দৈনিক জীৱনৰ ত্বৰান্বিত কৰ্মব্যস্ততাৰ বাবেই আমি আমাৰ চৌপাশৰ পৃথিৱীখনৰ কিছুমান কথা নজনাকৈ থাকি যাও। কিন্ত্ত আমাৰ অলক্ষিতেই আমাৰ চৌপাশে আছে আদিম কালৰে পৰাই চিৰপ্ৰৱাহমান এখন জগতৰ দৈনিক পৰিক্ৰমা। আমাৰ ব্যস্ততাৰ মাজত পোৱা সময়ৰ সুৰুঙা বিলাকত এই বৰ্ণিল জগতৰ সান্নিদ্ধ্যলৈ আহিলে জীৱন নিশ্চয় অৰ্থপূৰ্ণ হৈ পৰিব। কেতিয়াবা শাওনৰ সেউজ পথাৰৰ মাজে মাজে গৈ থাকোঁতে পথাৰত ঢৌ খেলি অহা ৰিব্ ৰিব্ বতাহ জাকৰ মৃদু-মধুৰ পৰশত আপোনাৰ দেহ-মন নিশ্চয় পুলকিত হৈছে। সেই ঢৌৱাই থকা শ্যামলী পথাৰৰ শ্যাম শোভাই আমাৰ মনো সেউজ কৰি তোলে। সেই বিস্তীৰ্ণ শ্যামলিমাৰ আনন্দত উত্ৰাৱল চৰাইৰ জাকি মাৰি উৰাৰ মনপৰশা দৃশ্যই আপোনাৰো মন নিশ্চয় ৰোমাঞ্চিত কৰিছে।
এনে এটি কনমানি বিহংগৰ কথাই ক’বলৈ গৈছো যাৰ নাম “টুনি”। ইংৰাজীত কোৱা হয় “munia”। আকাৰত ঘৰচিৰিকাৰ সমান। কনমানি হ’লেও সকলোৰে মন ভুলাই এই টুনিয়ে, আনন্দ দিয়ে। সাধাৰণতে মুকলি তথা সেমেকা ঘাঁহ-বন আৰু বনাঞ্চলত টুনিয়ে বিচৰণ কৰে। কেতিয়াবা দলবদ্ধ ভাৱে আৰু কেতিয়াবা যোৰপাতি বিচৰণ কৰে।
অসমত দুটা প্ৰজাতিৰ টুনি চৰাই দেখা পাইছো। ফুটুকী টুনি (spotted munia) আৰু বগা পেটৰ টুনি (white-rumped munia) সহজদৃষ্ট।
ফুটুকী টুনিৰ মূৰৰ পৰা নেজলৈকে মটিয়া। গলাও গাঢ় মটিয়া। বুকুৰ পৰা পেটলৈকে ফুটুকী। পুৰুষ ও স্ত্ৰী চৰাই দেখাত একেই। ইহঁতে সাধাৰণতে গছৰ ফেৰেঙনিত বা কেতিয়াবা ঘৰৰ মুধচত বাহ সাজে ঘাঁহ বনেৰে। বগা পেটৰ টুনিৰ পেটৰ অংশ বগা।
টুনি চৰাইৰ সম্পৰ্কত অসমীয়াত এটা ফকৰা যোজনা আছে। “ধান পকে মানে টুনিৰ মৰণ”। শস্যৰ পথাৰলৈ টুনিৰ আগমন হয় গেঁৰ ধৰা ধানৰ ঠোকবোৰে গাখীৰতী অৱস্থা পোৱাৰ সময়ত। এই অৱস্থাত গুটি ধৰা কোমল ধান টুনিয়ে খাইহি। ধান পকাৰ লগে লগেই টুনিৰ খাদ্যৰ অভাৱ হয়।
আহুধান টুনিৰ প্ৰিয়। ইহঁতৰ প্ৰজনন কাল আৰম্ভ হোৱাৰ সময়তেই আহুধানৰ গাখীৰতী হোৱা পথাৰখন সঁজাল হৈ পৰে। কিন্ত্ত আজিকালি আহুধানৰ খেতি হ্ৰাস পালে। গতিকেই টুনি চৰাইৰ খেতিৰ পথাৰত উপস্থিতিও সেৰেঙা হৈ পৰিল (এই তথ্যটি সংগ্ৰহৰ সহায়ক ড০ পৱিত্ৰ চুতীয়া)।
টুনি চৰাই অন্য ঘাঁহ-বনৰ ওপৰত নিৰ্ভৰশীল হ’ব লগিয়া হ’ল। সচৰাচৰ দেখা বনগুটিৰ সমান এবিধ ধানৰ দৰেই ঘাঁহৰ গুটিবোৰ কুমলীয়া অৱস্থাত টুনি চৰাইয়ে খোৱা দেখা পাইছো। খাদ্যৰ অভাৱত আমাৰ কনমানি টুনি ইতিহাস হৈ নাযাওক। নিৰ্ভয়ে জীয়াই থাকক প্ৰকৃতিৰ কোলাত। তাৰেই কামনা কৰিলো। আজিলৈ ইমানতে সামৰিলো…ধন্যবাদ 🙏🙏
Back to
Top
Tell us about your thoughtsWrite message