শৈশৱৰ কিছুমান পাহৰিব নোৱাৰা কাহিনীয়ে এতিয়াও মনটো আৱেগ বিহ্বল কৰি তোলে। সেই শৈশৱৰে মোৰ এক বিশেষ বন্ধুৰ কথা ক’বলৈ গৈছো। তাৰ লগত ল’ৰালিৰ বহু স্মৃতিমধুৰ ক্ষণ জড়িত হৈ আছে। তাৰ নাম আছিল মিঠু। কি এটা মৰম সনা নাম! তাক এই নামটো দিছিলে মায়ে মৰমতে। মই, ভন্তি আৰু ভাইটি স্কুলৰ পৰা অহাৰ পিছত আমি তাৰ লগত খেলিছিলো। আমাৰ চুবুৰীয়া ককাই এজনে শিলঘাটৰ কাষৰ পাহাৰত খৰি লুৰিবলৈ যাওঁতে তাক শিশু অৱস্থাত অকলশৰীয়াকৈ পাইছিলে। সেয়েই তাক আনি মোৰ হাতত গতাই দিলেহি। সি আছিল অতি নিষ্পাপ। শিশু অৱস্থাত সকলো প্ৰাণীকেই অৱশ্যে স্বৰ্গীয় যেন লাগে। মিঠুও ব্যতিক্ৰম নাছিল। দ্ৰপাৰ দি যেতিয়া তাক তাৰ আহাৰ খুৱাই দিও সি কলপ কলপকৈ খায়। কি বকাসুৰৰ ভোক আছিল! কেতিয়াবা খাই বৈ সন্তুষ্টচিত্তে টোপনি যাওঁতে সৰি পৰে তাৰ অকনমাণি সজাটোৰ ভিতৰতে। আমি আকৌ উঠাই দিও। এনেকৈয়েই মিঠু ডাঙৰ হ’ল। এদিন সি হৈ পৰিল এটি পূৰ্ণ বয়স্ক ভাটৌ চৰাই। সি অলপ অচৰপ কথা কয়। মোক মাতে নাম ধৰি। মাকো মাতে “মা” বুলি। কেতিয়াবা মই তাক জোকাও। তেতিয়া সি মোলৈ তাৰ ডাঙৰ চকু যুৰি মেলি পোন্দোৰাকৈ চায়। পাখিবোৰ ফুলাই দিয়ে। যেন তাক কিবা জগৰহে লগালো। তাৰ বুকুখন আছিল ৰঙচুৱা। সেয়েই ইংৰাজীত এইবিধ ভাটৌৰ নাম “red-breasted parakeet”। ইহঁতৰ ঠোঁটৰ তলৰ পৰা গলালৈকে ডাৰিৰ দৰে ক’লা ডাগ থকা বাবে “গলপোৰা ভাটৌ” (Moustache parakeet) বুলিও কোৱা হয়। মূৰৰ অংশ অৱশ্যে অলপ ধোৱা বৰণৰ। পাহাৰিয়া অঞ্চলত এইবিধ ভাটৌ সহজদৃষ্ট। তথ্য অনুসৰি ইহঁত দক্ষিণ-পূব এছিয়াত বিস্তৃত।
সৰুতে আজৰি সময়ত শিলঘাটৰ অলিয়ে গলিয়ে লগৰীয়াৰ লগত ঘুৰি ফুৰাটো আছিল আমাৰ চখ্। কাষৰ কামাখ্যা পাহাৰৰ স্নিগ্ধ শ্যামল শোভাই আমাৰ মনবোৰ চুই আছিল। কেতিয়াবা দুপৰীয়াৰ আকাশ খন্তেকলৈ সেউজীয়া কৰি উৰি যোৱা উত্ৰাৱল ভাটৌৰ জাকে মনত এক অজান শিহৰণ তুলিছিল। মনত ভাব হৈছিল আমাৰ অলক্ষিতেই প্ৰকৃতিখন যে কিমান চিত্ৰ-বিচিত্ৰ!
গ্ৰীস্মৰ বন্ধত শিলঘাটৰ পৰা ফেৰীৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ শোণিতপুৰ জিলাৰ ঢলাইবিল অঞ্চলত থকা ডাঙৰজন খুৰাদেউৰ ঘৰলৈ কেইবাদিনো থকাকৈ যাও। এবাৰ খুৰাদেউৰ ঘৰৰ ওচৰৰে আমাতকৈ বয়সত অলপ ডাঙৰ ল’ৰা এজনে এটি ভাটৌ চৰাই এয়াৰগানেৰে পাখিত গুলীবিদ্ধ কৰিলে। বৰ বেয়া লাগিছিল। ঈশ্বৰৰ কৃপাত সেই ঠাইত আমি কেইজনমান উপস্থিত হ’লোগৈ আৰু বহু যত্ন লোৱাৰ পিছত ভাটৌ চৰাইটি সুস্থ হ’ল যদিও সি উৰিব নোৱৰা হ’ল। মইয়েই তাৰ দ্বায়িত্ব ল’লো। তেজপুৰৰ পৰা অনা বাবেই মায়ে মৰমতে আমাৰ নতুন সদস্যৰ নাম ৰাখিলে তেজু। তাৰ বৰণ আছিল আগলি কলাপাতৰ দৰেই সেউজীয়া। ডিঙিত আছিল ক’লা মণি। সেয়েই হয়তো নাম পালে “গলমণিকা”। ইংৰাজীত কোৱা হয় “ring-neckd parakeet”। ইহঁতৰ ঠোঁট ৰঙা। এই থলুৱা ভাটৌবিধ য’তে ত’তে দেখা পোৱা যায়। ইহঁতক “টিয়া ভাটৌ” বুলিও কোৱা হয়। ভাৰতবৰ্ষত ইহঁত বিস্তাৰিত।
অন্য এবিধ ভাটৌ সৰুতেই আমাৰ গাঁও অঞ্চলত দেখা পাইছিলো। দ্ৰুত আধুনিকীকৰণৰ লগে লগেই ইহঁতক এতিয়া কেৱল অৰণ্যতহে দেখা পোৱা যায়। ইহঁতৰ মূৰটো বৰ ডাঙৰ আৰু মাতটোও গহীন। নাম ৰাজ ভাটৌ বা ভোলা ভাটৌ (Alexandrine parakeet)। কাজিৰঙাত এইবিধ ভাটৌ সহজদৃষ্ট।
পৃথিৱীত অৱশ্যে অনেক ভাটৌৰ প্ৰজাতি আছে। সচৰাচৰ এই তিনিবিধ ভাটৌ সহজদৃষ্ট। সেউজ প্ৰকৃতিৰ এই সেউজ অলংকাৰ জীয়াই থাকক নিৰাপদে আৰু নিৰ্ভয়ে আমাৰ মাজত। তাৰেই কামনা কৰিলো। আজিলৈ ইমানতে সামৰিলো…ধন্যবাদ 🙏🙏
Back to
Top
Tell us about your thoughtsWrite message