখৰটোৰ দৰে ডিঙিটো কোচাই উৰে। ক’লা ঠেং দুখন সমান্তৰালকৈ পিছলৈ ৰাখে। কি গুৰুগম্ভীৰ উৰণ! উৰি যোৱাৰ এই মনোৰম দৃশ্য গ্ৰহন কৰিবলৈ সক্ষম হ’লো। ল’ৰালিতেই প্ৰকৃতিৰ যি সান্নিধ্য পাইছিলো, তাৰ প্ৰভাৱতে এই দৃশ্যবোৰে আজিও মন ৰোমাঞ্চিত কৰি তোলে। জুবিন গাৰ্গৰ গীতৰ ভাষাত ক’বলৈ মন যায়… “শুভ্ৰ বলাকাৰ ডেউকাত সপোন ৰহণ সনা, দূৰনিৰ সাগৰ পাৰত বাজে বাঁহী মধু সনা……।” বৰবগ প্ৰকৃতিৰ কোলাত জীয়াই থাকক নিৰাপদে আৰু নিৰ্ভয়ে। তাৰেই কামনা কৰিলো। আজিলৈ ইমানতে সামৰিলো…ধন্যবাদ 🙏🙏




Tell us about your thoughtsWrite message